ETV Bharat / state

মথাউৰিৰ বাবে ধন নাই চৰকাৰৰ: ৫৮ খন আঁচনি অসম্পূৰ্ণ - মথাউৰি

বাৰিষাৰ পূৰ্বে সম্পূৰ্ণ হ'বলগীয়া আছিল জলসম্পদ(water resource) বিভাগৰ ৫৮ খন আঁচনিৰ কাম । কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ হেমাহি অথবা পুঁজি সময়মতে মোকলাই নিদিয়াৰ বাবে এতিয়াও মেৰামতি হোৱা নাই অধিকাংশ মথাউৰি ।

58 scheme of Assam water resource department still incomplete
এতিয়া সম্পূৰ্ণ হোৱা নাই জলসম্পদ বিভাগৰ ৫৮ খন আঁচনিৰ কাম
author img

By

Published : Jun 24, 2021, 7:30 PM IST

গুৱাহাটী, ২৪ জুন : নতুন চৰকাৰখনৰ জলসম্পদ(water resource) মন্ত্ৰীৰ দায়িত্ব লৈয়ে পীযুষ হাজৰিকা(Piyush Hazarika)ই ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ভ্ৰমণ কৰি মথাউৰিৰ অৱস্থাৰ বুজ লৈছে ৷ কিন্তু এতিয়াও বিভাগটোৰ ৫৮ খন আঁচনিৰ কাম অসম্পূৰ্ণ হৈয়ে আছে । বাৰিষাৰ আগে আগে সেইবিলাকৰ মেৰামতিৰ কাম সম্পূৰ্ণ হৈ উঠাৰ কোনো সম্ভাৱনা নাই ।

58 scheme of Assam water resource department still incomplete
এতিয়া সম্পূৰ্ণ হোৱা নাই জলসম্পদ বিভাগৰ ৫৮ খন আঁচনিৰ কাম

বিভাগীয়ভাৱে প্ৰাপ্ত তথ্য অনুসৰি, বৰ্তমান মথাউৰি মেৰামতিৰ যিবিলাক কাম চলি আছে সেই সকলোখিনি মাথোঁ ফ্লাড ড্ৰিল আৰু এম এন আৰ শিতানহে । স্বাভাৱিকতে এই দুয়োটা শিতানতে সৰু সৰু আঁচনিৰহে কাম কৰা হয় । পূৰ্বৰ সোণোৱাল চৰকাৰৰ কাৰ্যকালত ২০১৯-২০ বৰ্ষত ৰাজ্য চৰকাৰে এছডিআৰএফ-ৰ ৫৮ খন আঁচনি গ্ৰহণ কৰিছিল । কিন্তু পূৰ্বৰ চৰকাৰ আঁতৰি দিছপুৰত নতুন চৰকাৰ বহিল যদিও এই ৫৮ খন আঁচনিৰ কোনোখনেই আজি পৰ্যন্ত সম্পূৰ্ণ হৈ নুঠিল ।

এই ৫৮ খন আঁচনিৰ অধিকাংশৰে অনাদায় ধন এতিয়ালৈকে চৰকাৰে মোকলাই নিদিলে ৷ যাৰ বাবে এই কামসমূহ অসম্পূৰ্ণ হৈয়ে পৰি ৰ'ল । প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু প্ৰাক্তন বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বৰ চৰকাৰৰ কাৰ্যকালত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছিল এছডিআৰএফ আৰু এছঅ'পিডি শিতানত ভগ্ন কিম্বা জহি-খহি যোৱা মথাউৰিবোৰ মেৰামতিৰ ক্ষেত্ৰত ।

সেইমৰ্মে এছডিআৰএফ শিতানত ভগ্ন মথাউৰিবোৰ অধিক শক্তিশালী ৰূপত মেৰামতি কৰিবলৈ হাতত লোৱা হৈছিল উক্ত ৫৮ খন আঁচনি । সেই সময়ৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তক এই ৫৮ খন আঁচনিৰ কাম খৰতকীয়া কৰিবলৈ তদানীন্তন বিত্তমন্ত্ৰী ডঃ শৰ্মাই কেইবাবাৰো সোঁৱৰাই দিছিল । এই ৫৮ খন আঁচনিৰ অধিকাংশতে জিঅ' বেগ ব্যৱহাৰ কৰিবলগীয়া আছিল ।

কিন্তু বিগত বৰ্ষত সেই সময়তে লক ডাউন আৰম্ভ হোৱাত নয়দা আৰু গুজৰাটৰ পৰা জিঅ' বেগ আহি অসম পাবলৈ যথেষ্ঠ পলম হয় । যাৰ বাবে সমগ্ৰ প্ৰক্ৰিয়াটোৱেই পিছপৰি ৰয় । পৰৱৰ্তী সময়ত এই কাম পুনৰ আৰম্ভ হয় যদিও পৰ্যাপ্ত পুঁজিৰ অভাৱত মন্থৰ গতিত কাম আগবাঢ়িবলৈ আৰম্ভ কৰে । যাৰ ফলস্বৰূপে এতিয়া বাৰিষা সমাগত যদিও এই বাৰিষাৰ আগে আগে এই কাম সম্পূৰ্ণ হৈ উঠাৰ কোনো সম্ভাৱনা নাই ।

লগতে পঢ়ক: উত্তৰ প্ৰদেশ পালেগৈ শ্ব'হাম শ্বপিৰ স্বত্বাধিকাৰী সন্দীপ জালান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.