ETV Bharat / state

6th NEIFW 2023: ১৯ নৱেম্বৰৰ পৰা অৰুণাচলত অনুষ্ঠিত হ’ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেশ্বন উইক- দ্য’ আৰ্টিছানছ মুভমেণ্ট - নৰ্থ ইষ্ট ইণ্ডিয়া ফেশ্বন উইক

অহা ১৯-২১ নৱেম্বৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেশ্বন উইক- দ্য’ আৰ্টিছানছ মুভমেণ্ট ৷ য’ত অংশগ্ৰহণ কৰিব ৩০ গৰাকী ডিজাইনাৰ আৰু শিপিনীয়ে ৷

6th North East India Fashion Week 2023 The Artisans Movement will held in AP from November 9,21
অৰুণাচলত অনুষ্ঠিত হ’ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেশ্বন উইক- দ্য’ আৰ্ৰ্টিছানছ মুভমেণ্ট
author img

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 6:49 PM IST

অৰুণাচলত অনুষ্ঠিত হ’ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেশ্বন উইক- দ্য’ আৰ্ৰ্টিছানছ মুভমেণ্ট

গুৱাহাটী, ৭ নৱেম্বৰ: অৰুণাচল প্ৰদেশৰ জোলাঙৰ কোৰো হাপ্পা নদীদ্বীপৰ নৈসৰ্গিক পৰিৱেশত অহা ১৯ নৱেম্বৰৰ পৰা ২১ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেশ্বন উইক- দ্যা আৰ্টিছানছ মুভমেন্টৰ ষষ্ঠ সংখ্যক সংস্কৰণ । এই কথা মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল যোগে ঘোষণা কৰিছে নৰ্থ ইষ্ট ইণ্ডিয়া ফেশ্বন উইকৰ মুখ্য কাৰ্যবাহী বিষয়া য়ানা নগোবা চাকপুৱে ৷

অৰুণাচল প্ৰদেশৰ পৰম্পৰাগত আৰু সাংস্কৃতিক ঐতিহ্যৰ হকে কাম কৰি অহা পঞ্জীয়নভুক্ত বেচৰকাৰী সংস্থা ওৱান অৰুণাচলৰ উদ্যোগত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব এই অনুষ্ঠান ৷ এই ফেশ্বন উৎসৱৰ অনুষ্ঠানত মুখ্য অতিথি হিচাবে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অসমৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আৰু সংসদীয় পৰিক্ৰমা তথা সামাজিক ন্যায় আৰু সৱলীকৰণৰ মন্ত্ৰী পীযুষ হাজৰীকাকে ধৰি আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকিব পাৰে বুলি আশা প্ৰকাশ কৰে মুখ্য কাৰ্যবাহী বিষয়া য়ানা নগোবা চাকপুৱে ৷

নৰ্থ ইষ্ট ইণ্ডিয়া ফেশ্বন উইক- দ্যা আৰ্টিছানছ মুভমেন্টৰ লক্ষ্য হৈছে উত্তৰ-পূব ভাৰতৰ শিল্পী আৰু শিপিনীসকলৰ অন্তৰ্ভুক্তি, সৱলীকৰণ আৰু জীৱনৰ মান উন্নত কৰাৰ দিশত পদ্ধতিগতভাৱে একাধিক প্ৰয়োগিক অধ্যয়ন চলোৱা । এই অনুষ্ঠানত শিল্পী আৰু শিপিনীসকলৰ সৃষ্টিসমূহো প্ৰদৰ্শন কৰা হ’ব । এই ৩ দিনীয়া ফেশ্বন অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰায় ৩০ গৰাকী ডিজাইনাৰ আৰু শিপিনীয়ে ।

নৰ্থ ইষ্ট ইণ্ডিয়া ফেশ্বৰ উইকৰ ষষ্ঠ সংস্কৰণত আকর্ষণীয় কৰ্মশালা, সৰ্বাংগীন দক্ষতাৰ প্ৰতি উৎৰ্সগিত আলোচনা চক্ৰ তথা মডেল, কাৰুশিল্পী আৰু শিল্পীৰ দ্বাৰা আয়োজিত ৰেম্প শ্ব’ৰ দৰে আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে । উত্তৰ-পূব ভাৰতৰ বিশেষ সংস্কৃতি আৰু পৰম্পৰাক উদযাপনৰ বাবে এই অনুষ্ঠান আয়োজন কৰিছে নর্থ ইষ্ট ইণ্ডিয়া ফেশ্বন উইকে ।

লগতে পঢ়ক: Miss Northeast 2023: জামুগুৰিহাটৰ জীয়ৰীৰ শিৰত জিলিকিল মিছ নৰ্থ ইষ্ট ইণ্ডিয়া-২০২৩ ৰ মুকুট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.