ETV Bharat / state

CM Program: পশুখণ্ডলৈ বিশেষ পদক্ষেপ ৰাজ্য চৰকাৰৰ, আঞ্চলিক কৃত্ৰিম প্ৰজনন প্ৰশিক্ষণ প্ৰতিষ্ঠান মুকলি - veterinary department

পশুখণ্ডৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কৃষিমন্ত্ৰী অতুল বৰাৰ উপস্থিতিত বহুকেইটা প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয় ৷ ইয়াৰ ভিতৰত পশুপালন আৰু পশু চিকিৎসা বিভাগত 181 খন মোবাইল ভেটনেৰি ইউনিট মুকলি কৰে।

181 mobile veterinary units opened in veterinary department
ৰাজ্যৰ পশুখণ্ডলৈ বিশেষ পদক্ষেপ ৰাজ্য চৰকাৰৰ
author img

By

Published : Jun 13, 2023, 10:56 PM IST

ৰাজ্যৰ পশুখণ্ডলৈ বিশেষ পদক্ষেপ ৰাজ্য চৰকাৰৰ

গুৱাহাটী, 13 জুন : ৰাজ্যৰ পশুখণ্ডৰ আমোল পৰিৱৰ্তনৰ লক্ষ্যৰে মঙলবাৰে খানাপাৰাত আয়োজিত এক চৰকাৰী অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কৃষিমন্ত্ৰী অতুল বৰাই বহুকেইটা প্ৰকল্পৰ শুভাৰম্ভণি কৰে ।

অনুষ্ঠানটোত কৃত্ৰিম প্ৰজনন দক্ষতা বৃদ্ধিৰ বাবে আঞ্চলিক কৃত্ৰিম প্ৰজনন প্ৰশিক্ষণ প্ৰতিষ্ঠান মুকলি কৰা হয়। অসম পশুধন আৰু হাঁহ, কুকুৰা নিগমৰ অধীনত cold storage ও মুকলি কৰা হয়। অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী অতুল বৰা, মন্ত্ৰী নন্দিতা গাৰ্লোচা, সাংসদ কুইন ওজাৰ লগতে বহু কেইবাগৰাকী বিভাগীয় উচ্চপদস্থ বিষয়া।

অনুষ্ঠানত পশুখণ্ডৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰে কেইবাটাও প্ৰকল্পৰ। ইয়াৰ ভিতৰত পশুপালন আৰু পশু চিকিৎসা বিভাগত 181 খন মোবাইল ভেটনেৰি ইউনিট মুকলি কৰাৰ লগতে অধিক দুগ্ধ উৎপাদনৰ লক্ষ্যৰে গো-পালকৰ মাজত ছেক্স ছৰ্টেড ছিমেন বিতৰণ কৰে মুখ্যমন্ত্ৰীয়ে ।

উক্ত অনুষ্ঠানতে উপস্থিত থাকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ‘‘অসমৰ দৰে ৰাজ্যখনেও কণী কুকুৰাৰ বাবে বেলেগ ৰাজ্যৰ ওপৰত নিৰ্ভৰশীল হৈ থকাটো‌ দুৰ্ভাগ্যজনক। অসম চৰকাৰে ভাৰতৰ চৰকাৰৰ 90% সহায়েৰে 181 মোবাইল ভেটনেৰি ইউনিট মুকলি কৰা হৈছে। বৰ্তমানলৈকে 1.16 sexshorted semen ক্ৰয় কৰা হৈছে। এই sexshorted semenৰ জৰিয়তে ভৱিষ্যতে কেৱল চেউৰি গৰু জন্ম হ'ব। এই কৃত্ৰিম প্ৰজননৰ ফলত জন্ম হোৱা গৰুৰ গাখীৰৰ পৰিমাণ বৃদ্ধি হ'ব।’’

‘‘8 কোটি 86 লাখ টকাৰ ব্যয়েৰে প্ৰশিক্ষণ কেন্দ্ৰ প্ৰতিষ্ঠা কৰা‌ হৈছে। বহুমুখী শীতল ভৰাল 582.50 লাখ টকাৰ ব্যয়ৰ সাপেক্ষে নিৰ্মাণ কৰা হৈছে। এই শীতল ভঁৰালত মাংসজাতীয় সামগ্ৰীৰ লগতে অন্যান্য সামগ্ৰী ইয়াত সংৰক্ষিত কৰিব পাৰিব। গুজৰাটক বাদ দি যদি আমি অন্যান্য ৰাজ্যৰ বজাৰ ধৰিব খুজোঁ তেন্তে 40 লাখ লিটাৰ গাখীৰ উৎপাদন কৰিব লাগিব। অসমৰ বিভিন্ন ঠাইত milk processing unit সমুহ গঢ়িবলৈ আগবাঢ়িছোঁ।’’ বুলি হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ‘‘দুগ্ধ পালকসকলক প্ৰতিলিটাৰ গাখীৰত 5 টকাকৈ চৰকাৰী সাহায্য প্ৰদান কৰা হ'ব । মাছৰ ক্ষেত্ৰত যদিও আমি আত্মনিৰ্ভৰশীল হৈছোঁ। কিন্তু মাছে খোৱা‌ খাদ্যৰ কাৰণে কিন্তু পশ্চিমবংগৰ ওপৰত আমি নিৰ্ভৰশীল হৈ আছো। কিছুদিন পাছতেই মুখ্যমন্ত্ৰী স্ব-নিয়োজন আচনি গ্ৰহণ হ'ব, 2 লাখ নিবনুৱাক 2 লাখকৈ ধনৰাশি প্ৰদান কৰা হ'ব।’’

প্ৰকল্পসমূহ শুভাৰম্ভ কৰি কৃষিমন্ত্ৰী অতুল বৰাই কয় যে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আত্মনিৰ্ভৰশীল অসম গঢ়াৰ সপোন দেখা হৈছে। ৰাজ্যত বহু পশুধন আছে এই পশুধনক স্বাস্থ্যসেৱা যাতে দিব পৰা যায় তাক লৈ চেষ্টা কৰা হৈছে। আত্মনিৰ্ভৰশীল ভাৰতৰ ধাৰণাতে আত্মনিৰ্ভৰশীল অসম গঢ়াৰ কথা ভবা হৈছে। মুখ্যমন্ত্ৰী সবল প্ৰচেষ্টাত cold storage sexed shorted semenৰ দৰে প্ৰচেষ্টা হাতত লোৱা হৈছে।

কৃষিমন্ত্ৰী অতুল বৰাই কয় যে দুগ্ধ বৃদ্ধিৰ ক্ষেত্ৰতো বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ৰাজ্যত 6 টাকৈ Milk processing unit নিৰ্মাণৰ কাম হাতত লোৱা হৈছে। বাহিৰৰ পৰা ক্ৰয় কৰা 16 হাজাৰ sexed-shorted semen বিভিন্ন জিলালৈ পঠাই দিয়া হৈছে। ভেটেনেৰি বিভাগৰ তৰফৰ বছৰী 20 লাখ গাহৰিৰ উৎপাদন কৰাৰ পৰিকল্পনা কৰা হৈছে। KCC ৰ ওপৰতো বিশেষ ভূমিকা গ্ৰহণ কৰা হৈছে। সকলো উদ্যমী নতুন প্ৰজন্মৰ খেতিয়কক আগভাগ ল'বলৈ আহ্বান জনাই মন্ত্ৰী অতুল বৰাই।

লগতে পঢ়ক: Water supply pipe burst: জলবিস্ফোৰণৰ ত্ৰুটি বিচাৰি চৰকাৰ শৰণাপন্ন আই আই টি গুৱাহাটীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.