19 মাৰ্চ, জাগীৰোডঃ বুধবাৰে একাংশ সংবাদ মাধ্যম্যক আক্ৰমণ কৰি মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিৰোদ্ধে সৰৱ হৈ পৰে আগন্তুক নিৰ্বাচনৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ ৷ নগাঁও লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰা সন্দৰ্ভত বিজেপিয়ে চালানী মাছ বুলি সমালোচনা কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰদ্যুৎ বৰদলৈয়ে ।
উল্লেখ্য যে নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে সতীৰ্থ ৰকীবুল হুছেইন আৰু ডাঃ দুৰ্লভ চমুৱাৰ স'তে জাগীৰোডৰ পৰা আনুষ্ঠানিকভাৱে নিৰ্বাচনৰ প্ৰচাৰ কাৰ্য আৰম্ভ কৰে । বিগত ২০ বছৰ কাল বিজেপিৰ দখলত থকা নগাঁও লোকসভা সমষ্টিটোত প্ৰাৰ্থী গৰাকীয়ে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বুলি একে মুখে প্ৰকাশ কৰাৰ লগতে এই প্ৰত্যাহ্বানৰ বাবে সাজু বুলি সাংবাদিকৰ আগত মন্তব্য কৰে ।