ETV Bharat / state

মহানগৰীত এগৰাকী মহিলাক নৃশংসভাৱে হত্যা - নিজৰ ঘৰৰ ভিতৰতো

নিজৰ ঘৰৰ ভিতৰতো সুৰক্ষিত নহয় মহানগৰীবাসী! বশিষ্ঠৰ পিলিংকাটাত সোমবাৰে নিশা নিজ বাসগৃহতে এগৰাকী মহিলাক হানি-খুচি হত্য়া কৰে অচিনাক্ত দুৰ্বৃত্তই। মৃত মহিলাগৰাকীৰ নাম ৰীণা দাস।

মহানগৰীত এগৰাকী মহিলাক নৃশংসভাৱে হত্যা
মহানগৰীত এগৰাকী মহিলাক নৃশংসভাৱে হত্যা
author img

By

Published : Nov 10, 2020, 1:00 PM IST

গুৱাহাটী, ১৯ নৱেম্বৰ: এক নৃশংস হত্যাকাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে মহানগীৰৰ বশিষ্ঠত। অচিনাক্ত দুৰ্বৃত্তৰ হাতত প্ৰাণ গ'ল এগৰাকী মহিলাৰ। বশিষ্ঠৰ পিলিংকাটাৰ শিৱ পথত সোমবাৰে নিশা সংঘটিত হয় এই চাঞ্চল্যকৰ হত্যাকাণ্ড। শিৱ পথৰ ৭নং গৃহৰ বাসিন্দা ৰীণা দাস নামৰ মহিলাগৰাকীক নিশা নিজৰ ঘৰতে অচিনাক্ত দুৰ্বৃত্তই হানি-খুচি হত্যা কৰে। ক্ষত-বিক্ষত অৱস্থাত শৌচালয়ৰ ভিতৰত উদ্ধাৰ হয় মহিলাৰ মৃতদেহ। প্ৰায় ডেৰ বছৰ পূৰ্বে চৰকাৰী চাকৰিৰ পৰা অব্যাহতি লৈছিল ৰীণা দাসে।

মহানগৰীত এগৰাকী মহিলাক নৃশংসভাৱে হত্যা

NSSত কৰ্মৰত আছিল ৰীণা। আৰক্ষীৰ সুৰক্ষাৰে গিজগিজাই থকা মহানগৰীত এনেদৰে দুৰ্বৃত্তই ঘৰৰ ভিতৰত প্ৰৱেশ কৰি এগৰাকী মহিলাক হত্যা কৰি যোৱা ঘটনাই নিৰাপত্তা ব্যৱস্থাৰ প্ৰকৃত ছবিখন উদঙাই দিছে। সম্প্ৰতি ঘটনাস্থলীত বশিষ্ঠ আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

লগতে পঢ়ক:তিৱা ছাত্ৰ সন্থাৰ মধ্য অসম বন্ধত স্তব্ধ নগাওঁ জিলাৰ কঠীয়াতলী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.