গুৱাহাটী, ২৮ এপ্ৰিল : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ সময়তে আজি অৰ্থাৎ বৃহস্পতিবাৰে আম আদমী পাৰ্টী চমুকৈ আপে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । পেট্ৰ’ল-ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ প্ৰতিবাদত আপে আজি ৰাজ্যজুৰি বিক্ষোভ প্ৰদৰ্শন কৰে (AAP protest against price hike) ।
গুৱাহাটী মহানগৰীতো মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ হৈ পৰে দলটো (Aam Aadmi Party protest)। দিছপুৰত আপে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে ইন্ধনকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধি ৰোধত ব্যৰ্থ হোৱা চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰে (Price rising in Assam) ।
লগতে পঢ়ক : Protest Against Price Hike: পৰ্বতসম মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত উত্তাল দীঘলীপুখুৰীৰ পাৰ
পেট্ৰ’লত লাগিছে জুই প্ৰধানমন্ত্ৰী আছে শুই, ঔষধত লাগিছে জুই প্ৰধানমন্ত্ৰী আছে শুই আদি বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদকাৰীসকলে ৰাজপথ উত্তাল কৰি তোলে । জনতা ভৱনৰ সমীপতে ৰূপায়ণ কৰা আপৰ প্ৰতিবাদী কাৰ্যসূচী নিয়ন্ত্ৰণ কৰাৰ বাবে আৰক্ষী আগবাঢ়ি অহাৰ ফলত পৰিস্থিতি উত্তপ্ত হৈ পৰে ।
আৰক্ষীৰে প্ৰতিবাদকাৰীৰ হতাহতি হয় আৰু অৱশেষত আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক আটক কৰি বাছত উঠাই লৈ যায় । প্ৰতিবাদকাৰী সকলে অভিযোগ কৰে যে, সাধাৰণ ৰাইজৰ বাবে বাছ নাই যদিও গণতান্ত্ৰিকভাৱে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰা আপৰ কৰ্মকৰ্তা সকলক উঠাই নিবলৈ বিজেপি চৰকাৰৰ ওচৰত বাছ আছে ।
গুৱাহাটীৰ লগতে ৰাজ্যৰ জিলা সদৰতো আপে মূল্যবৃদ্ধিৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে ।
লগতে পঢ়ক : নৈৰ দৰে বৈছে জনস্ৰোত : লক্ষ্যস্থান মোডীৰ জনসভা