ETV Bharat / state

হত্যাৰ 25 বছৰ পাচতো চিনাক্ত নহ’ল পৰাগ দাসৰ হত্যাকাৰী - অসমীয়া প্ৰতিদিন

আজি নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাসৰ 25 সংখ্যক মৃত্যু বাৰ্ষিকী ৷ বিশিষ্ট সাংবাদিকগৰাকীৰ মৃত্যু বাৰ্ষিকীত ৰাজগড়ত তেখেতৰ স্মৃতিত শ্ৰদ্ধা জনালে তেওঁৰ আত্মীয় আৰু গুণমুগ্ধসকলে ৷

নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাসৰ মৃত্যুৰ ২৫ টা বৰ্ষ সম্পূৰ্ণ

author img

By

Published : May 17, 2021, 1:33 PM IST

গুৱাহাটী, ১৭ মে': আজিৰ পৰা ২৫ বছৰৰ পূৰ্বে এনেকুৱা এটা ৰৌদ্ৰজ্জ্বল দুপৰীয়াতে চিৰদিনৰ বাবে ঢলি পৰিছিল পৰাগ কুমাৰ দাস । দিনটো আছিল ১৯৯৬ চনৰ ১৭ মে' । তেখেতৰ মৃত্যুত কঁপি উঠিছিল অসমৰ সমাজ জীৱন, সংবাদক্ষেত্ৰ তথা ৰাজনীতিৰ জগত । বতাহতকৈও বেগেৰে শদিয়া-ধুবুৰীৰ সীমা পাৰ হৈ দেশে-বিদেশে বিয়পি পৰিছিল তেখেতৰ মৃত্যুৰ খবৰ ৷ ঘাতকে ব্যস্ত গুৱাহাটীৰ মাজ মজিয়াত গুলিয়াই হত্যা কৰে সাংবাদিক পৰাগ কুমাৰ দাসক ।

নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাসৰ মৃত্যুৰ ২৫ টা বৰ্ষ সম্পূৰ্ণ
নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাসৰ মৃত্যুৰ ২৫ টা বৰ্ষ সম্পূৰ্ণ

"অসমীয়া প্ৰতিদিন" কাকতৰ সেই সময়ৰ কাৰ্যবাহী সম্পাদক পৰাগ কুমাৰ দাস আনদিনাৰ দৰে সেইদিনাও ৰাজগড়লৈ পুত্ৰ ৰোহণক স্কুলৰ পৰা আনিবলৈ ওলাই আহিছিল । পুত্ৰৰ সমূখতে দুৰ্বৃত্তই বুকু ভেদি থৈ গৈছিল বিশিষ্ট সাংবাদিকগৰাকীৰ । ৰাজগড়ৰ ৰাজপথত এডোঙা তেজৰ মাজত পৰি ৰৈছিল পৰাগ দাসৰ নিথৰ দেহ ।

আজি নিৰ্ভীক সাংবাদিকজনৰ 25 সংখ্যক মৃত্যু বাৰ্ষিকী ৷ পুৱাতেই ৰাজগড়ৰ সেই স্থানত আহি পৰাগ দাসৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধা যাচিলে তেওঁৰ আত্মীয় আৰু গুণমুগ্ধই । পৰাগ দাসৰ হত্যাক লৈ বিগত দুটা দশকজুৰি বহুত পানী ঘোলা হ'ল, বহুত ৰাজনীতি চলিল । কিন্তু কোনে হত্যা কৰিছিল এইগৰাকী সাংবাদিকক সেই ঘাতকক আজিকোপতি বিচাৰি উলিয়াব নোৱাৰিলে দেশৰ আৰক্ষী, প্ৰশাসন আৰু ন্যায় ব্যৱস্থাই । চি বি আয়ে দীঘলীয়া তদন্ত চলালে আৰু অৱশেষত এই হত্যাকাণ্ডত জড়িত বুলি সন্দেহ কৰা ব্যক্তিক উপযুক্ত তথ্য প্ৰমাণৰ অভাৱত নিৰ্দোষী ঘোষণা কৰিলে । লগে লগে পৰাগ দাস হত্যাৰ তদন্তৰ ফাইলো বন্ধ হ'ল ।

কেৱল পৰাগ দাসেই নে ? এই পৰ্যন্ত অসমত দুৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুৱাইছে ৩২ গৰাকীকৈ সাংবাদিকে । ইতিমধ্যে ৰাজ্য চৰকাৰৰ ফালৰ পৰা এইসকল প্ৰয়াত সাংবাদিকৰ পৰিয়াললৈ পাঁচ লাখ টকাকৈ এককালিন সাহায্য আগবঢ়োৱা হৈছে । কিন্তু শ্বহীদ পৰাগ দাসৰ পৰিয়ালে চৰকাৰৰ সেই সাহায্য সবিনয়ে প্ৰত্যাখান কৰিছে ।

লগতে পঢ়ক : ভক্তৰ বাবে মুকলি শক্তিপীঠ ৰুদ্ৰনাথ-তুংগনাথৰ দ্বাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.