গুৱাহাটী , 31 অক্টোবৰ: শুকুৰবাৰৰ পৰা গ্ৰন্থনগৰীলৈ পৰিণত হ'ব মহানগৰীৰ চানমাৰী অভিযান্ত্ৰিক খেলপথাৰ ৷ সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত চানমাৰী অভিযান্ত্ৰিক খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া গ্ৰন্থমেলাৰ শুভাৰম্ভ কৰিব উপৰাষ্ট্ৰপতি ভেংকয়া নাইডুৱে । উক্ত উদ্ধোধনী অনুষ্ঠানত উপ ৰাষ্ট্ৰপতিৰ লগতে উপস্থিত থাকিব ৰাজ্যপাল জগদীশ মুখী,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বহু বিশিষ্ট ব্যক্তি ।
বৃহস্পতিবাৰে গ্ৰন্থমেলাথলীত অনুষ্ঠিত হোৱা এক সংবাদমেলত অনুষ্ঠানৰ বিষয়ে অৱগত কৰে গ্ৰন্থমেলাৰ উদ্যোক্তাসকলে । এইবাৰৰ গ্ৰন্থমেলাত দিল্লী, কলকাতা, লুধিয়ানা,অন্ধপ্ৰদেশৰ লগতে বহু কেইখন ৰাজ্যৰ ৫৫ খন বিপণীৰ সৈতে মুঠ 225 খন গ্ৰন্থ বিপণীয়ে অংশ ল'ব বুলি জানিবলৈ দিয়ে উদ্যোক্তা সকলে। গ্ৰন্থমেলাৰ সৈতে সংগতি ৰাখি প্ৰতিদিনেই বিভিন্ন সাহিত্য বিষয়ক অনুষ্ঠান আৰু মত বিনিময় অনুষ্ঠানো অনুষ্ঠিত কৰা হ'ব গ্ৰন্থমেলাখনত ।