ETV Bharat / state

9 বজাৰ 10টা শীৰ্ষ সংবাদ

author img

By

Published : Nov 24, 2020, 9:17 AM IST

9 বজাৰ 10টা শীৰ্ষ সংবাদ

9 বজাৰ 10টা শীৰ্ষ সংবাদ
9 বজাৰ 10টা শীৰ্ষ সংবাদ

ৰঙাপৰাত নিশা উত্তপ্ত পৰিস্থিতিঃ আৰক্ষীৰ শূন্যলৈ গুলিচালনা

শোণিতপুৰৰ ৰঙাপৰাৰ বৰজুলিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ৰাজপথত টায়াৰ জ্বলাই ৰাইজৰ প্ৰতিবাদ, প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ শূন্যলৈ ২০ জাই গুলিচালনা ৷

ডিগবৈত পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী

ডিগবৈৰ প্ৰকৃতিপ্ৰেমী সংস্থাৰ প্ৰশংসনীয় পদক্ষেপ ৷ বন বিভাগৰ সহযোগতৃ পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী, দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যত মুকলি কৰি দিয়া হয় পিঞ্জৰাবদ্ধ নাহৰফুটুকীটো ৷

তৰুণ গগৈৰ মৃত্যুত ইমৰাণ শ্বাহৰ প্ৰতিক্ৰিয়া

বয়সত মোতকৈ দুবছৰ সৰু আছিল যদিও তৰুণ গগৈৰ সৈতে মোৰ মধুৰ সম্পৰ্ক আছিল ৷ অতীতৰ কথা সুঁৱৰি আবেগিক হৈ পৰিল বৰ্ষীয়ান সাহিত্যিক গৰাকী ৷ মুল্যবোধৰ ৰাজনীতি কৰিছিল তৰুণ গগৈয়ে ৷ অসমৰ ৰাজনীতিত প্ৰয়াত তৰুণ গগৈক সকলোৱে মনত ৰাখিব ৷

তৰুণ গগৈৰ শেষ যাত্ৰা সম্পৰ্কত মহানগৰ আৰক্ষী আয়ুক্তৰ মন্তব্য

সদ্যপ্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শেষ যাত্ৰাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে মহানগৰ আৰক্ষীয়ে ৷ এই মন্তব্য মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাৰ ৷

মৰাণত সদৌ অসম ছাত্ৰ সন্থাৰ নৱ নিৰ্বাচিত নেতৃত্বক সম্বৰ্ধনা

সদৌ অসম ছাত্ৰ সন্থাৰ নৱ নিৰ্বাচিত সভাপতি দিপাংক কুমাৰ নাথ,লগতে সন্থাৰ উপ-সভাপতি মাণিক গগৈ,প্ৰকাশ চন্দ্ৰ দাস,সহকাৰী সাধাৰণ সম্পাদক ধৰ্মেশ্বৰ দাস,ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য প্ৰশান্ত দত্তক "মৰাণ আঞ্চলিক ছাত্ৰ সন্থা"ৰ তৰফৰ পৰা সম্বৰ্ধনা ৷

অনন্ত ধামলৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ...

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আইচিইউ কক্ষত মৃত্যুৰে যুঁজি অৱশেষত হাৰ মানিলে বৰ্ষীয়ান ৰাজনীতিক, ৰাজ্যৰ একেৰাহে তিনিটা কাৰ্যকালৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷ কেৱল এগৰাকী সফল মুখ্যমন্ত্ৰীয়ে নহয়, গগৈ আছিল সমকালীন অসমৰ এগৰাকী সফল ৰাজনীতিক, অসমৰ মাটিত জাতীয় কংগ্ৰেছৰ জীৱনী শক্তি ৷

অসমৰ এক ইতিহাস এই মানুহ জনৰ লগে লগে গুচি গৈছে : ড৹ নগেন শইকীয়া

মোৰ প্ৰথম এই দুঃখবৰটো শুনিয়েই ভাৱ হ'ল যে, অসমৰ এক ইতিহাস এই মানুহজনৰ লগে লগে যেন গুচি গৈছে।মই তেখেতক মোৰ কলেজীয়া জীৱনৰ জ্যেষ্ঠ হিচাপে প্ৰথমে পাইছিলো । তাৰপিছত মই যোৰহাটত থাকোঁতে তেখেতক বিভিন্ন সময়ত পাইছিলোঁ । হাঁহিমুখীয়া,সুন্দৰ চেহেৰাৰ, কাৰো লগত কেতিয়াও তৰ্ক-বিৰ্তক নলগা এজন মানুহ, এজন ডেকামানুহ যি ছাত্ৰ অৱস্থাৰ পৰাই কংগ্ৰেছৰ প্ৰতি অনুৰক্ত আছিল ।

চীনক কোনো কাৰণতে বিশ্বাসত ল'ব নোৱাৰি : জ্যেষ্ঠ সাংবাদিক প্ৰেম প্ৰকাশ

ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক গৌতম দেৱৰয়ৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰত কয় যে, চীনক কোনো কাৰণতে বিশ্বাসত ল'ব নোৱাৰি ৷ তেওঁ কয় যে, 1962 চনৰ যুদ্ধৰ পাচত প্ৰয়াত প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে 20 মাহৰ ভিতৰত ভাৰতীয় সেনাক সুসংগঠিত কৰিবলৈ সক্ষম হৈছিল ৷

তৰুণ গগৈৰ মৃত্যুত শোকপ্ৰকাশ নবীন পাটনায়কৰ

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে ৷ টুইটাৰৰ জৰিয়তে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই শোক প্ৰকাশ কৰিছে ৷

চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে বাতিল কৰিলে লাচিত দিৱস

ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত তিনি দিনীয়া শোক পালনৰ আহ্বান চৰকাৰৰ ৷ এই পৰিপ্ৰেক্ষিতত চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে বাতিল কৰিলে মৰাণত আয়োজিত লাচিত দিৱস ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.