ETV Bharat / state

আছুটীয়াকৈ ৰখাৰ ব্যৱস্থা স্পেনিছ গাৰ্ডেনৰ ৩৯৮ টা পৰিয়ালক

author img

By

Published : Apr 6, 2020, 6:34 PM IST

গুৱাহাটী মহানগৰীৰ স্পেনিছ গাৰ্ডেনৰ এজন আবাসী COVID 19 ত আক্রান্ত হোৱাৰ পিছত প্ৰশাসনে সম্পূৰ্ণ ছিল কৰি দিছে স্পেনিছ গাৰ্ডেন।

স্পেনিছ গাৰ্ডেন
স্পেনিছ গাৰ্ডেন

গুৱাহাটী, 6 এপ্ৰিলঃ মহানগৰ জিলা প্ৰশাসনে সম্পূৰ্ণ বন্ধ কৰি ৰাখিছে মহানগৰীৰ বিলাসী এপাৰ্টমেণ্ট স্পেনিছ গাৰ্ডেন । এপাৰ্টমেণ্টটোত বসবাস কৰা প্ৰায় ৩৯৮ টাকৈ পৰিয়ালক আছুটীয়াকৈ ৰখাৰ ব্যৱস্থা হাতত লৈছে প্ৰশাসনে ৷ এপাৰ্টমেণ্টৰ লোকসকলক বাহিৰলৈ ওলাই অহা তথা বাহিৰৰ কোনো ব্যক্তিক এপাৰ্টমেণ্টত প্ৰৱেশ নিষিদ্ধ কৰিছে জিলা প্ৰশাসনে। বিলাসী এপাৰ্টমেণ্টটোৰ অবাসী সকলক প্ৰয়োজনীয় সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে ঔষধ আদিৰ যোগান ধৰি আহিছে জিলা প্ৰশাসনে ।

স্পেনিছ গাৰ্ডেন

অবাসীক সকলৰ স্বাস্থ্যৰ প্ৰতিটোও বিশেষ দৃষ্টি ৰাখিছে প্ৰশাসনে। ইতিমধ্যে এপাৰ্টমেণ্টত বসবাস কৰা ৩৯৮ গৰাকী আবাসীৰ ভিতৰত ৫৪ গৰাকী লোকৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে আৰু সকলোৰে ফলাফল নিগেটিভ আহিছে। প্ৰশাসনে স্পেনিছ গাৰ্ডেনৰ লগতে সমগ্ৰ অঞ্চলটোত নিয়মীয়াকৈ চেনিটাইজেচন চলাই আছে।

চলিত মাহৰ 3 এপ্ৰিলত মহানগৰীৰ বিলাসী এপাৰ্টমেণ্ট স্পেনিছ গাৰ্ডেনৰ এগৰাকী ব্যৱসায়ী COVID 19 ত আক্রান্ত হোৱা পাছতে স্পেনিছ গাৰ্ডেনৰ ৩৯৮ টা পৰিয়ালক আছুতীয়াকৈ ৰখাৰ সিদ্ধান্ত লয় প্ৰশাসনে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.