গুৱাহাটী, 3 জুলাই: 56 বছৰ সম্পূৰ্ণ হ’ল প্ৰাগজ্যোতিষপুৰ সাহিত্য সভাৰ (56 years completed Pragh Jyotishpur Sahitya Sabha)৷ গুৱাহাটী বিশ্ববিদ্যালয় চৌহদ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বৌদ্ধিক চিন্তা-চৰ্চাৰ পৰিৱেশ সৃষ্টিৰ উদ্দেশ্যে ১৯৬৬ চনত জন্ম হোৱা প্ৰাগজ্যোতিষপুৰ সাহিত্য সভাই দেওবাৰে ৫৬ বছৰত ভৰি দিছে ।
প্ৰাগজ্যোতিষপুৰ সাহিত্য সভাই এইচ. ডি. ইণ্টাৰনেশ্বনেল এডুকেশ্বনেল পাব্লিচার্ছ, পাণবজাৰৰ সহযোগত গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰে এক গ্ৰন্থ উন্মোচনী অনুষ্ঠান (Book Launch Event held at Guwahati Press Club) ৷ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত বস্ত্ৰ শিল্পৰ বিশিষ্ট গৱেষক তথা অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ উপসঞ্চালক ড৹ জয়ন্ত দেৱ শৰ্মাৰ 'Traditional Textiles of Assam' শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয় ।
ইয়াৰ পূৰ্বে তেওঁৰ প্ৰবন্ধ সংকলন 'Traditional Textile Design of Assam & its Preservation' (২০১৮) আৰু 'বস্ত্ৰ কথা' (২০১৯) প্ৰকাশ পাইছিল । সাহিত্য কৰ্মৰ সৈতে নিবিড়ভাৱে জড়িত ড৹ শৰ্মা প্ৰাগজ্যোতিষপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক হোৱাৰ উপৰিও অসম সাহিত্য সভা আৰু অসম সত্ৰ মহাসভাৰো তেওঁ আজীৱন সদস্য ।
দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে মুখ্য অতিথি হিচাপে ড৹ উপেন চন্দ্ৰ ৰাভা হাকাচাম, উন্মোচক হিচাপে অসম চৰকাৰৰ হস্ততাঁত বস্ত্ৰশিল্প আৰু ৰেচম বিভাগৰ সচিব দিলীপ কুমাৰ বৰা, সন্মানীয় অতিথি হিচাপে হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ সঞ্চালক পৰাগমণি মহন্ত আদি বিশিষ্ট ব্যাক্তিসকল ।
উল্লেখ্য যে উক্ত সভাখন সঞ্চালনা কৰে প্ৰাগজ্যোতিষপুৰ সাহিত্য সভাৰ সভাপতি তথা ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড৹ অমলেন্দু চক্ৰবর্তীয়ে (Vice Chancellor of Rabindranath Tagore University Dr. Amalendu Chakraborty) ।
লগতে পঢ়ক: Asam Sahitya Sabha goes digital: ডিজিটেল হ’ল অসম সাহিত্য সভা