ETV Bharat / state

এক বজাৰ শীৰ্ষ দহটা বাতৰি... - 1PM TOP TEN NEWS

এক বজাৰ শীৰ্ষ দহটা বাতৰি...

1PM TOP TEN NEWS
এক বজাৰ শীৰ্ষ দহটা বাতৰি...
author img

By

Published : Oct 19, 2020, 1:14 PM IST

পৰ্যটকৰ বাবে পুনঃমুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

আগন্তুক 21 অক্টোবৰত পৰ্যটকৰ বাবে সম্পূৰ্ণ ক’ভিড প্ৰট’কলৰ মাজেৰে পুনঃমুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই পৰ্যটকৰ বাবে মুকলি কৰিব ৰাষ্ট্ৰীয় উদ্যানখন ৷

বিশিষ্ট অৰ্থনীতিবিদ ডঃ জয়ন্ত মাধৱৰ দেহাৱসান

বিশিষ্ট অৰ্থনীতিবিদ ডঃ জয়ন্ত মাধৱ আৰু নাই ৷ 91 বছৰীয়া অসমৰ সুযোগ্য সন্তানগৰাকীয়ে সোমবাৰে অনন্তধামলৈ গতি কৰে ৷ সুযোগ্য অসম সন্তানগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । ৰাজ্যিক মৰ্যাদাৰে মাধৱৰ শেষকৃত্য সম্পন্ন কৰিবলৈ ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে মুখ্য সচিবক‌ ।

ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত হোৱা গাফিলতিত ক্ষুব্ধ ডিমাছা ছাত্ৰ সন্থা

ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ নামত হোৱা নিম্নমানদণ্ডৰ কামক লৈ সৰৱ ডিমাছা ছাত্ৰ সন্থা ৷ সোমবাৰে 54 নং ৰাষ্ট্ৰীয় ঘাইপথৰ জাতিংগাৰ পৰা হাৰেংগাজাওলৈ পথটো পৰিদৰ্শন কৰি চৰকাৰ তথা ঠিকাদাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ডিমাছা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰমিত চেংয়ুঙয়ই ৷

বৰপেটাত পবিত্ৰ কাতি মহীয়া নাম আৰম্ভ

সত্ৰনগৰী বৰপেটাৰ সুন্দৰীদিয়া সত্ৰত দেওবাৰে কাতি মাহৰ প্ৰথম দিনটোত অনুষ্ঠিত হয় কাতিমহীয়া নাম-প্ৰসংগ ৷ সত্ৰখনৰ দক্ষিণহাটীৰ ৰাইজে এই নাম-প্ৰসংগত অংশগ্ৰহণ কৰে ৷

কঠিয়াতলীত বিদ্যুত বিভাগৰ কাৰ্যালয়ত উত্তেজনা

বিদ্যুত বিভাগৰ কৰ্মকাণ্ডত অতিষ্ঠ কঠিয়াতলীবাসী ৷ নগাঁৱৰ কঠিয়াতলীৰ বৈদ্যুতিক উপ-সংমণ্ডলৰ কাৰ্যালয়ত সংঘটিত হৈছে এনে ঘটনা ৷ অভিযোগ লাভ কৰাৰ পিছতো প্ৰায় 15 দিনে বিকল হৈ থকা এটা ট্ৰেন্সফ’ৰ্মাৰ মেৰামতি নকৰাত বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে কঠিয়াতলীবাসীয়ে ৷

যোৰহাটত শান্তনু পূজাৰী ফ্ৰেণ্ডচ ক্লাৱৰ ৰক্তদান কাৰ্যসূচী

প্ৰাক্তন জ্যেষ্ঠ সাংবাদিক তথা বিজেপিৰ জ্যেষ্ঠ নেতা শান্তনু পূজাৰীৰ জন্ম দিনৰ উপলক্ষে শান্তনু পূজাৰীৰ ফ্ৰেণ্ডছ ক্লাৱে অনুষ্ঠিত কৰা ৰক্তদান শিৱিৰত বহু লোকে ৰক্তদান কৰে ৷

সত্যৰঞ্জন বৰাক কেন্দ্ৰ কৰি উত্তপ্ত জাজৰি

বিতৰ্কিত তীব্ৰ হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ যেন চলিছে বেয়া দিন ! কিয়নো সততে বিতৰ্কিত মন্তব্যৰে সংবাদ মাধ্যমৰ চৰ্চাত থকা নেতাগৰাকীক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এটাৰ পিছত আনটো প্ৰতিবাদ ৷ দেওবাৰে কেইবাটাও ভিন্ন কাৰ্যসূচীৰে নগাঁৱত উপস্থিত হোৱা নেতাগৰাকীয়ে দুবাৰকৈ সন্মুখীন হয় ৰাইজৰ ৰোষৰ ৷ অৱশেষত আৰক্ষীৰ হস্তক্ষেপত ৰাইজৰ কবলৰ পৰা উদ্ধাৰ হয় সত্যৰঞ্জন বৰা ৷

উত্তেজনা অব্যাহত অসম-মিজোৰাম সীমান্তত

দেওবাৰে অসম-মিজোৰামৰ অশান্ত সীমান্তৱৰ্তী অঞ্চল পৰিদৰ্শন কৰে প্ৰাক্তন সাংসদ সুস্মিতা দেৱ আৰু প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদে ৷ সীমান্তৱৰ্তী অঞ্চলটোত এতিয়াও অব্যাহত আছে তীব্ৰ উত্তেজনা ৷

কোকৰাঝাৰত বিপিএফ নেতাৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ !

কোকৰাঝাৰত নিশা বিপিএফৰ নেতাৰ বাসগৃহত দুৰ্বৃত্তই আক্ৰমণ কৰে ৷ ইতিমধ্যে এই ঘটনাটোত দুটা সংগঠন জড়িত হৈ থকা বুলি অভিযোগ কৰে বিপিএফৰ নেতাজনে ৷

টীয়কত কংগ্ৰেছ,অগপ এৰি গেৰুৱা বসন পিন্ধিলে শতাধিক সদস্যই

যোৰহাট জিলা টীয়কত অনুষ্ঠিত BJP ৰ এখন সাংগঠনিক সভাত শতাধিক সদস্যই বিভিন্ন ৰাজনৈতিক দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.