গুৱাহাটী, ৩১ অক্টোবৰ: সমগ্ৰ দেশৰ লগতে অসমতো চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্ম জয়ন্তী তথা ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ভাৰতৰত্ন চৰ্দাৰ বল্লভভাই পেটেলক শ্ৰদ্ধাৰে স্মৰণ কৰিছে ৰাজ্যবাসীয়ে। মহানগৰীত বি জে পিৰ জিলা সমিতিৰ উদ্যোগত 'একতাৰ দৌৰ' শীৰ্ষক দৌৰ আয়োজন কৰা হৈছে। গুৱাহাটী ক্লাবৰ পৰা চান্দমাৰী অভিযান্ত্ৰিক খেলপথাৰলৈ এক সমূহীয়া দৌৰৰ আয়োজন কৰা হয়।
![ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে মহানগৰীত 'একতাৰ দৌৰ'](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-ghy-801-31octo-runforunity-pic-as10003lipikadeka_31102020101712_3110f_1604119632_192.jpg)
উক্ত কাৰ্যসূচীত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, দিছপুৰ বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰাই অংশগ্ৰহণ কৰে। ১৮৭৫ চনৰ আজিৰ দিনটোতে মুম্বাই জন্মগ্ৰহণ কৰে লৌহ মানৱ গৰাকীয়ে। তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ একতাৰ বাৰ্তা বিলোৱাৰ বাবে প্ৰতি বছৰে চৰ্দাৰ বল্লভভাই পেটেলৰ ওপজা দিনটো ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হয় । উল্লেখ্য যে, এইগৰাকী মহান ব্যক্তি স্বাধীন ভাৰতৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী আছিল ।
![ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে মহানগৰীত 'একতাৰ দৌৰ'](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-ghy-801-31octo-runforunity-pic-as10003lipikadeka_31102020101712_3110f_1604119632_963.jpg)
চীন-ভাৰতৰ সময়ত আৰু যুদ্ধৰ আশংকা বিৰাজ কৰি থকাৰ সময়তো তেওঁ দেশবাসীক একত্ৰিত কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল। একতাৰে সংকটৰ মষীমূৰ কৰিবলৈ তেওঁ প্ৰেৰণা যোগাইছিল। গৃহমন্ত্ৰী হৈ থকা সময়ত সীমান্তৰ সেনাৰ কাষতো বিপদৰ সংগী হিচাপে থিয় দিছিল। জাতিৰ পিতা মহাত্মা গান্ধীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ নিজেও সমগ্ৰ দেশতে শান্তি-সম্প্ৰীতিৰ বাৰ্তা বিলাইছিল এগৰাকী সুদক্ষ ৰাজনৈতিক নেতাই । সেয়ে, লৌহ মানৱগৰাকীৰ কৰ্মৰাজিক সুঁৱৰি প্ৰতি বছৰে ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন কৰা হয়।
লগতে পঢ়ক: ফ্ৰান্স ৰাষ্ট্ৰপতিৰ এক বিতৰ্কিত মন্তব্যক লৈ মুছলমান সম্প্ৰদায়ৰ প্ৰতিবাদ