ETV Bharat / state

নতুন মন্ত্রীসভাৰ ৮৬ শতাংশ মন্ত্রী কোটিপতি

author img

By

Published : May 15, 2021, 6:55 PM IST

চৈধ্য জনীয়া মন্ত্রীসভাৰ বাৰগৰাকী মন্ত্রীয়েই কোটিপতি । নতুন মন্ত্রীসভাখনৰ ঐশ্বৰ্য্যৰ শীৰ্ষত আছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা । মুখ্যমন্ত্রীগৰাকীৰ সম্পত্তিৰ পৰিমাণ মুঠ ১৭.২৭ কোটি টকা ।

নতুন মন্ত্রীসভাৰ ৮৬ শতাংশ মন্ত্রী কোটিপতি
নতুন মন্ত্রীসভাৰ ৮৬ শতাংশ মন্ত্রী কোটিপতি

গুৱাহাটী,১৫ মে’: মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নৱগঠিত মন্ত্রীসভা যথেষ্ট ঐশ্বৰ্য্যশালী । চৈধ্যজনীয়া মন্ত্রীসভাখনৰ বাৰগৰাকী মন্ত্রীয়েই কোটিপতি । অৰ্থাৎ মন্ত্রীসভাখনৰ ৮৬ শতাংশ মন্ত্রীয়ে কোটিপতি তথা ঐশ্বৰ্য্যশালী ।

নতুন মন্ত্রীসভাখনৰ ঐশ্বৰ্য্যৰ শীৰ্ষত আছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা নাম । মুখ্যমন্ত্রীগৰাকীৰ সম্পত্তিৰ পৰিমাণ মুঠ ১৭.২৭ কোটি টকা ।

ইয়াৰ পাছত দ্বিতীয় স্থানত আছে প্ৰথমবাৰৰ বাবে মন্ত্রী হোৱা ঢেকিয়াজুলী সমষ্টিৰ বিধায়ক অশোক সিংঘল । তেওঁৰ সম্পত্তিৰ পৰিমাণ হৈছে ১৭.০৬ কোটি টকা । পূৰ্বতে দুবাৰকৈ বিধায়ক হোৱা অশোক সিংঘল জি এম ডি এৰ অধ্যক্ষ আছিল ।

কোটিপতিৰ তৃতীয় স্থানত আছে প্ৰথমবাৰৰ বাবে কেবিনেট মন্ত্রী হোৱা পিয়ুষ হাজৰিকা । তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ৬.০৩ কোটি টকা । তেওঁ জাগীৰোড সমষ্টিক প্ৰতিনিধিত্ব কৰি আহিছে ।

আনহাতে, কোটিপতিৰ চতুৰ্থ স্থানত আছে নতুনকৈ মন্ত্রীসভাত স্থান পোৱা ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাস । পাটাছাৰকুছি সমষ্টিক প্ৰতিনিধিত্ব কৰি অহা ৰণজিৎ কুমাৰ দাস তিনিবাৰৰ বিধায়ক । তেওঁৰ সম্পত্তিৰ পৰিমান হৈছে ৫.৮৭ কোটি টকা ।

ইয়াৰ পিছত কোটিপতিৰ পঞ্চম স্থানত আছে ধৰ্মপুৰ সমষ্টিৰ ছয়বাৰৰ বিধায়ক, কেবিনেট মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰী । তেওঁৰ সম্পত্তিৰ পৰিমাণ হৈছে ৩.৬৯ কোটি টকা ।

ষষ্ঠ স্থানত আছে মিত্রদল অগপৰ সভাপতি তথা ইতিমধ্যে কেবিনেট মন্ত্রী হিচাপে দায়িত্ব পালন কৰা বোকাখাতৰ বিধায়ক অতুল বৰা । তেওঁৰ সম্পত্তিৰ পৰিমাণ হৈছে ৩.৬৮ কোটি টকা ।

কোটিপতিৰ সপ্তম স্থানত আছে অগপৰে কেশৱ মহন্ত । পুনৰ বাৰ মন্ত্রীসভাত স্থান পোৱা কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তৰ সম্পত্তিৰ পৰিমাণ হৈছে ৩.৪৫ কোটি টকা ।

অষ্টম স্থানত আছে কংগ্ৰেছৰ পৰা বিজেপিলৈ গৈ গোলাঘাট সমষ্টিৰ পৰা টিকট পাই জয়ী হৈ অহা অজন্তা নেওগ । পাঁচবাৰকৈ বিধায়ক হোৱা অজন্তা নেওগ কংগ্ৰেছত থাকোতেও কেবিনেট মন্ত্রী আছিল । বিজেপিতো কেবিনেট মন্ত্রী লাভ কৰা অজন্তা নেওগৰ সম্পত্তিৰ পৰিমাণ হৈছে ২.৬৭ কোটি টকা ।

নৱম স্থানত আছে প্ৰথমবাৰৰ বাবে কেবিনেট মন্ত্রী হোৱা টিংখাঙৰ বিমল বড়া । তেওঁৰ সম্পত্তিৰ পৰিমাণ ১.৮২ কোটি টকা ।

কোটিপতিৰ দশম স্থানত আছে মন্ত্রী পৰিমল শুক্লবৈদ্য । ধলাই সমষ্টিক প্ৰতিনিধিত্ব কৰা পৰিমল শুক্লবৈদ্যৰ সম্পত্তিৰ পৰিমাণ ১.৬৬ কোটি টকা ।

একাদশ স্থানত আছে প্ৰথমবাৰৰ বাবে কেবিনেট মন্ত্রী হোৱা মাহমৰাৰ যোগেন মহন । তেওঁৰ সম্পত্তিৰ পৰিমাণ ১.৩৩ কোটি টকা ।

আনহাতে, দ্বাদশ স্থানত আছে প্ৰথমবাৰৰ বাবে কেবিনেট মন্ত্রী হোৱা ধেমাজিৰ ডাঃ ৰণোজ পেগু । তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ১.০৮ কোটি টকা ।

ইফালে নৱগঠিত চৈধজনীয়া মন্ত্রীসভাৰ বাৰগৰাকী কোটিপতি হোৱাৰ বিপৰীতে দুগৰাকী লাখপতি । লাখপতি দুগৰাকী কেবিনেট মন্ত্রী হৈছে সঞ্জয় কিষান আৰু মিত্রদল ইউ পি পি এলৰ উৰ্খাও গৌড়া ব্ৰক্ষ্ম । তিনিচুকীয়া সমষ্টিক প্ৰতিনিধিত্ব কৰা সঞ্জয় কিষানৰ সম্পত্তিৰ পৰিমাণ হৈছে ৫৫.৩৫ লাখ টকা । তেওঁ দুবাৰকৈ বিধায়ক হোৱাৰ উপৰি ৰাজ্যিক মন্ত্রী আছিল । আনহাতে, চাপাগুৰিৰ পৰা প্ৰথমবাৰৰ বাবে বিধায়ক হৈ কেবিনেট মন্ত্রী হোৱা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰ্খাও গৌড়া ব্ৰক্ষ্মৰ সম্পত্তিৰ পৰিমাণ হৈছে ৭৭.৪৮ লাখ টকা ।

উল্লেখ্য যে, কোটিপতিৰ এই নতুন মন্ত্রীসভাখনে ৰাজ্যখনৰ সৰ্বাংগীন বিকাশত কিমান দূৰ সফল হ'ব সেয়া সময়েহে ক'ব ।

লগতে পঢ়ক: দিনযোৰা কাৰ্যসূচীৰে তিনিচুকীয়াত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.