গুৱাহাটী,২৬ ছেপ্টেম্বৰ: কেন্দ্ৰীয় আয়ুস্মান আঁচনিক লৈ দুটাকৈ শিতানত শ্ৰেষ্ঠ ৰাজ্যৰ পুৰস্কাৰ লাভ ৷ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ উদ্যোগত নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত 'আৰোগ্য মন্থন' শীৰ্ষক ৰাষ্ট্ৰীয় স্বাস্থ্য চিন্তন শিৱিৰত অসমে আজি দুটাকৈ শিতানত শ্ৰেষ্ঠ ৰাজ্যৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় । প্ৰথমটো সৰ্বাধিক সংখ্যক যোগ্য হিতাধিকাৰীৰ বাবে আয়ুস্মান কাৰ্ড সৃষ্টি কৰা আৰু দ্বিতীয়টো হিতাধিকাৰীৰ মাজত আয়ুস্মান কাৰ্ড বিতৰণত উৎকৃষ্ট কাৰ্যপ্ৰণালী ব্যৱহাৰ কৰা ।
![2 Ayushman Excellence Award to Assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/26-09-2023/as-ghy-04-assam-receives-two-ayushman-excellence-awards-7209925_26092023202814_2609f_1695740294_48.jpg)
এই দুটা শিতানত অসমে দেশৰ বৃহৎ ৰাজ্যসমূহৰ ভিতৰতে শ্ৰেষ্ঠ ৰাজ্যৰ পুৰস্কাৰ লাভ কৰে । আয়ুস্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (এবি-পিএমজেএৱাই)ৰ পঞ্চম বৰ্ষপূৰ্তিৰে সংগতি ৰাখি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ অধীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণে কালিৰে পৰা দুদিনীয়াকৈ আয়োজন কৰা আৰোগ্য মন্থনৰ আজি সন্ধিয়া হোৱা সামৰণি অনুষ্ঠানত অসমক এই দুয়োটা বঁটা প্ৰদান কৰা হয় । অনুষ্ঠানত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্যমন্ত্ৰী অধ্যাপক এছ পি সিং বাঘেলৰ উপস্থিতিত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড৹ মনসুখ মাণ্ডব্যৰ হাতৰ পৰা এই বঁটা গ্ৰহণ কৰে অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ লগতে কেইবাগৰাকীও বিষয়াই ।
![2 Ayushman Excellence Award to Assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/26-09-2023/as-ghy-04-assam-receives-two-ayushman-excellence-awards-7209925_26092023202814_2609f_1695740294_383.jpg)
উল্লেখ্য যে, ২০২২ চনৰ ১ ছেপ্তেম্বৰৰ পৰা যোৱা ৩১ আগষ্টলৈ এটা বছৰত এবি-পিএমজেএৱাইৰ অধীনত অসমে প্ৰায় ১.৫৮ কোটি যোগ্য হিতাধিকাৰীৰ ই-কেৱাইচি সম্পূৰ্ণ কৰি আয়ুস্মান কাৰ্ড সৃষ্টিৰে দেশৰ বৃহৎ ৰাজ্যসমূহৰ ভিতৰতে শ্ৰেষ্ঠ ৰাজ্য হিচাপে পৰিগণিত হ'বলৈ সক্ষম হয় । একেদৰে, বিগত অসমে উৎকৃষ্ট কাৰ্যপ্ৰণালী তথা ব্যৱস্থাপনাৰ সৰ্বাধিক সংখ্যক যোগ্য হিতাধিকাৰীৰ মাজত আয়ুস্মান কাৰ্ড বিতৰণ সম্ভৱ কৰি তোলাৰ স্বীকৃতি হিচাপে দ্বিতীয়টো শিতানত শ্ৰেষ্ঠ ৰাজ্যৰ আয়ুস্মান উৎকৃষ্টতা পুৰস্কাৰ লাভ কৰিলে ।
![2 Ayushman Excellence Award to Assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/26-09-2023/as-ghy-04-assam-receives-two-ayushman-excellence-awards-7209925_26092023202814_2609f_1695740294_504.jpg)
ইফালে, আজিৰ সামৰণি অনুষ্ঠানত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড৹ মাণ্ডব্যই মুখ্য অতিথি, কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্যমন্ত্ৰী অধ্যাপক বাঘেলে বিশিষ্ট অতিথি আৰু অসমৰ স্বাস্থ্যমন্ত্ৰী মহন্তই সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে । অনুষ্ঠানত অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সন্মানীয় অতিথি হিচাপে সম্বোধন কৰি অসম চৰকাৰেও সকলোৰে বাবে সুস্বাস্থ্যৰ লক্ষ্য পূৰণৰ দিশত আগবাঢ়িছে বুলি উল্লেখ কৰে ।
![2 Ayushman Excellence Award to Assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/26-09-2023/ayushmanawardtoassambycentralgovt_26092023201818_2609f_1695739698_1081.jpg)
অনুষ্ঠানত কেন্দ্ৰীয় আঁচনিখনৰ সমানেই বছৰি পাঁচ লাখ টকালৈ নগদবিহীন চিকিৎসা সেৱা উপলব্ধ কৰি স্বাস্থ্য নিশ্চয়তা প্ৰদান কৰি আয়ুস্মান অসম মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনা (এএ-এমএমজেএৱাই) যোৱা ১০ মে'ৰ পৰা শুভাৰম্ভ কৰাৰ বিষয়ে অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী মহন্তই কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীসহ উপস্থিত সকলোকে অৱগত কৰে । এবি-এমএমজেএৱাই আৰু আৰু এএ-এমএমজেএৱাই আঁচনি দুখনৰ জৰিয়তে অসমৰ মুঠ ১.৯৮ কোটি আৰ্থিকভাৱে দুৰ্বল লোকক আয়ুস্মান কাৰ্ডৰ স্বাস্থ্য নিশ্চয়তা প্ৰদান কৰিবলৈ লোৱা হৈছে বুলি তেওঁ উল্লেখ কৰে ।
লগতে পঢ়ক: Gulab Chand Kataria news:লখিমপুৰত ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া