ETV Bharat / state

Republic day parade: গণৰাজ্য দিৱসৰ ব্ৰাছ বেণ্ডত উত্তৰ-পূবক প্ৰতিনিধিত্ব কৰিব NCC ৰ 50 গৰাকী গাৰ্লছ কেডেটে

author img

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 8:43 PM IST

যোৱা 2 অক্টোবৰৰ পৰা নাগালেণ্ডৰ কহিমাৰ আছাম ৰাইফলছৰ প্ৰশিক্ষণ শিৱিৰত প্ৰাক গণৰাজ্য দিৱসৰ শিবিৰ ৷ অহা 26 জানুৱাৰীত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া ব্ৰাছ বেণ্ডত উত্তৰ-পূব মণ্ডলক প্ৰথমবাৰৰ বাবে প্ৰতিনিধিত্ব কৰিব গুৱাহাটী আৰু নাগালেণ্ডৰ কহিমাৰ NCC ৰ 50 গৰাকী গাৰ্লছ কেডেটে ৷

Republic Day brass band
গণৰাজ্য দিৱসৰ ব্ৰাছ বেণ্ডত উত্তৰ-পূবক প্ৰতিনিধিত্ব কৰিব NCCৰ 50 গৰাকী গাৰ্লছ কেডেটে

গুৱাহাটী, 9 অক্টোবৰ : নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া 2024 বৰ্ষৰ গণৰাজ্য দিৱসৰ পেৰেডৰ কাৰ্যসূচীত ব্ৰাছ বেণ্ডত উত্তৰ-পূব মণ্ডলক প্ৰথমবাৰৰ বাবে প্ৰতিনিধিত্ব কৰিব ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী চমুকৈ NCC ৰ গুৱাহাটী আৰু নাগালেণ্ডৰ কহিমাৰ 50 গৰাকী গাৰ্লছ কেডেটে । ইয়াৰে 25 গৰাকী কেডেট এন চি চিৰ গুৱাহাটী গ্ৰুপৰ প্ৰথম এন চি চি বেটেলিয়ানৰ জুনিয়ৰ উইঙৰ অন্তৰ্গত গুৱাহাটীৰ পাথৰকুঁৱৰীৰ ছেণ্ট ফ্ৰান্সিছ স্কুলৰ ছাত্ৰী তথা গাৰ্লছ কেডেটে । ছেইণ্ট ফ্ৰান্সিছ বিদ্যালয়ৰ 13 ৰ পৰা 15 বছৰ বয়সৰ এই 25 গৰাকী NCC জুনিয়ৰ উইঙৰ গাৰ্লছ কেডেটে নতুন দিল্লীত 2024 চনৰ গণৰাজ্য দিৱস শিবিৰত মাৰ্চপাৰ্ছত ভাগ লোৱাৰ বাবে নিৰ্বাচিত হৈছে ।

তেনেদৰে বাকী 25 গৰাকী কেডেট হ’ল এনচিচিৰ কহিমা গ্ৰুপৰ অন্তৰ্গত কহিমাস্থিত প্ৰথম নাগালেণ্ড গাৰ্লছ NCC বেটেলিয়ানৰ কেডেট তথা কহিমাৰ ছেইণ্ট মেৰীজ কেথেড্ৰেল হায়াৰ চেকেণ্ডেৰী বিদ্যালয়ৰ 13 ৰ পৰা 15 বছৰ বয়সৰ ছাত্ৰী । উত্তৰ-পূব মণ্ডল সঞ্চালকালয়ৰ এই 50 গৰাকী গাৰ্লছ কেডেটে প্ৰথমবাৰৰ বাবে উত্তৰ-পূব মণ্ডল সঞ্চালকালয়ক নতুন দিল্লীত ব্রাছ বেণ্ডত প্ৰতিনিধিত্ব কৰিব ।

ইফালে নতুন দিল্লীত গণৰাজ্য দিৱসৰ পেৰেডৰ কাৰ্যসূচীত নিৰ্বাচিত হোৱা কেডেটসকলৰ বাবে যোৱা 2 অক্টোবৰৰ পৰা নাগালেণ্ডৰ কহিমাৰ আছাম ৰাইফলছত প্ৰশিক্ষণ শিৱিৰত প্ৰাক গণৰাজ্য দিৱসৰ শিবিৰ আৰম্ভ হৈছে । শিবিৰ মুকলি কৰে NCC ৰ কোহিমা গ্ৰুপৰ গ্ৰুপ কামাণ্ডাৰ ব্ৰিগেডিয়াৰ পি এছ চনগৱানে ।

উল্লেখ্য যে, 50 জনীয়া কেডেটৰ দলটোৱে নতুন দিল্লীত এন চি চিৰ সঞ্চালক প্ৰধানৰ অধীনত অনুষ্ঠিত হ’বলগীয়া গণৰাজ্য দিৱসৰ শিবিৰত ভাগ লোৱাৰ উদ্দেশ্যে 25 ডিচেম্বৰত ৰে’লযোগে ৰাওনা হ’ব ৷

লগতে পঢ়ক: Anganwadi worker protest : অংগনবাড়ী কৰ্মীৰ সাত দফীয়া দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰদান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.