নিউজ ডেস্ক, 23 এপ্ৰিল: ৰাজ্যৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বৃহস্পতিবাৰে সাংবাদিক অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে শিমলুগুৰি থানাত এক গোচৰ ৰুজু কৰে । ভাৰতীয় দণ্ডবিধি আইনৰ ১৫৩ (ক), (খ), ২৯৫ (ক) আৰু ৫০২ (২) ধাৰাৰ অধীনত সাংবাদিক গোস্বামীৰ বিৰুদ্ধে শিমলুগুৰি থানাত এই গোচৰ পঞ্জীয়ন হয় ।
উল্লেখ্য যে,ৰাষ্ট্ৰীয় সংবাদ মাধ্যম ৰিপাব্লিক টিভিৰ মুৰব্বী অৰ্ণৱ গোস্বামীয়ে তেওঁৰ সংবাদ মাধ্যমৰ জৰিয়তে কংগ্ৰেছৰ অন্তঃৱৰ্তীকালীন অধ্যক্ষ ছোনিয়া গান্ধীৰ বিৰুদ্ধে কৰা কেতবোৰ আপত্তিজনক মন্তব্য প্ৰদান কৰিছে ৷ লগতে মহাৰাষ্ট্ৰত দুজন লোকৰ হত্যাৰ ঘটনাৰ সৈতে কংগ্ৰেছ দল আৰু ছোনিয়া গান্ধী জড়িত আছে বুলি অৰ্ণৱ গোস্বামীয়ে দিয়া মন্তব্যৰ বিৰুদ্ধে দেৱব্ৰত শইকীয়াই এই গোচৰ উত্থাপন কৰে ৷
ইফালে ধুবুৰী জিলা যুৱ কংগ্ৰেছৰ ফালৰ পৰাও সাংবাদিক অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হয় । শুকুৰবাৰে ধুবুৰী জিলা যুৱ কংগ্ৰেছৰ সভাপতি আলতাপ হুছেইন মণ্ডলে জিলা যুৱ কংগ্ৰেছৰ তৰফৰ পৰা ধুবুৰী সদৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰে ৷
লগতে পঢ়ক : ধুবুৰীত কৰ'ণাৰ বিৰুদ্ধে নৌকা স্বাস্থ্য সেৱাই লৈছে গুৰুত্বপূৰ্ণ পদক্ষেপ