ETV Bharat / state

27 জানুৱাৰীত 24 ঘন্টীয়া চকা বন্ধৰ আহ্বান পৰিবহন সংস্থাৰ - সাহাৰ্য লাভ

২৭ জানুৱাৰীত অচল হৈ পৰিব ৰাজ্য ৷ সেইদিনা ৰাজ্যত নচলিব এখনো বাছ, ট্ৰেকাৰ, অট’ৰিক্সা, ই-ৰিক্সাকে ধৰি ব্যক্তিগত পৰিবহন খণ্ডৰ বাহন ৷

27-january-choka-bonda-in-all-over-assam-announced-by-different-transport-association
27 জানুৱাৰীত 24 ঘন্টীয়া চকা বন্ধৰ আহ্বান পৰিবহন সংস্থাৰ
author img

By

Published : Jan 24, 2021, 6:50 PM IST

নিউজ ডেস্ক, 24 জানুৱাৰী : ৰাজ্য চৰকাৰে চালক-কৰ্মচাৰীৰ অসুবিধাৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান নকৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ মটৰ পৰিবহন সংস্থাই লৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ সেই অনুসৰি, আগন্তুক 27 জানুৱাৰীত ৰাজ্যত ঘোষণা কৰা হৈছে 24 ঘন্টীয়া চকাবন্ধ কাৰ্যসূচীৰ ৷ সেই দিনাখন ৰাজ্যত নচলিব এখনো বাছ, ট্ৰেকাৰ, অট’ৰিক্সা, ই-ৰিক্সা কিম্বা অন্যান্য ব্যক্তিগত পৰিবহন খণ্ডৰ বাহন ৷

লক ডাউনৰ সময়ছোৱাত পৰিবহন কৰ্মচাৰীসকলে বহুটো সমস্যাৰ সন্মুখীন হৈছিল ৷ যাত্ৰীৰ সংখ্যা কমাই দিয়া হৈছিল যদিও ভাড়াৰ নিৰিখ একেই আছিল ৷ যাৰ ফলত পৰিয়াল চলোৱাত বহুটো অসুবিধাৰ সন্মুখীন হৈছিল এইসকল দৈনন্দিন কৰ্মচাৰী ৷ 7 মাহযোৰা লক ডাউনৰ সময়ছোৱাতো ৰাজ্য চৰকাৰৰ পৰা কোনো সাহাৰ্য লাভ নকৰাৰ অভিযোগ উত্থাপন কৰিছে মটৰ পৰিবহন সংস্থাই ৷

চৰকাৰৰ অমনোযোগিতাৰ বাবেই আগন্তুক 27 জানুৱাৰীৰ পৰা 24 ঘন্টীয়া চকাবন্ধ ঘোষণা কৰিছে সন্থাই । ইয়াৰ উপৰিও 12 আৰু 13 ফেব্ৰুৱাৰীত 48 ঘন্টীয়া চকাবন্ধৰো আহ্বান জনাইছে সংস্থাই । দীঘলীয়া প্ৰতিবাদৰ অংশস্বৰূপে যদিহে এই বন্ধৰ সময়তো চৰকাৰে সমস্যাৰ সমাধানত কোনো গুৰুত্ব প্ৰদান নকৰে তেতিয়া ফ্ৰেব্ৰুৱাৰীৰ 25, 26 আৰু 27 তাৰিখে পুনৰ 72 ঘন্টীয়া চকাবন্ধ ঘোষণা কৰিব সংস্থাই । অৱশ্যে এই চকাবন্ধৰ সময়ত জৰুৰীকালীন সেৱাসমূহ চলি থাকিব ।

লগতে পঢ়ক : ৰঙিয়াত প্ৰাক্তন আইজিপি প্ৰদীপ শালৈৰ গৃহত চুৰি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.