ETV Bharat / state

5 বজাৰ শীৰ্ষ দহটা খবৰ - 5 বজাৰ শীৰ্ষ দহটা খবৰ

5 বজাৰ শীৰ্ষ দহটা খবৰ

5 PM TOP TEN NEWS
5 বজাৰ শীৰ্ষ দহটা খবৰ
author img

By

Published : Jul 24, 2020, 4:59 PM IST

কলাইগাঁৱত ৰাইজে নিৰ্মাণ কৰিলে মথাউৰি

চৰকাৰৰ জলসম্পদ বিভাগলৈ বাট নাচায় আছু,যুৱ ছাত্ৰ পৰিষদৰ লগতে কেইবাটাও দল সংগঠনৰ নেতৃত্বত তথা 28 খনকৈ গাঁৱৰ ৰাইজ নামি পৰিছে মথাউৰি নিৰ্মাণত ৷যোৱা ৬ দিন ধৰি কলাইগাঁওৰ গেৰুৱাত থকা নোৱা নদীৰ মথাউৰি নিৰ্মাণত ব্যস্ত হৈ আছে বিভিন্ন দল-সংগঠন আৰু ৰাইজক একত্ৰিত কৰি গঠন কৰা বান্ধ নিৰ্মাণ সমিতি ৷ বৰ্তমানে প্ৰায় 50% মথাউৰি নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে ৷

মহানগৰীত ক'ভিডৰে যুঁজি সুস্থ হোৱা চিকিৎসা কৰ্মীক উলিয়াই দিলে ঘৰৰ মালিকে

বন্দনা দাস নামৰ এগৰাকী যুৱতীয়ে মহানগৰীৰ হায়াত হাস্পতালৰ ক'ভিড ৱাৰ্ডত নাৰ্চ হিচাপে কৰ্মৰত হৈ আছিল । ক'ভিড ৱাৰ্ডত কৰ্মৰত হৈ থকাৰ অৱস্থাতে বন্দনা আক্ৰান্ত হ'ল ক'ভিড-১৯ত । ব্যক্তিগত চিকিৎসালয়খনত নাৰ্চ হিচাপে কৰ্মৰত যুৱতীগৰাকীক ভাইৰাছৰ আক্ৰমণৰ পৰা মুক্ত কৰাবলৈ প্ৰদান কৰা হ'ল চিকিৎসা ।

স্বাধীনতা দিৱসৰ বাবে গৃহ মন্ত্ৰণালয়ৰ নিৰ্দেশনা জাৰি

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে শুকুৰবাৰে ক'ভিড-19 মহামাৰীৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি স্বাধীনতা দিৱস উদযাপনৰ ক্ষেত্ৰত কিছু নিৰ্দেশনাৱলী জাৰি কৰিছে ৷ এক প্ৰেছ বিজ্ঞপ্তিত মন্ত্ৰণালয়ে সকলো চৰকাৰী কাৰ্যালয়,ৰাজ্য,ৰাজ্যপালক স্বাধীনতা দিৱস উদযাপনৰ সময়ত জনসমাগম নোহোৱাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷ নিৰ্দেশনাত কোৱা হয় যে,বৃহৎ জনসমাগম হ'বলৈ দিয়া অনুচিত আৰু সকলোৰে মাজত এই দিৱসৰ উদযাপন প্ৰচাৰ হ'বৰ বাবে অনলাইন মাধ্যমৰ সহায় লোৱা হ'ব ৷

ঐতিহাসিক ন-পুখুৰী পাৰ্কত মৃতদেহ উদ্ধাৰ

তিনিচুকীয়াৰ ঐতিহাসিক উদ্যান মৰুৎ নন্দন কানন (ন-পুখুৰী পাৰ্ক) ত উদ্ধাৰ হয় এটা মৃতদেহ ৷ উদ্ধাৰ কৰা মৃতদেহটো মিলনপল্লীৰ মিঠু দাস বুলি জানিব পৰা গৈছে ৷ স্থানীয় লোকে জানিব দিয়া অনুসৰি,২২ জুলাইৰ পৰা নিৰুদ্দেশ হৈ আছিল লোকজন ৷

অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে মৰাণত প্ৰতিবাদ

পৰিৱৰ্তনৰ শ্লো'গান দি ৰাজপাট দখল কৰা বিজেপি নেতৃত্বাধীন চৰকাৰখনে পৰিৱৰ্তনৰ নামত যে কেৱল ঢাক-ঢোল বজাইছে সেয়াই প্ৰমাণ হৈছে মৰাণত ৷ মৰাণৰ সমীপৰ খুমটাইত থকা অইল ইণ্ডিয়া লিমিটেডৰ ৩২নং তৈল খাদটোৰ সংযোগী পথটো যাতায়তৰ অনুপযোগী হৈ পৰাত পথ পকীকৰণৰ দাবীৰে ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । পৰৱৰ্তী সময়ত চৰকাৰ তথা অইল ইণ্ডিয়া লিমিটেডে পথটো মেৰামতি কৰাৰ ব্যৱস্থা নকৰিলে আন্দোলন আৰু অধিক তীব্ৰতৰ কৰাৰ হুংকাৰ ৰাইজৰ ৷

মৰিগাঁৱত আটক চোৰাংচিকাৰীৰ দলৰ মাষ্টাৰ মাইণ্ড

একেধাৰে চাৰিটা বানপানীৰ কবলত পৰা এশিঙীয়া গঁড়ৰ ৰম্যভূমি পবিতৰা অভয়াৰণ্যত বৰ্তমান চোৰাং চিকাৰী দৌৰাত্ম্য । বানপানীৰ গইনাৰে তিনিটাকৈ বনৰীয়া ম'হ ধৰি জীৱন্তে দুটা বিক্ৰী কৰিছে চোৰাং চিকাৰীয়ে। আন এটা ম'হ জংঘলৰ মাজত কাটি মাংস বিক্ৰীৰ বাবে যো জা চলাইছিল চোৰাং চিকাৰীয়ে । চোৰাং চিকাৰীৰ দলটোৱে বানপানীৰ সময়চোৱাত ওখ ঠাইত আশ্ৰয় লৈ থকা বনৰীয়া গাহৰি চিকাৰ কৰি বিক্ৰী কৰিছে মাংস । মৰিগাঁৱৰ আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলাই সদৰী কৰিছে এই ভয়ংকৰ তথ্য ৷

যোৰহাটৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিভ্ৰমণ সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ

যোৰহাটত বানক্ৰান্ত অঞ্চল পৰিভ্ৰমণ কৰে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচায় ৷ সাংসদ গৰাকীয়ে জিলাখনৰ পূৱ ৰাজহ চক্ৰৰ অন্তৰ্গত হাতীগড় মৌজাৰ বালিচাপৰি দ’ গাঁও,বৰখাত,পূজাৰী গাঁও,বালিচাপৰি,বাৰপাইক আদি বান ক্ষতিগ্ৰস্ত অঞ্চলত গৈ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে অস্থায়ী বান শিবিৰত আশ্ৰয় লৈ থকা লোকসকলৰো অৱস্থাৰ বুজ লয় ৷ সাংসদ গৰাকীয়ে বানাক্ৰান্তক কৃত্ৰিম বান সমস্যাৰ স্থায়ী সমাধান কৰা হ’ব বুলি অশ্বাস প্ৰদান কৰে ৷

কাকপথাৰত কৃত্ৰিম পদ্ধতিৰে অগৰু উৎপাদন

কাকপথাৰত কৃত্ৰিম পদ্ধতিৰে ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰি অগৰু উৎপাদনৰ কাম শুভাৰম্ভ কৰা হৈছে ৷ দৰাচলতে, Agar oil industries নামৰ উদ্যোগৰ জৰিয়তে সুলভ মূল্যত অগৰু উৎপাদনৰ বাবে ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰি অগৰু প্ৰস্তুতকৰণৰ ব্যৱস্থা কৰিছে ৷ তিনিচুকীয়া জিলাৰ ৰসৰাজ মৰাণ আৰু ৰঞ্জন মৰাণৰ হাতত কৃত্ৰিম পদ্ধতিৰে অগৰু প্ৰস্তুত কৰাৰ দায়িত্ব প্ৰদান কৰে জিলা পৰিষদে ৷

আইপিএল 13 সংস্কৰণৰ দিন নিশ্চিত কৰিলে চেয়াৰমেন ব্ৰিজেশ পেটেলে

19 ছেপ্তেম্বৰৰ পৰা 8 নৱেম্বৰলৈ 13 সংস্কৰণৰ আইপিএল আয়োজনৰ কথা নিশ্চিত কৰে ব্ৰিজেশ পেটেলে ৷ আইপিএলৰ গৰ্ভৰ্নিং কাউন্সিলৰ বৈঠকৰ পাচতে দিন সম্পৰ্কত ঘোষণা কৰা হ'ব ৷ আইপিএল দলসমূহৰ উপৰি লজিষ্টিক আৰু অ'পাৰেচন দলে খেল আয়োজন কৰাৰ প্ৰস্তুতি সম্পৰ্কত ডুবাই, আবু ধাবি আৰু শ্বাৰজাহত উপস্থিত হ'ব ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰে গুজৰাটৰ নৱনিযুক্ত বিজেপি সভাপতিৰ সাক্ষাৎ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ নৱনিযুক্ত বিজেপি সভাপতিগৰাকীক সাক্ষাতৰ পিছতে কলে, চি আৰ পাটিল এগৰাকী অসাধাৰণ কৰ্মী । এটা টুইটৰ জড়িয়তে প্ৰধানমন্ত্ৰী গৰাকীয়ে গুজৰাটৰ বিজেপিৰ নৱনিযুক্ত সভাপতি চি আৰ পাটিলক দলৰ এগৰাকী অসাধাৰণ কৰ্মী হিচাপে প্ৰশংসা কৰিছে । বৃহস্পতিবাৰে কৰা এই টুইটটোত মোদীয়ে নেতাগৰাকীক সাংসদ হিচাপেও পাটিল এগৰাকী সফল নেতা বুলি উল্লেখ কৰিলে ।

লগতে পঢ়ক : দুপৰীয়া 1 বজাৰ মুখ্য দহটা বাতৰি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.