ETV Bharat / state

মহানগৰীত ধন দাবী কৰি পিষ্টলসহ গ্ৰেপ্তাৰ ৩ অপৰাধী

author img

By

Published : May 7, 2021, 7:28 PM IST

গুৱাহাটীৰ কটাহবাৰীত নিজকে আৰক্ষীৰ অপৰাধ শাখাৰ লোক বুলি পৰিচয় দি যুৱকৰ পৰা ধন দাবীৰ অভিযোগ চাৰিজন লোকৰ বিৰুদ্ধে ৷ তদুপৰি লোক কেইজনে ভুক্তভোগী লোকজনৰ পৰা বলপূৰ্বক ভাৱে পিষ্টল দেখুৱাই 12 হাজাৰ টকা কাঢ়ি লৈ যোৱাৰো অভিযোগ উত্থাপন হৈছে ৷

3 held by garchuk police
মহানগৰীত ধন দাবী কৰি পিষ্টলসহ গ্ৰেপ্তাৰ ৩ অপৰাধী

গুৱাহাটী, 7 মে’: গুৱাহাটীৰ কটাহবাৰীত বৃহস্পতিবাৰে সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ বৃহস্পতিবাৰে আবেলি কটাহবাৰীৰ এখন চাহৰ দোকানত আবজেল আলী নামৰ এজন লোকে চাহ খাই থকা অৱস্থাত ইশ্বৰ নাথ চৌধুৰী নামৰ এজন লোকে অন্য তিনিজন লোকৰ সৈতে লগলাগি বলপূৰ্বক ভাৱে এখন অটোৰিক্সাত উঠাই আইএছবিটিৰ নিজ’ন হোটেলৰ সন্মুখলৈ লৈ আহে ৷ লোকজনে নিজকে আৰক্ষীৰ অপৰাধ শাখাৰ লোক বুলি পৰিচয় দিয়াৰো অভিযোগ উত্থাপন হৈছে ৷ অভিযোগ অনুসৰি পৰৱৰ্তী সময়ত ঘটনাস্থলীত অভিযুক্তৰ আন তিনিজন সহযোগী উপস্থিত হয় আৰু পিষ্টল দেখুৱাই অভিযোগকাৰীৰ পৰা দুই লাখ টকা দাবী কৰে ৷ তদুপৰি লোক কেইজনে ভুক্তভোগী লোকজনৰ পৰা বলপূৰ্বক ভাৱে 12 হাজাৰ টকা কাঢ়ি লৈ যোৱাৰো অভিযোগ উত্থাপন হৈছে ৷

3-held-by-garchuk-police

উক্ত সময়তেই ঘটনাস্থলীত উপস্থিত হোৱা গড়চুক আৰক্ষীয়ে ভুক্তভোগী যুৱকজনক উদ্ধাৰ কৰাৰ লগতে তিনি অভিযুক্তক আটক কৰিবলৈ সক্ষম হয় ৷ আনহাতে আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এটা পিষ্টল আৰু এখন স্কুটীও উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ আনহাতে ইয়াৰে এজন অভিযু্ক্ত ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় ৷ সম্প্ৰতি আৰক্ষীয়ে আটকাধীন লোক কেইজনক সোধপোছ অব্যাহত ৰখাৰ লগতে ঘটনাৰ তদন্ত চলাই গৈছে ৷

লগতে পঢ়ক: গোলাঘাটত মাস্ক পৰিধান নকৰা লোকৰ ডিঙিত প্ৰশাসনে ওলমালে ফলক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.