ETV Bharat / state

Debate Competition: কটনত ৪১ সংখ্যক মাণিক চন্দ্ৰ বৰুৱা তৰ্ক প্ৰতিযোগিতা

author img

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 10:19 PM IST

কটন বিশ্ববিদ্যালৰ ছাত্ৰ একতা সভাৰ তৰ্ক আৰু আলোচনাচক্ৰ বিভাগৰ উদ্যোগত অনুষ্ঠিত কৰা হয় ৪১ সংখ্যক মাণিক চন্দ্ৰ বৰুৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিতৰ্ক প্ৰতিযোগিতা । কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত শুকুৰবাৰে অনুষ্ঠিত হোৱা তৰ্ক প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰে দেশৰ বিভিন্ন প্ৰান্তৰ ২৬ খন অংশগ্ৰহণকাৰী প্ৰতিষ্ঠানৰ পৰা ৫২ গৰাকী অংশগ্ৰহণকাৰীয়ে ।

41st Manik Chandra Barua Debate Competition at Cotton University
কটনত ৪১ সংখ্যক মাণিক চন্দ্ৰ বৰুৱা তৰ্ক প্ৰতিযোগিতা

গুৱাহাটী,৮ ছেপ্টেম্বৰ: কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত শুকুৰবাৰে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ তৰ্ক আৰু আলোচনাচক্ৰ বিভাগৰ উদ্যোগত ৪১ সংখ্যক মাণিক চন্দ্ৰ বৰুৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিতৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । অসম, মেঘালয়, দিল্লীকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ ২৬ খন অংশগ্ৰহণকাৰী প্ৰতিষ্ঠানৰ পৰা ৫২ গৰাকী অংশগ্ৰহণকাৰীয়ে এই প্ৰতিযোগিতাত যোগদান কৰে ।

এইবাৰৰ প্ৰতিযোগিতাখনৰ বিষয়বস্তু আছিল “জলবায়ু সংকটে ভাৰতৰ দৰে উন্নয়নশীল সমাজসমূহক ভূ-ৰাজনীতি, অৰ্থনীতি আৰু বহনক্ষমতাৰ ক্ষেত্ৰত আজিৰ বিশ্বদৌৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলায়" । উক্ত প্ৰতিযোগিতাখনত শ্বিলঙৰ চেইণ্ট এডমাণ্ড কলেজৰ শ্ৰেয়সী বেদাশ্ৰুতি আৰু সঞ্জনা ৰাণীয়ে শ্ৰেষ্ঠ দলৰ বঁটা লাভ কৰাৰ বিপৰীতে দিল্লী বিশ্ববিদ্যালয়ৰ হিন্দু কলেজৰ মাছুম প্ৰিয়া আৰু ৱাছু খাজুৰিয়াই দ্বিতীয় শ্ৰেষ্ঠ দলৰ বঁটা লাভ কৰে ।

শিৱসাগৰ কমাৰ্চ কলেজৰ মঃ হাচান চবৰিণে শ্ৰেষ্ঠ তাৰ্কিক আৰু চেইণ্ট এডমাণ্ড কলেজৰ সঞ্জনা ৰাণীয়ে দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিকৰ বঁটা লাভ কৰিবলৈ সক্ষম হয় । লগতে কটন বিশ্ববিদ্যালয়ৰ অংকিতা শৰ্মা বৰদলৈয়ে 'শ্ৰেষ্ঠ ইন্টাৰজেক্টৰ'ৰ বঁটা লাভ কৰে । উক্ত প্ৰতিযোগিতাখনত 'দ্যা হিন্দু' কাকতৰ সহযোগী সম্পাদক সন্দীপ ফুকনে অধ্যক্ষৰ আসন গ্ৰহণ কৰে ।

বিশিষ্ট সাংবাদিক টেৰেছা ৰেহমান, চেণ্টাৰ ফৰ এনভাইৰনমেণ্ট এণ্ড ক্লাইমেট একচন ফাউণ্ডেশ্যনৰ সঞ্চালক (আৰ এণ্ড ডি) ড° কমল কুমাৰ তাঁতী আৰু নুমলীগড় শোধনাগাৰৰ মানৱ সম্পদ আৰু আইন বিভাগৰ মুৰব্বী ড° কাজল শইকীয়া তৰ্ক প্ৰতিযোগিতাখনৰ বিচাৰক হিচাপে উপস্থিত থাকে । প্ৰতিযোগিতাখনৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি.পি. সিং ডাঙৰীয়া ।

ভাষণৰ সময়ত তেওঁ কয়, “তৰ্ক কৰাটো এটা প্ৰাথমিক দক্ষতা যিয়ে আপোনাক অধিক উচ্চতালৈ আগুৱাই লৈ যায়। যিসকলে নিজৰ মনৰ কথা ক’ব পাৰে আৰু নিজৰ মনৰ কথা প্ৰকাশ কৰিব পাৰে তেওঁলোক প্ৰকৃত নেতা । আজিৰ বিতৰ্কৰ বিষয়টো সমসাময়িক আৰু এই গ্ৰহৰ মানুহৰ বাবে ইয়াৰ অতি গুৰুত্বপূৰ্ণ । আশা কৰো আজিৰ বিতৰ্কই সকলোকে বিষয়টোৰ ওপৰত নিজৰ মনৰ কথা ক’বলৈ সক্ষম কৰাই নহয়, জলবায়ু সংকট দূৰ কৰাৰ বাবে নীতি পৰিকল্পনাকাৰীসকলৰ বাবেও এক ৰোডমেপ নিৰ্মাণত সহায় কৰিব”।

উদ্বোধনী অনুষ্ঠানত কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকা, সমউপাচাৰ্য অধ্যাপক গণেশ চন্দ্ৰৱাৰী আৰু পঞ্জীয়ক ড° অৰিন্দম গাৰ্গ উপস্থিত থাকে । উপাচাৰ্য মহোদয়ে ভাষণত বিতৰ্কৰ বিষয়টো অতি সময়োপযোগী বুলি উল্লেখ কৰে আৰু জলবায়ু সংকট দূৰ কৰাৰ ক্ষেত্ৰত অধিক গৱেষণাৰ আহ্বান জনায় । আদৰণি ভাষণত কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° অৰিন্দম গাৰ্গেও সমালোচনাত্মক চিন্তাধাৰা আৰু সমস্যা সমাধানৰ দক্ষতা আৰু অন্যান্য দক্ষতা প্ৰসাৰিত কৰাত বিতৰ্কৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

লগতে তেওঁ কাৰ্যসূচীত উপস্থিত থকা সকলোকে আদৰণি জনায় । তৰ্ক আৰু আলোচনাচক্ৰ বিভাগৰ সম্পাদক বিনয় কলিতাৰ শলাগৰ শৰাই অনুষ্ঠানেৰে উদ্বোধনী অনুষ্ঠানৰ সামৰণি পৰে । উল্লেখ্য যে এইবাৰৰ প্ৰতিযোগিতাখন ক্ৰমে ৭ আৰু ৮ ছেপ্টেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছিল । যোৱা ৭ ছেপ্টেম্বৰত দূৰদৰ্শী মাণিক চন্দ্ৰ বৰুৱা সন্দৰ্ভত এক বক্তৃতা প্ৰদান কৰে বিশিষ্ট সাহিত্যিক তথা সমালোচক ময়ূৰ বৰাই ।

তেওঁ মাণিক চন্দ্ৰ বৰুৱাৰ অমূল্য অৱদানৰ ওপৰত আলোকপাত কৰে । ৮ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা মূল প্ৰতিযোগিতাখনত অংশগ্ৰহণকাৰী প্ৰতিষ্ঠানসমূহৰ প্ৰতিনিধিৰ উপৰিও কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাসকলৰ লগতে বহু সংখ্যক ছাত্ৰ-ছাত্ৰী আৰু আমন্ত্ৰিত অতিথিৰ উপস্থিতি দেখা যায় । এই অনুষ্ঠানৰ লগত সংগতি ৰাখি মুকলি কৰা হয় এখন স্মৃতিগ্ৰন্থ ।

লগতে পঢ়ক: Bhupen Hazarika 97th birthday: ব্যতিক্ৰমীৰূপত টিংখাঙত সুধাকণ্ঠৰ জন্মদিন উদযাপন

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.