গুৱাহাটী,26 জানুৱাৰী: সমগ্ৰ দেশৰ লগতে অসমতো দেওবাৰে উদযাপন কৰা হয় 71 সংখ্যক গণৰাজ্য দিৱস ৷ ৰাজ্যৰ আন সমুহ জিলাৰ লগতে খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয় ভাৱে আয়োজন কৰা হয় 71 সংখ্যক গণৰাজ্য দিৱস ৷ গণৰাজ্য দিৱসৰ বিভিন্ন অনুষ্ঠানৰ আৰম্ভণিতে আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে ৷ পতাকা উত্তোলন কৰি নিজৰ ভাষণত ৰাজ্যপাল গৰাকীয়ে কয় যে, আমি এনে এখন ভাৰত নিৰ্মাণ কৰিব লাগিব য’ত দৰিদ্ৰতা, নিবনুৱা সমস্যা নাথাকিহ ৷ ৰাজ্য চৰকাৰে অসমৰ খিলঞ্জীয়া লোক সকলৰ অধিকাৰৰ প্ৰতি সম্পূৰ্ণৰূপে দায়বদ্ধ" ৷ ইয়াৰ উপৰিও ৰাজ্যপাল গৰাকীয়ে ভাষণত উল্লেখ কৰে যে, যোৱা তিনি বছৰ ছয় মাহত বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ সমন্বয় ৰক্ষা কৰি অসমীয়াৰ স্বাভিমানৰ প্ৰতি সম্পূৰ্ণ নিষ্ঠাৰে কাম কৰি আছো ৷ অসম চুক্তিৰ ৬ নং দফা সম্পূৰ্ণ ৰূপায়ণৰ জোৰ দিয়াটোৱেই ইয়াৰ উদ্দেশ্য আৰু নীতিক প্ৰতিফলিত কৰে ৷
ইয়াৰ উপৰিও ৰাজ্যপাল গৰাকীয়ে মন্তব্য কৰে যে, বেচৰকাৰী বিদ্যালয়ত অসমীয়া ভাষাৰ শিক্ষা প্ৰদান কৰাটো বাধ্যতামূলক কৰা হ’ব ৷ ইয়াৰ বাবে অতি শীঘ্ৰে প্ৰয়োজনীয় আইন প্ৰণয়ন কৰা হ’ব ৷ লগতে অসম সাহিত্য সভাক 10 কোটি টকা, বড়ো সাহিত্য সভাক 5 কোটি টকা আৰু অন্যান্য 20 খন সাহিত্য সভাৰ প্ৰতিখনলৈ 3 কোটি টকাকৈ অনুদান প্ৰদান কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে বুলিও উল্লেখ কৰে ৰাজ্যপাল জগদীশ মুখীয়ে ৷ শেষত ৰাজ্যপাল গৰাকীয়ে উল্লেখ কৰে যে, জাতি মাটি আৰু ভেটিৰ শ্লোগান আমাৰ বাবে কেৱল শ্লোগানেই নহয়, এইটো এটা সংকল্প ৷ এই সংকল্পত আমি অটল ৷ 804 গৰাকী শ্বহীদৰ প্ৰতিটো পৰিয়ালক 5 লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে ৷
বিভিন্ন অনুষ্ঠানৰ মাজতে খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয় ভাৱে আয়োজন কৰা 71 সংখ্যক গণৰাজ্য দিৱসত প্ৰদৰ্শন কৰা হয় অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ নৃত্য-প্ৰদৰ্শন কৰা সংস্কৃতি ৷
খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয় ভাৱে আয়োজন কৰা 71 সংখ্যক গণৰাজ্য দিৱসত বিশেষ ভাৱে সম্বৰ্ধণা জনোৱা হয় 2020 বৰ্ষৰ পদ্মশ্ৰী সন্মানৰ বাবে মনোনীত হোৱা 5 গৰাকীকৈ ব্যক্তিক ৷ সম্বৰ্ধণা জনায় ৰাজ্যপাল জগদীশ মুখীৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷
ইয়াৰ উপৰিও 2019 বৰ্ষত আগবঢ়োৱা বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতি আৰক্ষী পদক লাভ কৰা আৰক্ষী বিষয়া তথা জোৱান সকলক এই সন্মান প্ৰদান কৰে ৰাজ্যপাল জগদীশ মুখীয়ে ৷
লগতে পঢ়ক: গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত কৰিমগঞ্জৰ সীমান্তত হাই এলাৰ্ট জাৰি