ETV Bharat / state

Guwahati Central Jail: গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত সোমবাৰে উপস্থিত হয় ৫ জনীয়া বিধায়কৰ দল

author img

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 8:39 PM IST

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ পৰিদৰ্শন কৰি পাঁচ বিধায়কে ক’লে পৰিৱেশ সলনি হ’ল এতিয়া কাৰাগাৰৰ ৷

Guwahati Central Jail
পৰিৱেশ সলনি হ’ল এতিয়া কাৰাগাৰৰ

পৰিৱেশ সলনি হ’ল এতিয়া কাৰাগাৰৰ

গুৱাহাটী ১১ ছেপ্টেম্বৰ : গুৱাহাটী মহানগৰীৰ লখৰাত অৱস্থিত কেন্দ্ৰীয় কাৰাগাৰত সোমবাৰে উপস্থিত হয় পাঁচজনীয়া এটা বিধায়কৰ দল । DEPARTMENTALLY RELATED STANDING COMMITTEE (DRSC) ৰ অধ্যক্ষ ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ নেতৃত্বত উপস্থিত হয় প্ৰতিনিধিৰ দলটো । দলটোত আছিল বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ লগতে শিবু মিশ্ৰ, তেৰছ গোৱালা, উৎপল বৰা আৰু দিগন্ত বৰ্মনৰ উপৰিও গৃহ বিভাগৰ সচিব বিশ্বজিৎ পেগু ।

উপস্থিত হোৱা দলটোৱে কাৰাগাৰৰ ভিতৰৰ চৌহদ পৰিদর্শন কৰাৰ লগতে কয়দী-হাজতি সকলৰ লগতো মত বিনিময় কৰে । ইয়াৰ পিচতে DRSC ৰ অধ্যক্ষ তথা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয় যে পূৰ্বতকৈ যথেষ্ট ভাল অৱস্থালৈ আহিছে মহানগৰীৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰিৱেশ । শিল্পকলাৰ দিশটোতো গুৰুত্ব দিছে বিভাগে আৰু তাৰ সমান্তৰালকৈ শিল্পকলাৰ লগত জড়িত কাৰাবন্দীসকলক মজুৰি দিয়াৰ উপৰিও প্ৰস্তুত কৰা সামগ্ৰীসমূহ বিক্ৰীৰ ব্যৱস্থাও কৰা হৈছে ।

কাৰাবন্দীসকলৰ দক্ষতা বিকাশৰ ক্ষেত্ৰত কাম কৰাৰ লগতে আন্ত:গাঁথনি উন্নীতকৰণৰ ক্ষেত্ৰতো আৰু অধিক গুৰুত্ব দিয়া হ’ব বুলি বিধায়ক কলিতাই কয় । কাৰাগাৰৰ বিভিন্ন সমস্যা সন্দর্ভত বিভাগ তথা চৰকাৰক অৱগত কৰিব দলটোৱে ।

আনহাতে কেন্দ্ৰীয় কাৰাগাৰ পৰিদৰ্শন কৰি বিধায়ক দিগন্ত বৰ্মনে কয় যে অপৰাধী সকলে কাৰাগাৰত থাকি অনুতপ্ত হৈ মুকলি হোৱাৰ পিচত যাতে সমাজত ভাল কাম কৰিব পাৰে তাৰ বাবে সদায় চেষ্টা চলাই গৈছে বিভাগ তথা কৰ্তৃপক্ষই । উল্লেখ্য যে, কিছুদিন পূৰ্বে বাঘবৰ সমষ্টিৰ বিধায়ক ছেৰমাৰ আলীয়ে কেন্দ্ৰীয় কাৰাগাৰত কয়দী থকাৰ পৰিৱেশ নাই বুলি উল্লেখ কৰিছিল ।

লগতে পঢ়ক : CM's family land scam: ৰাক্ষস সুলভ মানসিকতাৰ ব্যক্তিৰ হাতত এতিয়া অসমৰ শাসনভাৰ আছে:প্ৰদেশ কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.