ETV Bharat / state

Pradhan Mantri Awas Yojana Gramin: প্ৰধানমন্ত্ৰীৰ সপোনৰ আবাস যোজনাৰ পৰা বঞ্চিত অসমৰ ২ লাখ দৰিদ্ৰ হিতাধিকাৰী - 2 lakh beneficiaries of Assam deprived from PMAY G

অসমত ধোঁৱাচাঙত উঠাৰ উপক্ৰম দৰিদ্ৰলৈ প্ৰধানমন্ত্ৰীৰ আবাস যোজনা (poor implimantaion of PMAY G in Assam) । অসমৰ ২ লাখ দৰিদ্ৰ হিতাধিকাৰী বঞ্চিত প্ৰধানমন্ত্ৰী আবাস যোজনা-গ্ৰামীণৰ ঘৰৰ সুবিধাৰ পৰা (PMAY-G) । গ্ৰামোন্নয়নৰ আয়ুক্তৰ প্ৰকল্প সঞ্চালক আৰু বিষয়ালৈ পত্ৰ । ১৭ নৱেম্বৰত বিশেষ বৈঠক আহ্বান আয়ুক্তৰ । ব্যৰ্থ সকলো বিষয়াকে হাজিৰ হোৱাৰ নিৰ্দেশ ।

PMAY
PMAY
author img

By

Published : Nov 16, 2022, 8:24 PM IST

গুৱাহাটী, ১৬ নৱেম্বৰ : দুখীয়াৰ বাবে চৰকাৰৰ ঘৰ । চৰকাৰৰ বিজ্ঞাপনেৰে ব্যাপক প্ৰচাৰ । কিন্তু অসমত ধোঁৱাচাঙত উঠাৰ উপক্ৰম দৰিদ্ৰলৈ প্ৰধানমন্ত্ৰীৰ আবাস যোজনা (Pradhan Mantri Awas Yojana) । অসমৰ ২ লাখ দৰিদ্ৰ হিতাধিকাৰী বঞ্চিত হৈছে প্ৰধানমন্ত্ৰী আবাস যোজনা-গ্ৰামীণৰ (Pradhan Mantri Awas Yojana Gramin) ঘৰৰ পৰা । গ্ৰামোন্নয়নৰ আয়ুক্তৰ প্ৰকল্প সঞ্চালক আৰু বিষয়ালৈ পত্ৰ প্ৰেৰণ ।

চৰকাৰৰ বিজ্ঞাপন আৰু প্ৰচাৰত আমি সকলোৱে পতিয়ন যাওঁ যে দেশৰ সকলো দৰিদ্ৰয়েই ঘৰ পাব ৷ খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ (PM Narendra Modi) চৰকাৰৰে শ্লোগান অনুসৰি ২০২৪ ৰ ভিতৰত 'সকলোৰে বাবে ঘৰ’ৰ ব্যৱস্থা কৰিব ৷ কিন্তু অতি লেহেমীয়া গতিৰ বাবে অসমত ধোঁৱাচাঙত উঠাৰ উপক্ৰম হৈছে দৰিদ্ৰৰ বাবে প্ৰধানমন্ত্ৰীৰ অভিলাষী আঁচনি 'প্ৰধানমন্ত্ৰীৰ আবাস যোজনা’ (poor implimantation of PMAY G in Assam) ৷

এখন পত্ৰই উদঙাই দিছে কিদৰে পুতৌজনকভাৱে অসমত ৰূপায়ণ হৈ আছে এই আঁচনিৰ ঘৰৰ কাম ৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ আয়ুক্ত বিক্ৰম কৈৰীয়ে জিলা প্ৰকল্প বিষয়া আৰু জিলা পৰিষদৰ কাৰ্যকৰী বিষয়ালৈ লিখা এখন পত্ৰই উদঙাইছে এই কথা ৷ পত্ৰখনত উদ্বিগ্নতা প্ৰকাশ কৰি কোৱা হৈছে— ৰাজ্যত অনুমোদিত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ (PMAY) ঘৰ ৰূপায়ণৰ ব্যৱস্থা পুতৌজনক । মুঠ অনুমোদিত ঘৰ ১৬ লাখ ১২ হাজাৰ ৬৬০ টাৰ বিপৰীতে ৪১ শতাংশহে নিৰ্মাণ হৈছে (2 lakh beneficiaries of Assam deprived from PMAY G) ।

প্ৰধানমন্ত্ৰীৰ সপোনৰ আবাস যোজনাৰ পৰা বঞ্চিত অসমৰ ২ লাখ দৰিদ্ৰ হিতাধিকাৰী

এই ক্ষেত্ৰত বাৰম্বাৰ বিভাগীয় বৈঠকৰ পিছতো গতি লোৱা নাই PMAY-G-ৰ ঘৰ নিৰ্মাণ কাৰ্যই ৷ সেয়েহে অহা ১৭ নৱেম্বৰত বিশেষ বৈঠক আহ্বান কৰিছে আয়ুক্তই । উক্ত বৈঠকত ঘৰ নিৰ্মাণত ব্যৰ্থ সকলো বিষয়াকে হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে । মন কৰিবলগীয়া যে তৃতীয় কিস্তিৰ ধন মুকলিৰ পিছতো ৯৩ হাজাৰ ৫৫৫ টা ঘৰ এতিয়ালৈকে সম্পূৰ্ণ নহ’ল । চৰকাৰে বাৰে বাৰে নিৰ্দেশ দিয়া সত্ত্বেও কিন্তু মাত্ৰ ৪১.৯৩ শতাংশহে PMAY-G ঘৰৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে (poor progress of PMAY G) ৷

আনহাতে, অনুমোদিত ১৬ লাখ ১২ হাজাৰ ৬৬০ গৰাকীৰ তালিকাৰ হিতাধিকাৰীৰ বিপৰীতে ১৪ লাখ ১০ হাজাৰ ২৭১ জন হিতাধিকাৰীৰহে ঘৰৰ আবণ্টন দিয়া হৈছে ৷

বিভাগীয় তথ্যমতে, জিলা হিচাবত বজালীত ১,৫৭৯ জন, বাক্সাত ৩,৯৬৮ জন, বৰপেটাত ৯,০৪৫ জন, বিশ্বনাথত ৬৭ জন, বঙাইগাঁৱত ১,৭৪৩ জন, কাছাৰত ৩,৭৬১ জন, চৰাইদেউত ৩৪৫ জন, চিৰাঙত ৫৬৮ জন, দৰঙত ১৪,১৫৭ জন, ধেমাজিত ১০৪ জন, ধুবুৰীত ৮১, ৬৮৩ জন, ডিব্ৰুগড়ত ১,৭৪৩ জন, ডিমা হাচাওত ১০০ জন, গোৱালপাৰাত ৮,৫১৭ জন, গোলাঘাটত ১,৯০৬ জন, হাইলাকান্দিত ৫,১৪৮ জন, হোজাইত ১১,৭৭৬ জন, যোৰহাটত ১,৮৪৩ জন, কামৰূপত ৩,৩১৮ জন, কামৰূপ মহানগৰত ৫৭৪ জন, কাৰ্বি আংলঙত ৪১ জন, কৰিমগঞ্জত ২,০৪৯ জন, কোকৰাঝাৰত ২,৩৯৭ জন, লখিমপুৰত ৮০৯ জন, মাজুলীত ১১ জন, মৰিগাঁৱত ৫,৪৩১ জন, নগাঁৱত ৫,৪২৪ জন, নলবাৰীত ১,২০৯ জন, শিৱসাগৰত ১,০২২ জন, শোণিতপুৰত ৪,৪৯০ জন, দক্ষিণ শালমৰা-মানকাচৰত ১২,৬৩২ জন, তামুলপুৰত ২,১৬৯ জন, তিনিচুকীয়াত ২,৩৭৫ জন ওদালগুৰিত ৩,৫০২ জন আৰু পশ্চিম কাৰিব আংলঙত ১৩৭ জন হিতাধিকাৰী তালিকাত নাম থকাৰ পিছতো প্ৰধানমন্ত্ৰী আবাস যোজনাৰ পৰা বঞ্চিত হৈ আছে ।

এক কথাত অনুমোদিত নামৰ বিপৰীতে নিৰ্মাণ হোৱা ঘৰৰ সংখ্যাৰ মাজত বৃহৎ পাৰ্থক্যই বিভাগটোৰ ব্যৰ্থতাকে উদঙাই দেখুৱাইছে ৷ যাৰ বাবে স্বাভাৱিকতে প্ৰশ্ন উঠিছে— কাৰ গাফিলতিত অসমত ব্যৰ্থ হৈছে প্ৰধানমন্ত্ৰীৰ সকলোৰে বাবে ঘৰৰ অভিলাষী আঁচনিখন ৷

লগতে পঢ়ক :Eviction in Lenga North Guwahati: উত্তৰ গুৱাহাটীৰ বেদখলী ভূমিত প্ৰশাসনৰ উচ্ছেদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.