ETV Bharat / state

ৰে'ল পথত গাড়ী চলালে সুৰামত্ত চালকে - ভয়ংকৰ ঘটনা সংঘটিত হৈছে ।

এজন সুৰামত্ত চালকে ৰাজপথ এৰি ৰে'ল পথত চলাই নিলে বিলাসী বাহন ৷ AS-23 Z-0109 নম্বৰৰ এখন চুইফট ডিজায়াৰ বাহন ৰাজপথৰ পৰা পোনে পোনে ৰে'ল পথত নমাই দিয়ে সুৰামত্ত চালকজনে ।

a-diver-driving-on-railway-tracks
ৰেল পথত গাড়ী চলালে সুৰীমত্ত চালকে
author img

By

Published : Dec 13, 2020, 9:57 PM IST

গুৱাহাটী, 13 ডিচেম্বৰ:মহানগৰীৰ পানীখাইটিত ভয়ংকৰ ঘটনা সংঘটিত হৈছে । এজন সুৰামত্ত চালকে ৰাজপথ এৰি ৰে'ল পথত চলাই নিলে বিলাসী বাহন ৷ জানিব পৰা মতে, AS-23 Z-0109 নম্বৰৰ এখন চুইফট ডিজায়াৰ বাহন ৰাজপথৰ পৰা পোনে পোনে ৰে'ল পথত নমাই দিয়ে সুৰামত্ত চালকজনে । ইফালে সুৰামত্ত চালকজনক ষ্টেচনৰ কৰ্মচাৰীয়ে বাধা প্ৰদান কৰে যদিও তেওঁ পানীখাইটি ৰে'ল ষ্টেচনৰ কৰ্মচাৰীক প্ৰহাৰ কৰিবলৈ খেদি আহে ৷ ইয়াৰ পাচতে উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰা বুলি জানিবলৈ দিছে প্ৰত্যক্ষদৰ্শীয়ে ৷

অৱশেষত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে পানীখাইটি আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হয় ঘটনাস্থলীত ৷ ঘটনাস্থালীত উপস্থিত হৈ আৰক্ষীৰ দলটোৱে সুৰামত্ত চালকসহ গাড়ীৰ ভিতৰত সোমাই থকা তিনিজন যুৱকক পানীখাইটি আৰক্ষী চকীলৈ লৈ যায় ৷

লগতে পঢ়ক:ক’ভিড-19ত আক্ৰান্ত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি নাড্ডা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.