গুৱাহাটী, ৩০ অক্টোবৰ : মহানগৰীৰ চাৰ্ভেৰ বৰুৱা দম্পতী হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ মৃতদেহৰ অৱশিষ্ট ৷ শনিবাৰে পুৱাৰ ভাগতে খানাপাৰাৰ উৰণীয়া সেঁতুৰ সমীপতে থকা এটা জাবৰৰ দ’মৰ কাষত উদ্ধাৰ হৈছে ক্ষত-বিক্ষত এগৰাকী মহিলাৰ মৃতদেহ ৷ অতি ৰহস্যজনকভাৱে পলিথিনেৰে বান্ধি থোৱা অৱস্থাত এটা বেগৰ ভিতৰত উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ ভৰি ৷
কিন্তু বৰ্তমানেও উদ্ধাৰ হোৱা নাই মৃত মহিলাগৰাকীৰ দেহৰ ওপৰৰ অংশ । উল্লেখ্য যে, শনিবাৰে পুৱাৰ ভাগত স্থানীয় লোকে খানাপাৰাৰ উৰণীয়া সেঁতুৰ সমীপতে থকা এটা জাবৰৰ দ’মৰ কাষত দুখন কটা ভৰি প্ৰত্যক্ষ কৰে । তাৰ পাচতে অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশ ৷
প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, কোনো দুৰ্বৃত্তই এটা পলিথিন বেগেৰে মেৰিয়াই কটা ভৰিৰ ক্ষত-বিক্ষত কিছু অংশ এজোপা গছৰ কাষত পেলাই থৈ যায় ৷
এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় তীব্ৰ চাঞ্চল্য ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু উদ্ধাৰ কৰে মৃতদেহৰ ক্ষত-বিক্ষত অংশ ৷ উদ্ধাৰ হোৱা মৃতদেহটোৰ বাকী অংশৰ সন্ধানত ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷
গুৰুত্বপূৰ্ণ কথাটো হ’ল যে, যিখিনি ঠাইত ক্ষত-বিক্ষত ভৰি দুখন উদ্ধাৰ হৈছে, সেই ঠাইখিনিত ২৪ ঘণ্টাই আৰক্ষীয়ে গিজগিজাই থাকে । অতি কঠোৰ বেষ্টনীৰ পিছতো আৰক্ষীৰ চকুত ধূলি দি কোনে, কেনেকৈ কটা দুখন ভৰি পেলাই থৈ যাবলৈ সক্ষম হ’ল, সেয়া বৰ্তমানেও ৰহস্যৰ আৱৰ্তত ।
লগতে পঢ়ক : Beltala murder case : ফাদিল হ’ল ৰহস্য