ETV Bharat / state

Cyber crime Bust in Guwahati: ভুৱা কল চেন্টাৰ চলাই প্ৰৱঞ্চনাৰে কোটি কোটি টকা লুট কৰা ৫২ প্ৰৱঞ্চক গ্ৰেপ্তাৰ

author img

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 7:46 PM IST

গুৱাহাটীত বাহৰ পাতিছে চাইবাৰ অপৰাধীয়ে ৷ গুৱাহাটীৰ বিভিন্ন স্থানত ৰাইজক প্ৰৱঞ্চনা কৰাৰ বাবে স্থাপন কৰা হৈছে ভুৱা কল চেণ্টাৰ ৷ গুৱাহাটী আৰক্ষীয়ে চলোৱা অভিযানত 8 টা ভুৱা কল চেণ্টাৰ উৎখাত কৰাৰ লগতে গ্ৰেপ্তাৰ কৰা হৈছে 52 টা চাইবাৰ অপৰাধীক ৷

Cyber crime Bust in Guwahati
Cyber crime Bust in Guwahati
গুৱাহাটীত বাহৰ পাতিছে চাইবাৰ অপৰাধীয়ে

গুৱাহাটী, 16 ছেপ্টেম্বৰ: চাইবাৰ অপৰাধীৰ বিৰুদ্ধে গুৱাহাটী আৰক্ষীৰ ধাৰাবাহিক অভিযান অব্যাহত আছে ৷ বৃহস্পতিবাৰে নিশা গুৱাহাটী আৰক্ষীয়ে 8টা কৈ ভুৱা কল চেণ্টাৰত অভিযান চলাই 191টা প্ৰৱঞ্চকক আটক কৰাৰ লগতে আটক কৰিছিল এই সমগ্ৰ ৰেকেটটোৰ তিনিটা মাষ্টাৰমাইণ্ডক ৷

এই আটাইকে আটক কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছিল সোধা-পোচা ৷ আৰক্ষীয়ে মুঠ 194টা প্ৰৱঞ্চকক মাৰাথন জেৰা চলোৱাৰ পাছত গ্ৰেপ্তাৰ কৰিছে ভুৱা কল চেণ্টাৰৰ মালিক, মাষ্টাৰমাইণ্ড, ভুৱা কল চেণ্টাৰত কৰ্মৰত যুৱক-যুৱতীসহ মুঠ 52 প্ৰৱঞ্চকক ৷ আটক হোৱা একাংশক আৰক্ষীয়ে মুকলি কৰি দিছে যদিও পুনৰ প্ৰয়োজন হ’লে তেওঁলোকক মাতি পঠাব ৷ উল্লেখ্য যে 14 ছেপ্টেম্বৰৰ পৰা আৰক্ষীয়ে গুৱাহাটীত চলি থকা ভুৱা কল চেণ্টাৰসমূহৰ বিৰুদ্ধে অভিযান চলাইছিল ৷

উল্লেখ্য যে ভুৱা কল চেণ্টাৰসমূহৰ সৈতে এটা বৃহৎ আন্তঃৰাষ্ট্ৰীয় চক্ৰ জড়িত হৈ থাকে ৷ বিশেষকৈ বহিঃৰাষ্ট্ৰৰ লোকসকলক টাৰ্গেট কৰে এই চক্ৰটোৱে ৷ আনহাতে দেশৰ বিভিন্ন ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীসকলক সামাজিক মাধ্যমৰ জৰিয়তে জাল পেলাই এই অপৰাধত জড়িত কৰোৱাই ৷

কেৱল বহিঃৰাষ্ট্ৰই নহয়, উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশৰ আন আন ৰাজ্যৰ বহু লোকৰ পৰাও প্ৰৱঞ্চনাৰে কোটি কোটি টকা প্ৰৱঞ্চনাৰে হৰলুকি কৰি আহিছে এই অপৰাধী চক্ৰটোৱে ৷

আৰক্ষীয়ে সদৰী কৰা অনুসৰি প্ৰথমে চক্ৰটোৰ সৈতে জড়িত থকা কাৰিকৰী বিশেষজ্ঞই বিভিন্ন লোকৰ ম’বাইল অথবা কম্পিউটাৰলৈ বিভিন্ন লিংক বা পপ-আপ প্ৰেৰণ কৰে ৷ যেতিয়াই তেওঁলোকে সেই লিংক বাব পপ-আপক ক্লি কৰে তেতিয়াই তেওঁলোকৰ ম’বাইল অথবা কম্পিউটাৰ, বেংক একাইণ্ট হেক কৰা হ’ব বুলি ভাবুকি প্ৰদান কৰি মোটা অংকৰ ধন আদায় কৰে ৷ প্ৰথমে নিজকে অনলাইন চাৰ্ভিচিং ষ্টাফ বুলি পৰিচয় দিয়ে ভুৱা কল চেণ্টাৰত কৰ্মৰত লোকসকলে ৷

অৱশেষত সকলো হেৰুৱাৰ ভয়ত অথবা নিজৰ গোপনীয়তা ভংগ হোৱাৰ ভয়ত ভুক্তভোগীয়ে এই চক্ৰটোক ধন দিবলৈ বাধ্য হয় ৷ বহিঃৰাষ্ট্ৰৰ লোকসকলৰ পৰা গিফ্ট ভাউচাৰ অথবা বিটকইন যোগে এই চক্ৰটোৱে ধন আদায় কৰে ৷ পৰৱৰ্তী পৰ্যায়ত সেইসমূহ হাৱালা ৰেকেটৰ জৰিয়তে ভাৰতীয় টকালৈ পৰিৱৰ্তন কৰা হয় ৷

ইয়াত কৰ্মৰত লোকসকলক বৃহৎ অংকৰ ধন আদায় দিয়া হয় আৰু নিশা নিশা এই প্ৰৱঞ্চনাৰ কাম-কাজ চলে ৷ অধিক ধন লাভৰ লালসাত বহু নিবনুৱা যুৱক-যুৱতী এই কু-কাৰ্যৰ সৈতে জড়িত হৈ পৰে ৷ বিশেষকৈ ইংৰাজীত দখল থকা যুৱক-যুৱতীক এই কামৰ বাবে নিয়োগ কৰা হয় ৷

এই অপৰাধী চক্ৰটোৱে ভুৱা নামেৰে ইণ্টাৰনেট সংযোগ স্থাপন কৰে লগতে ভুৱা নথিৰে কিছু ট’ল ফ্ৰী ফোন নাম্বাৰ ৰেজিষ্টাৰ কৰে ৷ যাতে তেওঁলোকে বিপদমুক্তভাৱে অনাসায়ে প্ৰৱঞ্চনা কৰি যাব পাৰে ৷ 6-7 মাহৰ মূৰে মূৰে নিজৰ ঠিকনা সলনি কৰে এই প্ৰৱঞ্চক চক্ৰটোৱে ৷

উল্লেখ্য যে যুৱক-যুৱতীসকলক কিদৰে নিজৰ টাৰ্গেটৰ সৈতে কথা পাতিব লাগিব তাৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷ তেওঁলোকে ব্যৱহাৰ কৰা কম্পিউটাৰৰ সন্মুখতো কিদৰে কথা পাতিব তাৰ প্ৰতিলিপি (Script) বা নিৰ্দেশনা থাকে ৷

আৰক্ষীৰ তথ্য অনুসৰি চক্ৰটোৱে সংগ্ৰহ কৰা ধন গুৱাহাটীৰ পৰা দিল্লী আৰু গুৰগাঁৱলৈ আন্তঃৰাষ্ট্ৰীয় হাৱাল চক্ৰৰ জৰিয়তে লেনদেন কৰে ৷ নিশা কাম চলা এনে কল চেন্টাৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰৰ উপৰিও পাঞ্জাৱ, হাৰিয়ানা, দিল্লী , উত্তৰ প্ৰদেশ, বিহাৰ ,পশ্চিমবংগৰ আদি ৰাজ্যৰ নিৱনুৱা যুৱক-যুৱতী এই কল চেন্টাৰৰ লগত জড়িত হৈ আছে । একাংশ যুৱক-যুৱতীয়ে কল চেন্টাৰৰ প্ৰকৃত উদ্দেশ্য বুজি নিজে আঁতৰি যায় যদিও একাংশই ধনৰ লোভত নিয়োজিত হৈ থাকে ৷

লগতে পঢ়ক: Massive Cyber crime Bust: একেদিনাই গুৱাহাটীত দুই শতাধিক চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ; উৎখাত ভুৱা কল চেণ্টাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.