ETV Bharat / state

অসমৰ ৫২ টা প্ৰকল্প অসম্পূৰ্ণ ; প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে বিচাৰিছে প্ৰতিবেদন - PM office

অসমত চলি থকা সৰ্বমুঠ ৫২ টা কেন্দ্ৰীয় প্ৰকল্পৰ নিৰ্মাণৰ কাম এতিয়া সম্পূৰ্ণ হোৱা নাই ৷ ক্ষুব্ধ হৈ পৰিছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় । ইতিমধ্যে এই প্ৰকল্প সমূহ ৰূপায়ণ কৰি থকা সংশ্লিষ্ট বিভাগ সমূহলৈ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা জাননী জাৰি কৰা হৈছে ।

52 projects in Assam incomplete
অসমৰ ৫২ টা প্ৰকল্প অসম্পূৰ্ণ
author img

By

Published : Sep 18, 2021, 5:51 PM IST

গুৱাহাটী, ১৮ ছেপ্টেম্বৰ : অসমত চলি থকা সৰ্বমুঠ ৫২ টা কেন্দ্ৰীয় প্ৰকল্প দীৰ্ঘসময় পাৰ হৈ যোৱাৰ পিছতো সম্পূৰ্ণ হৈ নুঠাত ক্ষুব্ধ হৈ পৰিছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় । ইতিমধ্যে এই প্ৰকল্প সমূহ ৰূপায়ণ কৰি থকা সংশ্লিষ্ট বিভাগ সমূহলৈ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা জাননী জাৰি কৰা হৈছে । প্ৰাপ্ত তথ্য মতে, এই প্ৰকল্প সমূহৰ অধিকাংশই হৈছে ৰে'ল, পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ ।

মনকৰিবলগীয়া যে, কেন্দ্ৰীয় পৰিসংখ্যা আৰু আঁচনি ৰূপায়ণ বিভাগে অলপতে এই সন্দৰ্ভত প্ৰকাশ কৰা প্ৰতিবেদনত অসমৰ ৫২ টা এনে প্ৰকল্পৰ কাম বছৰৰ পিছত বছৰ জুৰি শামুকীয়া গতিৰে চলি থকা আৰু বৰ্তমানেও সম্পূৰ্ণ নোহোৱাৰ বিষয়ে উল্লেখ কৰিছিল । এই প্ৰতিবেদনৰ পিছতে হাহাকাৰ লাগে বিভাগ সমূহত । খৰ্গহস্ত হৈ পৰে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ো ।

লগতে পঢ়ক: দেহৰক্ষীৰ উদাত্ত আগ্নেয়াস্ত্ৰ সহ মৰিয়নীত আবিৰ্ভাৱ গৰ্গমুনিৰ

কিয়নো প্ৰকল্প সমূহ এইদৰে আধৰুৱা হৈ পৰি ৰোৱাৰ ফলত নিৰ্মাণৰ ব্যয়ো যথেষ্ঠ পৰিমাণে বৃদ্ধি পাইছে । এনেদৰে আধৰুৱা হৈ পৰি থকা প্ৰকল্প সমূহৰ ভিতৰত কেইটামান অন্যতম হৈছে ৪৭০ কোটি টকা বাজেটৰ ডিগাৰু-হোজাই ব্ৰডগজ প্ৰকল্প, ২,২৩২ কোটি টকীয়া বঙাইগাঁও-গোৱালপাৰা-গুৱাহাটী সংযোগী ব্ৰডগজ প্ৰকল্প, ৫০০ কোটি টকা বাজেটৰ ডিমাপুৰ বাইপাছ আদি ।

52 projects in Assam incomplete
অসমৰ ৫২ টা প্ৰকল্প অসম্পূৰ্ণ

এই প্ৰকল্প সমূহৰ কাম তেনেই শামুকীয়া গতিৰে চলিছে । আনকি তেতেলীয়া-বৰ্ণিহাট ৰেল প্ৰকল্পৰ কাম প্ৰায় ৪৮ মাহ পিছুৱাই গৈছে । প্ৰায় ২২ মাহ পলম হৈছে আই অ' চিৰ শিলচৰ প্ৰকল্পৰ কাম । আজিও শামুকীয়া গতিৰে চলি আছে নুমলীগড়-ডিব্ৰুগড় ফ'ৰলেন পথৰ কাম ।

উল্লেখ্য যে, এই প্ৰকল্প সমূহৰ কাম যিমানেই পিছুৱাই সিমানেই নিৰ্মাণকাৰী প্ৰতিষ্ঠান সমূহৰ লাভ । কাৰণ কাম পিছুওৱাৰ সমান্তৰালভাৱে বাঢ়ি যায় নিৰ্মাণ ব্যয় । উদাহৰণস্বৰূপে এই ৫২ টা কেন্দ্ৰীয় প্ৰকল্পৰ নিৰ্মাণ ব্যয় ধাৰ্য কৰা হৈছিল ৪৯ হাজাৰ কোটি টকা । এতিয়া হৈছেগৈ প্ৰায় ৫২ হাজাৰ কোটি টকা ।

লগতে পঢ়ক: আগন্তুক 72 ঘন্টাৰ ভিতৰত ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.