ETV Bharat / state

SCERT scam: দীঘল হোৱাৰ সম্ভাৱনা কেলেংকাৰীত জড়িত লোকৰ নামৰ তালিকা

author img

By

Published : May 31, 2023, 6:23 PM IST

Updated : May 31, 2023, 7:24 PM IST

বুধবাৰে স্বাস্থ্য পৰীক্ষাৰ অন্তত সাংবাদিকসহ ৪ অভিযুক্তক মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় (4 Including Journalists and RTI Workers)। গ্ৰেপ্তাৰৰ পিচতে নিশা পানবজাৰ মহিলা থানাত ৰখা হৈছিল অভিযুক্ত সাংবাদিক পূজা মণি দাস আৰু পানবজাৰ থানাত ৰখা হৈছিল ৩ অভিযুক্ত ৰবিজিৎ গগৈ, অনুপ শইকীয়া আৰু ভাস্কৰ হাজৰিকাক (4 accused appearing CJM Court )।

4 Including Journalists and RTI Workers Appearing CJM Court
দীঘল হোৱাৰ সম্ভাৱনা আছে কেলেংকাৰীত জড়িত লোকৰ নামৰ তালিকা

গুৱাহাটী, ৩১ মে : ৰাজ্যজুৰি চৰ্চাত SCERT কেলেংকাৰী (SCERT scam update news)৷ ডি এল এডৰ দুৰৱৰ্তী প্ৰশিক্ষণ আৰু প্ৰমাণপত্ৰ প্ৰদানৰ নামত ১০৫ কোটি টকা কেলেংকাৰী কৰি গ্ৰেপ্তাৰ হোৱা তদানীন্তন সঞ্চালিকা, নিলম্বিত আই এ এছ বিষয়া শেৱালী দেৱী শৰ্মাৰ পৰা ব্লেকমেইলিঙেৰে ধন সৰকোৱা চক্ৰৰ সাংবাদিক সহ 4 জনক মঙলবাৰ অৰ্থাৎ 30 মে’ত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰিছিল । আই এ এছ বিষয়া শেৱালী দেৱী শৰ্মাৰ স্বীকাৰোক্তিৰ ভিত্তিত সাংবাদিক পূজা মণি দাস আৰু ভাস্কৰজ্যোতি হাজৰিকাৰ লগতে আৰ টি আই কৰ্মী ৰবিজিৎ গগৈ আৰু অনুপ শইকীয়াক গ্ৰেপ্তাৰ কৰিছিল (CM Vigilance Cell Arrests 4 )।

বিগত দুটা দিন পূজা মণি দাস আৰু ৰবিজিৎ গগৈক তদন্তকাৰী দলে জেৰা কৰাৰ পিচতে মঙলবাৰে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰে । বুধবাৰে স্বাস্থ্য পৰীক্ষাৰ অন্তত সাংবাদিক সহ ৪ অভিযুক্তক মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰোৱা হয় (4 Including Journalists and RTI Workers)। গ্ৰেপ্তাৰৰ পিচতে নিশা পানবজাৰ মহিলা থানাত ৰখা হৈছিল অভিযুক্ত সাংবাদিক পূজা মণি দাস আৰু পানবজাৰ থানাত ৰখা হৈছিল ৩ অভিযুক্ত ৰবিজিৎ গগৈ, অনুপ শইকীয়া আৰু ভাস্কৰ হাজৰিকাক (4 accused appearing CJM Court )।

উল্লেখ্য যে ৰবিজিৎ গগৈয়ে ডি এল এডৰ কেলেংকাৰী সন্দৰ্ভত শেৱালী দেৱী শৰ্মাৰ কাৰ্যালয়ত আৰ টি আই আবেদন দাখিল কৰি আবেদনখন প্ৰত্যাহাৰ কৰিছিল। ইয়াৰ বিনিময়ত ৮৩ লাখ টকা শেৱালী দেৱী শৰ্মাৰ পৰা আদায় কৰিছিল ৰবিজিৎ গগৈয়ে । অনুপ শইকীয়াই আৰ টি আইৰ জৰিয়তে শেৱালী দেৱী শৰ্মাৰ পৰা প্ৰায় ৫০ লাখ টকা আদায় কৰিছিল। ইফালে পূজা মণি দাসে ৮.৭০ লাখ আৰু ভাস্কৰজ্যোতি হাজৰিকাই ৪ লাখ টকা সৰকাইছিল।

এছ চি ই আৰ টিৰ অ ডি এল কোষৰ বেংক একাউন্টৰ পৰা এই চাৰি অভিযুক্তই টকা নিজৰ একাউন্টত লৈছিল। পূজা মনি দাসে মাতৃৰ একাউন্টত টকা জমা লোৱাৰ লগতে অনুপ শইকীয়াই নিজৰ একাউন্টত ৩৫ লাখ টকা, ৰবিজিৎ গগৈয়ে বেংক একাউন্টত ১৫ লাখ টকা আৰু সাংবাদিক ভাস্কৰজ্যোতি হাজৰিকাই ৪ লাখ টকা লৈছিল । আনহাতে ৰবিজিত গগৈয়ে শেৱালী দেৱীৰ দুৰ্নীতিৰ সংগী এল এন সোণোৱালৰ পৰা নগদ ৬৮ লাখ টকা আদায় কৰিছিল।

২০২১ চনত চক্ৰটোৱে শেৱালী দেৱী শৰ্মাৰ পৰা আদায় কৰিছিল ধন। উল্লেখ্য যে, অনাগত দিনত শেৱালী দেৱী শৰ্মাৰ পৰা অসৎ পন্থাৰে টকা আদায় কৰা আৰু কেইবাজনো লোক গ্ৰেপ্তাৰ হোৱাৰ আৰু তালিকাখন দীঘল হোৱাৰ সম্ভাৱনা আছে।

ইতিমধ্যে ডি এল এড পাঠ্যক্ৰমৰ নামত অসম ৰাজ্যিক শিক্ষা, গৱেষণা আৰু প্রশিক্ষণ পৰিষদত (এছ চি ই আৰ টি) সংঘটিত হোৱা ১০৫ কোটিটকীয়া কেলেংকাৰীত নজনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে । মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে এছ চি ই আৰ টিৰ প্ৰাক্তন সঞ্চালক তথা আই এ এছ বিষয়া শেৱালি দেৱী শৰ্মা, এছ চি ই আৰ টিৰ মুক্ত দূৰ শিক্ষাৰ অৱসৰপ্ৰাপ্ত উপ-সঞ্চালক তথা নডেল বিষয়া ড° এল এন সোণোৱাল, গাণনিক জয়চন্দ্ৰ লহকৰ, ষ্টেন’গ্ৰাফাৰ ৰুবুল আলী, কনিষ্ঠ সহায়ক ৰমিজুদ্দিন, চার্টার্ড একাউনটেণ্ট সৰং ম'ৰে আৰু কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড শেৱালি দেৱী শৰ্মাৰ জোঁৱাই তথা ঠিকাদাৰ ৰাজেশ কুমাৰ যোশী, আন এজন জোঁৱায়েক অজিত পাল সিং আৰু ঠিকাদাৰ ৰুহুল আমিনক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক: SCERT Scam: SCERT কেলেংকাৰীত জড়িত থকাৰ অভিযোগত সংবাদিক তথা RTI কৰ্মীসহ ৪ জনক গ্ৰেপ্তাৰ

Last Updated : May 31, 2023, 7:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.