ETV Bharat / state

2014 Bodoland clash: 2014 চনৰ বড়োলেণ্ডৰ গোষ্ঠীগত সংঘৰ্ষৰ দুই অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড - যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়দান NIA আদালতৰ

2014 চনৰ বড়োলেণ্ডৰ গোষ্ঠীগত সংঘৰ্ষৰে জড়িত দুজনক যাৱজ্জীৱন কাৰাদণ্ড NIA আদালতৰ ৷ সুদীৰ্ঘ 10 বছৰৰ অন্তত বুধবাৰে গুৱাহাটীৰ NIAৰ আদালতে প্ৰদান কৰে এই ৰায়দান (Bodoland clash 2014) ৷ অভিযুক্ত ৰবি বসুমতাৰী আৰু প্ৰদীপ বসুমতাৰীক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ ৷

2014 Bodoland clash
2014 চনৰ বড়োলেণ্ডৰ গোষ্ঠীগত সংঘৰ্ষৰ দুই অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড
author img

By

Published : Mar 22, 2023, 9:22 PM IST

গুৱাহাটী, 22 মাৰ্চ: 2014 চনৰ বড়োলেণ্ডৰ গোষ্ঠীগত সংঘৰ্ষৰ ফলত হোৱা লোমহৰ্ষক হত্যাকাণ্ডৰ ৰায়দান ৷ গুৱাহাটী NIA আদালতে বুধবাৰে দিলে এই ৰায়দান কৰে ৷ বড়োলেণ্ডৰ গোষ্ঠীগত সংঘৰ্ষত হোৱা লোমহৰ্ষক হত্যাকাণ্ডৰ লগত জড়িত দুজন অভিযুক্তক NIA আদালতে দোষী সাব্যস্ত কৰি বিহিলে যাৱজ্জীৱন কাৰাদণ্ড (Bodoland clash 2014) ।

অভিযুক্ত ৰবি বসুমতাৰী আৰু প্ৰদীপ বসুমতাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়দান NIA আদালতৰ ৷ দুয়োজন বিৰুদ্ধে থকা ভাৰতীয় দণ্ডবিধি আৰু ইউ এ ( পি) আইনৰ বিভিন্ন ধাৰাত NIA আদালতে শুনানী গ্ৰহণ কৰি প্ৰদান কৰে এই ৰায় ৷ ইফালে, 2014 চনৰ বড়োলেণ্ডৰ গোষ্ঠীগত সংঘৰ্ষৰ লোমহৰ্ষক হত্যাকাণ্ডৰ লগত জড়িত আন এগৰাকী অভিযুক্ত উপেন বসুমতাৰীৰ বিৰুদ্ধে থকা গোচৰৰ শুনানী NIA আদালতত অব্যাহত আছে (NIA court judgement on Bodoland clash) ৷

উল্লেখ্য যে, ৰবি বসুমতাৰী, প্ৰদীপ বসুমতাৰী আৰু উপেন বসুমতাৰী আছিল এন ডি এফ বিৰ‌ (NDFB) কেডাৰ ৷ 2014 চনৰ বড়োলেণ্ডৰ গোষ্ঠীগত সংঘৰ্ষৰ সময়ত 14 গৰাকী লোকক আক্ৰমণ কৰি ৰবি বসুমতাৰী, প্ৰদীপ বসুমতাৰী আৰু উপেন বসুমতাৰীয়ে হত্যাৰ প্ৰচেষ্টা চলাইছিল ৷‌ ইয়াৰে 7 জনক ৰবি বসুমতাৰী, প্ৰদীপ বসুমতাৰী আৰু উপেন বসুমতাৰীয়ে নিৰ্মমভাবে হত্যা কৰিছিল ৷ আনহাতে বাকী 7 জন আজিও ঘূনীয়া হৈ আছে (Bodoland crisis 2014) ৷

অসম আৰক্ষীয়ে ৰবি বসুমতাৰী, প্ৰদীপ বসুমতাৰী আৰু উপেন বসুমতাৰীৰ বিৰুদ্ধে এই হত্যাকাণ্ডৰ বাবে গোচৰ ৰুজু কৰিছিল ৷ প্ৰথম অৱস্থাত এই গোচৰটো অসম আৰক্ষীৰ অধীনত আছিল যদিও পৰৱৰ্তী পৰ্যায়ত আদালতৰ হস্তক্ষেপৰ পাচত এই গোচৰটো NIAৰ হাতলৈ হস্তান্তৰ কৰা হয় ৷

উল্লেখ্য যে, স্বাধীন বড়োলেণ্ডৰ দাবীৰে সশস্ত্ৰ বিদ্ৰোহ চলাই থকা NDFBক ৯০ৰ দশকত প্ৰথমবাৰ নিষিদ্ধ ঘোষণা কৰা হৈছিল আৰু তাৰ পাচত প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে এই নিষেধাজ্ঞা নৱীকৰণ কৰি আহিছে কেন্দ্ৰীয় চৰকাৰে ৷ কেন্দ্ৰীয় চৰকাৰৰ তথ্য মতে এন ডি এফ বিয়ে(NDFB) 2015 বৰ্ষটোত 62 টা হিংসাত্মক ঘটনা সংঘটিত কৰিছিল । এই ঘটনাবোৰত 19 জন অসামৰিক লোক আৰু 55 জন বিদ্ৰোহী নিহত হৈছিল (Bodoland clash 2014) ৷

লগতে পঢ়ক: HSLC exam paper leaked: প্ৰশ্নকাকত ফাদিলত জড়িত লখিমপুৰৰ দুই শিক্ষকক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.