ETV Bharat / state

Child marriage in Assam: বাল্য বিবাহৰ স্বীকাৰ হোৱা বালিকাক পুনৰ সংস্থাপন দিব চৰকাৰে - বাল্য বিবাহ

হোজাই জিলাত সৰ্বাধিক ২১৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । ৰাজ্যজুৰি সৃষ্টি হৈছে অভাৱনীয় পৰিস্থিতিৰ ।জিলাই জিলাই কান্দোনৰ ৰোল উঠিছে । লগতে হৈছে প্ৰতিবাদ । ৰাজ্য চৰকাৰ নিজৰ স্থিতিত অটল । কিন্তু বাল্য বিবাহৰ স্বীকাৰ হোৱা বালিকাৰ পুনৰ সংস্থাপনৰ বাবে ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে । গঠন কৰা হৈছে কেবিনেট কমিটি (Operation against Child marriage In Assam) ।

2789 arrested against more then four thousand cases of child marriage in Assam
বাল্য বিবাহৰ চাৰি সহস্ৰাধিক গোচৰৰ বিপৰীতে ২৭৮৯ জনক গ্ৰেপ্তাৰ
author img

By

Published : Feb 10, 2023, 7:20 PM IST

গুৱাহাটী, ১০ ফেব্ৰুৱাৰী: ৰাজ্যজুৰি অব্যাহত থকা বাল্য বিবাহ বিৰোধী অভিযানত এতিয়ালৈকে ২৭৮৯ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে (Child marriage in Assam) । উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ নিৰ্দেশত যোৱা শুকুৰবাৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হোৱা বাল্য বিবাহ বিৰোধী অভিযানে আজি আঠ দিনত ভৰি দিছে । এতিয়ালৈকে ৰুজু হোৱা চাৰি সহস্ৰাধিক গোচৰৰ বিপৰীতে গ্ৰেপ্তাৰ কৰা হৈছে ২৭৮৯ জন লোকক (Assam child marriage case list) ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা উল্লেখ কৰি কয় যে, এই অভিযান অব্যাহত আছে (Crackdown Against Child Marriage) । বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীয়ে চলোৱা বৃহৎ অভিযানক লৈ ৰাজ্যজুৰি অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে । জিলাই জিলাই কান্দোনৰ ৰোল উঠিছে । লগতে হৈছে প্ৰতিবাদ । কিন্তু তথাপিও অব্যাহত আছে যুদ্ধ সদৃশ অভিযান । আজিও ৰাজ্যত বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখে (Operation against Child marriage In Assam)।

2789 arrested against more then four thousand cases of child marriage in Assam
বাল্য বিবাহৰ চাৰি সহস্ৰাধিক গোচৰৰ বিপৰীতে ২৭৮৯ জনক গ্ৰেপ্তাৰ

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সকলৰ ভিতৰত বাল্য বিবাহ কৰা স্বামীৰ উপৰিও পৰিয়ালৰ লোক, কাজি, মৌলানা আৰু পুৰোহিতো আছে (Child marriage cases registered in Assam) । আনকি বাল্য বিবাহত উপস্থিত থকা লোককো গ্ৰেপ্তাৰ কৰা হৈছে । উল্লেখ্য যে এতিয়ালৈকে হোজাই জিলাত সৰ্বাধিক ২১৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে (Illegitimate husband arrested in Assam) । জিলাখনত গোচৰ ৰুজু হৈছে ২৫৫ টা ।

আনহাতে বজালিত ৫৮ টা গোচৰৰ বিপৰীতে ৫১ জনক, বাক্সাত ১৫৩ টাৰ বিপৰীতে ১৫৮ জনক, বৰপেটাত ১০৭ টাৰ বিপৰীতে ১৪৬ জনক, বঙাইগাঁৱত ১৫২ টাৰ বিপৰীতে ১২১ জনক, কাছাৰত ৫৩ টাৰ বিপৰীতে ৮২ জনক, চৰাইদেউত ৭৮ টাৰ বিপৰীতে ৭ জনক, চিৰাঙত ৫৪ টাৰ বিপৰীতে ৪৫ জনক, দৰঙত ১২৬ টাৰ বিপৰীতে ৬৭ জনক আৰু ধেমাজিত ১০১ টাৰ বিপৰীতে ২৯ জনক ৷

ইফালে ডিব্ৰুগড়ত ৮৩ টাৰ বিপৰীতে ৬ জনক, ডিমা হাচাওত ২৩ টাৰ বিপৰীতে ১৫ জনক, গোৱালপাৰাত ১৫৮ টাৰ বিপৰীতে ৯০ জনক, গোলাঘাটত ৮১ টাৰ বিপৰীতে ২৯ জনক, হাইলাকান্দিত ১০৯ টাৰ বিপৰীতে ১১৮ জনক, হামৰেনত ১৫ টাৰ বিপৰীতে ১০ জনক, যোৰহাটত ২৫ টাৰ বিপৰীতে ৭ জনক, কামৰূপত ১০১ টাৰ বিপৰীতে ১০২ জনক, কাৰ্বি আংলঙত ১২৬ টাৰ বিপৰীতে ৫৩ জনক আৰু কোকৰাঝাৰত ২০৯ টাৰ বিপৰীতে ১০৮ জনক গ্ৰেপ্তাৰ কৰা হৈছে ৷

কৰিমগঞ্জত ১০৩ টাৰ বিপৰীতে ১০৭ জনক, লখিমপুৰত ৩৬ টাৰ বিপৰীতে ৩১ জনক, মাজুলীত ৪৪ টাৰ বিপৰীতে ২৪ জনক, মৰিগাঁৱত ১৯১ টাৰ বিপৰীতে ১২৮ জনক, নলবাৰীত ১৮৫ টাৰ বিপৰীতে ৪৭ জনক, নগাঁৱত ২০৬ টাৰ বিপৰীতে ১৮৪ জনক, শদিয়াত ৯৭ টাৰ বিপৰীতে ৩৮ জনক, শিৱসাগৰত ৫১ টাৰ বিপৰীতে ২৪ জনক, শোণিতপুৰ ৬৬ টাৰ বিপৰীতে ৩৯ জনক, দক্ষিণ শালমাৰাত ১৪৫ টাৰ বিপৰীতে ৪৭ জনক, তামুলপুৰত ১১৬ টাৰ বিপৰীতে ৬৬ জনক, তিনিচুকীয়াত ৭৫ টাৰ বিপৰীতে ৩৯ জনক, ওদালগুৰিত ২০৫ টাৰ বিপৰীতে ৮৯ জনক আৰু গুৱাহাটী মহানগৰীত ৬৬ টা গোচৰৰ বিপৰীতে ৫৮ জনক গ্ৰেপ্তাৰ কৰা হৈছে ।

ৰাজ্যৰ প্ৰতিখন জিলাতে চলিছে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান । এই অভিযানৰ সমান্তৰালভাৱে সৃষ্টি হৈছে অভাৱনীয় পৰিস্থিতিৰ । ইফালে বাল্য বিবাহৰ স্বীকাৰ হোৱা বালিকাসকলৰ পুনৰ সংস্থাপনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে ।

এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয় । ইয়াৰ বাবে কেবিনেট কমিটি গঠন কৰা হৈছে । মন্ত্ৰী ডাঃ ৰণোজ পেগু, কেশৱ মহন্ত আৰু অজন্তা নেওগক লৈ গঠন কৰা উচ্চ পৰ্যায়ৰ কেবিনেট কমিটিখনে এই ক্ষেত্ৰত অধ্যয়ন কৰি চৰকাৰক প্ৰতিবেদন দাখিল কৰিব । প্ৰতিবেদনত কেবিনেট কমিটিয়ে বাল্য বিবাহৰ স্বীকাৰ হোৱা বালিকা সকলৰ পুনৰ সংস্থাপনৰ ক্ষেত্ৰত দিহা দিব । তাৰেই ভিত্তিতেই চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব ।

লগতে পঢ়ক: Child marriage in Assam: এগৰাকী গৰ্ভৱতী পত্নীয়ে মুখ্যমন্ত্ৰীলৈ কৰা কাতৰ আহ্বানে সকলোকে কৰি তুলিলে আবেগিক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.