ETV Bharat / state

ৰাজ্যত বন্ধ হ’ল 1710 খন চৰকাৰী খণ্ডৰ বিদ্যালয়

author img

By

Published : Sep 3, 2022, 5:47 PM IST

শেহতীয়াকৈ একত্ৰীকৰণৰ যোগেদি বন্ধ হ'ল ৰাজ্যৰ ১৭১০ খন বিদ্যালয় । ২০ খন জিলাৰ ১৭১০ খন প্ৰাথমিক বিদ্যালয় বন্ধ কৰি সমীপৰ বিদ্যালয়ৰে সংলগ্ন কৰা হৈছে (1710 govt schools closed in Assam)।

1710 govt schools closed in Assam
ৰাজ্যত বন্ধ হ’ল 1710 খন চৰকাৰী খণ্ডৰ বিদ্যালয়

গুৱাহাটী,৩ ছেপ্টেম্বৰ: ৰাজ্যত অব্যাহত আছে বিদ্যালয় একত্ৰীকৰণৰ প্ৰক্ৰিয়া (Government schools will be closed in Assam)। বিভিন্ন দল-সংগঠনৰ প্ৰতিক্ৰিয়া-প্ৰতিবাদৰ পাছতো ৰাজ্যৰ শিক্ষা বিভাগে শিক্ষাৰ্থীৰ সংখ্যা কম থকা বিদ্যালয়সমূহ বন্ধ কৰি সমীপৰ আন বিদ্যালয়ৰে সংলগ্ন কৰাৰ প্ৰক্ৰিয়া অব্যাহত ৰখা হৈছে (School amalgamation in Assam) । শেহতীয়াকৈ একত্ৰীকৰণৰ যোগেদি বন্ধ হ'ল ৰাজ্যৰ ১৭১০ খন বিদ্যালয় । ২০ খন জিলাৰ ১৭১০ খন প্ৰাথমিক বিদ্যালয় বন্ধ কৰি সমীপৰ বিদ্যালয়ৰে সংলগ্ন কৰা হৈছে (1710 govt schools closed in Assam)।

ইয়াৰ ভিতৰত বৰপেটা জিলাত ৬২ খন, বঙাইগাঁৱত ৬৮ খন, কাছাৰত ১২৯ খন, দৰঙত ৬৪ খন বিদ্যালয়, ৮৫ খন বিদ্যালয়, ধুবুৰী জিলাত ৫৬ খন বিদ্যালয়, ডিব্ৰুগড়ত ৬০খন, গোৱালপাৰাত ৮৯ খন প্ৰাথমিক বিদ্যালয়, গোলাঘাটত ৪৫ খন, হাইলাকান্দিত ৫৯খন, যোৰহাটত ১৮২ খন বিদ্যালয় আৰু কামৰূপ মহানগৰ জিলাত ৯৪খন উচ্চ আৰু উচ্চ প্ৰাথমিক বিদ্যালয়, তিনিচুকীয়াত ৫০খন, শোণিতপুৰত ১০৫খন, শিৱসাগৰ জিলাত ১৩৬ খন, নলবাৰীত ১৩৪ খন, নগাঁও জিলাত ৯০খন, মৰিগাঁৱত ১৪৮ খন আৰু কৰিমগঞ্জত বন্ধ হয় ৪৯ খন বিদ্যালয়(Govt schools to close in Assam)।

শিক্ষামন্ত্ৰী ড‍াঃ ৰণোজ পেগুৱে ইতিমধ্যে সদৰী কৰিছে অনাগত দিনত ৰাজ্যত এই প্ৰক্ৰিয়া অব্যাহত থাকিব ৷ উল্লেখ্য যে মেট্ৰিক পৰীক্ষাত শূন্য ফলাফল আৰু কম ছাত্ৰ-ছাত্ৰী থকা শিক্ষানুষ্ঠান বন্ধ কৰাৰ সিদ্ধান্ত ইতিমধ্যেই চূড়ান্ত কৰি শিক্ষা বিভাগে এইক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিছে ৷ আনহাতে একত্ৰীকৰণৰ নামত শিক্ষা বিভাগে ৰাজ্যৰ একাংশ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানত চিৰদিনৰ বাবে তলা ওলোমাই দিছে । স্বাভাৱিকতেই শিক্ষা বিভাগৰ এনে হঠকাৰী সিদ্ধান্তক সহজভাৱে লোৱা নাই শিক্ষক-অভিভাৱকৰ লগতে সচেতন মহলে ।

পূৰ্বৰ চৰকাৰৰ কাৰ্যকালত ৰাজ্যৰ প্ৰাথমিকৰ পৰা উচ্চতৰ মাধ্যমিক পর্যায়ৰ প্ৰায় ৭ হাজাৰ শিক্ষানুষ্ঠান বন্ধ কৰি সমীপৱৰ্তী বিদ্যালয়ৰ সৈতে সংলগ্ন কৰি দিয়া হৈছিল ৷ এইবাৰ পুনৰ বৃহৎ সংখ্যক শিক্ষানুষ্ঠান বন্ধ কৰি একত্ৰীকৰণৰ পৰিকল্পনা কৰিছে শিক্ষা বিভাগে ৷ ইতিমধ্যে কামৰূপ মহানগৰ জিলাৰ ১৬খন নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয় বন্ধ কৰাৰ বাবে প্ৰাথমিক শিক্ষা বিভাগে নিৰ্দেশ জাৰি কৰিছে ৷

ইফালে মাধ্যমিক শিক্ষা সঞ্চালকালয়েও ২০২২ বৰ্ষৰ মেট্ৰিক পৰীক্ষাত শূন্য ফলাফল প্ৰদৰ্শন কৰা ১৫খন জিলাৰ ৩৪খন হাইস্কুল আৰু হাইমাদ্ৰাছা বন্ধ কৰাৰ আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিছে(Poor result school to close) ৷ মন কৰিবলগীয়া যে শিক্ষা বিভাগে বন্ধ কৰা নাইবা বন্ধ কৰিবলৈ লোৱা বিদ্যালয়সমূহ চৰকাৰী হ’লেও এই শিক্ষানুষ্ঠানসমূহ বহু আশা লৈ স্থানীয় লোকসকলে নিৰ্মাণ কৰিছিল ৷ এনে প্ৰতিখন বিদ্যালয়ৰ প্ৰতিষ্ঠাৰ আঁৰত অঞ্চলবাসীৰ আবেগ-অনুভূতি জড়িত হৈ আছে ।

তাৰ পাছতো চৰকাৰে আন্তঃগাঁথনি আৰু উন্নত শিক্ষা প্ৰদানত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে শিক্ষানুষ্ঠানসমূহক চিৰদিনলৈ বন্ধ কৰা কাৰ্যত ৰাজ্যজুৰি প্ৰতিক্ৰিয়া হৈছে । বিভিন্ন দল-সংগঠন তথা ব্যক্তি বিশেষে চৰকাৰৰ সিদ্ধান্তক পুনৰ বিবেচনা কৰাৰ দাবী জনাই আহিছে ৷

লগতে পঢ়ক: নোহোৱা হ’ব ৰাজ্যৰ আঢ়ৈ হাজাৰ চৰকাৰী খণ্ডৰ বিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.