ETV Bharat / state

অবৈধভাৱে নিযুক্তি লাভ কৰা GMC ৰ ৪০ গৰাকী কৰ্মাচাৰী বৰ্খাস্ত

GMC ত অবৈধভাৱে চাকৰি লাভ কৰা ৪০ গৰাকী কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে । অভিযোগ অনুসৰি পূৰ্বৰ আয়ুক্ত দেৱজ্যোতি হাজৰিকাৰ দিনত অবৈধ ভাৱে নিযুক্তি লাভ কৰিছিল এই ৪০ গৰাকী কৰ্মাচাৰীয়ে ।

Guwahati Municipal Corporation
অবৈধভাৱে নিযুক্তি লাভ কৰা GMC ৰ ৪০ গৰাকী কৰ্মাচাৰী বৰ্খাস্ত
author img

By

Published : Aug 28, 2021, 7:58 PM IST

গুৱাহাটী, ২৮ আগষ্ট : গুৱাহাটী পৌৰ নিগম(GMC)ত অবৈধভাৱে চাকৰি লাভ কৰা ৪০ গৰাকী কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে । পূৰ্বৰ আয়ুক্ত দেৱজ্যোতি হাজৰিকাৰ দিনত অবৈধ ভাৱে নিযুক্তি লাভ কৰিছিল এই ৪০ গৰাকী কৰ্মাচাৰীয়ে ।

এই পোষ্ট কেইটাত নিযুক্তি লাভ কৰা ব্যক্তিসকলক লৈ সৃষ্টি হৈছিল তুমুল বিতৰ্কৰ । নতুন আয়ুক্ত দেবাশীষ শৰ্মাই গোটেই বিষয়টো তদন্ত কৰি ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰিছিল প্ৰতিবেদন । অৱশেষত এই প্ৰতিবেদনৰ ভিত্তিত ৰাজ্য চৰকাৰৰ নিৰ্দেশত ২৭ আগষ্টত তৎকালীন ভাৱে বলবৎ হোৱাকৈ অবৈধ ভাৱে চাকৰি লাভ কৰা ৪০ গৰাকীকৈ কাৰ্যালয় সহায়কক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয় ৷

Guwahati Municipal Corporation
অবৈধভাৱে নিযুক্তি লাভ কৰা GMC ৰ ৪০ গৰাকী কৰ্মাচাৰী বৰ্খাস্ত

চাকৰিৰ নামত হোৱা দুৰ্নীতিৰ দোষী সাব্যস্ত হোৱা ৪০ গৰাকী কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে । শনিবাৰে সংবাদ মাধ্যমক এই কথা জানিবলৈ গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংঘালে ।

লগতে পঢ়ক : ঠিকাদাৰক এসপ্তাহৰ ভিতৰত জলজীৱন মিছনৰ এশ শতাংশ সম্পূর্ণ কৰাৰ নিৰ্দেশ

তেওঁ কয়, ৪০ গৰাকী কৰ্মচাৰী দোষী হৈছে যদিও তদন্ত ইয়াতেই শেষ হৈ যোৱা নাই । এই কাণ্ডত যিসকল বিষয়া, কৰ্মচাৰী, মন্ত্ৰী আমোলা জড়িত আছে, তেওলোক সকলোৰে বিৰুদ্ধে তদন্ত হ'ব; বিষয়া, মন্ত্ৰী কোনো আইনৰ ঊৰ্দ্ধত নহয় ।

ইয়াৰ লগতে ৪০ গৰাকীৰ বিৰুদ্ধে সকলো প্ৰকাৰৰ আইনগত ব্যৱস্থা লোৱা হ'ব বুলি সংবাদ মাধ্যমৰ জড়িয়তে আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে । সেয়া থানাত গোচৰ ৰুজু হ'ব পাৰে অথবা মুখ্যমন্ত্ৰী ভিজিলেন্স বা চিবিআই, যিকোনো পৰ্যায়ত তদন্ত হ'ব পাৰে বুলিও উল্লেখ কৰে মন্ত্ৰী অশোক সিংঘালে ।

লগতে পঢ়ক : কেলেংকাৰীত জড়িতৰ প্ৰমাণ দিলে দ'লমুখত আঁঠু ল'ব শৃংখল চলিহাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.