ETV Bharat / state

ৰাজ্যৰ বান পৰিস্থিতিৰ শেহতীয়া তথ্য - কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

ৰাজ্যত অব্যাহত আছে বলিয়া বানৰ তাণ্ডৱ। উজনি পৰা নামনিলৈকে বানৰ কবলত পৰি দিশহাৰা ৰাইজ। নেৰানেপাৰ বৰষুণৰ ফলত কালৰূপ ধাৰণ কৰিছে ৰাজ্য নৈ-উপনৈ সমূহ। এন ডি আৰ এফ আৰু এছ ডি আৰ এফ বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত।

assam flood
সংহাৰী বানে প্ৰাণ লৈছে 89 গৰাকীৰ
author img

By

Published : Jul 23, 2020, 2:16 PM IST

গুৱাহাটী, 23 জুলাই : ৰাজ্যত ক্ৰমাৎ অধিক জটিল হৈ পৰিছে বান পৰিস্থিতি । প্ৰতিদিনে বাঢ়নী পানী বৃদ্ধি পোৱাত প্লাবিত হৈছে ন ন অঞ্চল। উজনিৰ-নামনিত বাঢ়নী পানীৰ মাজত ককবকাই আছে লাখ লাখ লোক। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্য অনুসৰি বৃহস্পতিবাৰে পুৱাৰ ভাগলৈকে ৰাজ্যৰ ২৫ খন জিলাৰ ৭৭ টা ৰাজহ চক্ৰৰ ২,৫৪৮ খন গাঁও বাঢ়নী পানীৰ তলত ডুব গৈ আছে।

assam flood
সংহাৰী বানে প্ৰাণ লৈছে 89 গৰাকীৰ

বানপানীৰ ফলত বৰ্তমানলৈকে ৰাজ্যত প্ৰভাৱিত হৈ আছে ২৬,৬৯,৯৬৭ গৰাকী লোক। বান প্ৰভাৱিত লোক সকলৰ ভিতৰত লক্ষাধিক লোকে ২৮০ টাকৈ চৰকাৰী আশ্ৰয় শিবিৰত আশ্ৰয় লোৱাৰ পৰিবৰ্তে বহু লোকে পথৰ কাষত আৰু মাথাউৰিৰ ওপৰতো আশ্ৰয় ল'বলৈ বাধ্য হৈছে । ইফালে বানৰ কবলত পৰিছে ৰাজ্যৰ ১,১৫,৫১৫.২৫ হেক্টৰ কৃষি ভূমি। যোৱা ২৪ ঘণ্টাত বঙাইগাঁও আৰু কোকৰাঝাৰ জিলাত দুগৰাকী লোকৰ বানৰ ফলত মৃত্যু হোৱাত ৰাজ্যত মৃতকৰ সংখ্যা হৈছে 89 গৰাকী।

ব্ৰহ্মপুত্ৰকে ধৰি ৰাজ্যৰ সৰু-বৰ নৈ সমূহৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত নতুন নতুন অঞ্চল প্লাবিত হোৱাত বহু লোক এতিয়াও ভিতৰুৱা অঞ্চল সমূহত পানীৰ মাজত আৱদ্ধ হৈছে আছে। বাঢ়নী পানীৰ মাজত আৱদ্ধ হৈ থকা লোক সকলক উদ্ধাৰ কৰিবলৈ এন ডি আৰ এফ আৰু এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ অভিযান অধিক তীব্রতৰ কৰি তুলিছে।

assam flood
সংহাৰী বানে প্ৰাণ লৈছে 89 গৰাকীৰ

ৰাজ্যত ভয়াবহ বানৰ কবলত পৰি মানুহৰ লগতে বন্যপ্ৰাণী সমূহৰ মাজতো হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। বর্তমানেও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তীৰ্ণ এলেকা বাঢ়নী পানীত ডুব গৈ থকাৰ ফলত বন্যপ্ৰাণী সমূহে নিৰাপদ স্থানৰ সন্ধানত ওখ ঠাই সমূহলৈ ঢাপলি মেলিছে। বুধবাৰে নগাঁও জিলাৰ লাওখোৱা অভয়াৰণ্যলৈ যোৱা মূল প্ৰৱেশ দুৱাৰ জলমগ্ন হৈ পৰাত লাওখোৱা অভয়াৰণ্যৰ বান পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে ।

লগতে পঢ়ক : হাতীৰ ওপৰত মানুহৰ অবৰ্ণনীয় অত্যাচাৰ, আৰক্ষীৰ কাষ চাপিল বাইকাৰ্ছ এছ'চিয়েচন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.