ETV Bharat / state

Money demanding case: আলফাৰ নামত দাবী কৰা ধন নিবলৈ আহি আৰক্ষীৰ জালত 3

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 2:55 PM IST

আলফাৰ নামত ধন দাবী কৰি আৰক্ষীৰ জালত পৰিল তিনিজনকৈ লোক । এজন লোকে ক্ৰাইম ব্ৰাঞ্চত দিছিল গোচৰ ৷

Money demanding case
দাবী কৰা ধন নিবলৈ আহি আৰক্ষীৰ জালত পৰিল 3 জন

গুৱাহাটী, 9 ছেপ্টেম্বৰ : ৰাজ্যত বৰ্তমানেও অব্যাহত আছে আলফাৰ নামত ধন দাবী কাৰ্য ৷ এইবাৰ গুৱাহাটী মহানগৰীত আলফাৰ নামত ধন দাবী কৰি আৰক্ষীৰ জালত পৰিল তিনিজনকৈ লোক । ধৃত লোকেইজন হৈছে গৌতম তালুকদাৰ (35), বিকি থাপা (32) আৰু তপন তালুকদাৰ (26) । ধৃত তিনিজন লোকে আলফাৰ নাম লৈ মহানগৰীৰ পাঞ্জাবাৰী অঞ্চলৰ বাঘৰবৰী তিনিআলিৰ দেৱ প্ৰকাশ ভাগৱতীক ধন দাবী কৰিছিল বুলি অভিযোগ তুলিছে ভুক্তভোগীয়ে ।

দাবী কৰা ধনৰ আগধন 5 লাখ টকা শুকুৰবাৰে নিবলৈ আহি আৰক্ষীৰ জালত পৰে লোককেইজন । ঘটনা অনুসৰি 7 ছেপ্টেম্বৰৰ দিনা দিছপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বাঘৰবৰী তিনিআলিৰ দেৱ প্ৰকাশ ভাগৱতী নামৰ লোকজনে ক্ৰাইম ব্ৰাঞ্চলৈ আহি অচিনাকি নম্বৰৰ পৰা এজন ব্যক্তিয়ে আলফাৰ নামত তেওঁক ধন দাবী কৰা বুলি জানিবলৈ দিয়ে । সেই অনুসৰি দিছপুৰ থানাত ভাৰতীয় দণ্ডবিধিৰ 387 ধাৰাৰ অধীনত 1757/2023 নম্বৰৰ অধীনত এটি গোচৰ ৰুজু কৰা হয় ।

এই গোচৰৰ ভিত্তিত দিছপুৰ আৰক্ষীৰ সৈতে ক্ৰাইম ব্ৰাঞ্চে গোচৰ সন্দৰ্ভত আৰম্ভ কৰে তদন্ত । শুকুৰবাৰে লোকজনে অভিযোগকাৰীক ফোন যোগে 5 লাখ টকা আগধন হিচাপে দিবলৈ মাতে । উক্ত খবৰৰ ভিত্তিত দিছপুৰ আৰক্ষীৰ দলৰ সৈতে ক্ৰাইম ব্ৰাঞ্চে অভিযান চলায় কৃষ্ণনগৰ ইলেক্ট্ৰিচিয়ামৰ গৌতম তালুকদাৰ (35), দিছপুৰ জি এন আৰ চি হাস্পতালৰ অক্সিজেন অপাৰেটৰ পাঞ্জাবাৰীৰ বাসিন্দা বিকি থাপা (32), জি এন আৰ চিত নিৰাপত্তাৰক্ষী হিচাপে কৰ্মৰত স্বৰাজ নগৰৰ বাসিন্দা তপন তালুকদাৰ (26) ক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক: ASP Subhalakshmi Dutta case : আত্মসমৰ্পণৰ পিচতে জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ বিতৰ্কিত আৰক্ষী বিষয়া শুভলক্ষ্মী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.