গুৱাহাটী, 5 নৱেস্বৰ : মহানগৰীৰ বি বৰুৱা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে সপ্তম ৰাষ্ট্ৰীয় মূকাভিনয় মহোৎসৱ । মহানগৰীৰ হেদায়েৎপুৰস্থিত মূকাভিনয় প্ৰশিক্ষণ প্ৰতিষ্ঠান মাইম একাডেমিৰ উদ্যোগত আৰু গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ৰ সহযোগত শনিবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে এই মূকাভিনয় মহোৎসৱ । 4 নৱেম্বৰৰ পৰা অনুষ্ঠিত হোৱা এই মহোৎসৱ অহা 6 নৱেম্বৰত অন্ত পৰিব ।
ভাৰত চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ আৰ্থিক সহযোগিতাত আয়োজন কৰা এই মূকাভিনয় মহোৎসৱত অসমৰ লগতে মণিপুৰ, মহাৰাষ্ট্ৰ, ত্ৰিপুৰা, পশ্চিম বংগৰ কেইবাগৰাকীও বিশিষ্ট মূকাভিনয় শিল্পীয়ে অংশগ্ৰহণ কৰিছে ৷ শনিবাৰে এই মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত মাইম একাডেমিৰ অধ্যক্ষ, সংগীত নাটক অকাডেমী বঁটা প্ৰাপক বিশিষ্ট মূকাভিনয় শিল্পী মইনুল হকৰ লগতে মাইম একাডেমিৰ শিক্ষাৰ্থীসকলে মূকাভিনয় পৰিৱেশন কৰে ৷ মূকাভিনয়েৰে উপস্থিত দৰ্শকৰ যথেষ্ট সঁহাৰি লাভ কৰিবলৈ সক্ষম হয় দলটোৱে ৷
সপ্তম সংখ্যক ৰাষ্ট্ৰীয় মূকাভিনয় মহোৎসৱ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ উপাচাৰ্য তথা বি বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° দীনেশ বৈশ্য, বি বৰুৱা মহাবিদ্যালয়ৰ বৰ্তমানৰ অধ্যক্ষ সত্যেন্দ্ৰনাথ বৰ্মন ৷ তিনিদিনীয়াকৈ আয়োজন কৰা উক্ত মূকাভিনয় মহোৎসৱত মাইম এণ্ড স্কিট থিয়েটাৰৰ কুলদীপ পাটগিৰী, আংগিক থিয়েটাৰৰ ধ্ৰুৱজ্যোতি তালুকদাৰ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ মূকাভিনয় শিল্পীসকলে অংশ গ্ৰহণ কৰে ৷
আনহাতে ইম্ফলৰ কাংলি মাইম থিয়েটাৰৰ ড° ৱাই সদানন্দ সিং, পশ্চিম বংগৰ হাউৰা কলামঞ্জৰিৰ সুমন মুখাৰ্জী, ধুমকেতু পাপেট থিয়েটাৰৰ দিলীপ মণ্ডল, ত্ৰিপুৰাৰ সুৰ পঞ্চমৰ পাৰ্থ মজুমদাৰ, মুম্বাইৰ দেৱব্ৰত চক্ৰৱৰ্তীয়েও অংশগ্ৰহণ কৰিব এই মহোৎসৱ ৷
লগতে পঢ়ক:APSC Scam: এপিএছচি কেলেংকাৰীৰ অভিযুক্তৰ প্ৰতি নমনীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা; জিতুল ডেকা