ETV Bharat / state

পাঁচ দিনীয়াকৈ ষষ্ঠদশ আন্তঃৰাষ্ট্রীয় গুৱাহাটী চলচ্চিত্র মহোৎসৱ আৰম্ভ - ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেল অব ইণ্ডিয়া

আজিৰে আৰম্ভ হৈছে ষষ্ঠদশ আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱ । গুৱাহাটী চিনে ক্লাৱৰ উদ্যোগত অনুষ্ঠিত এই ষষ্ঠদশ আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱৰ উদ্বোধনী চলচ্চিত্র হিচাপে প্রদর্শিত হয় মৃদুল গুপ্তা পৰিচালিত 'মিৰবীন' ।

International Guwahati Film Festival
গুৱাহাটী চিনে ক্লাৱৰ উদ্যোগত চলচ্চিত্ৰ মহোৎসৱ
author img

By ETV Bharat Assamese Team

Published : Dec 6, 2023, 8:45 PM IST

গুৱাহাটী চিনে ক্লাৱৰ উদ্যোগত চলচ্চিত্ৰ মহোৎসৱ

গুৱাহাটী, ৬ নৱেম্বৰ: গুৱাহাটী চিনে ক্লাৱৰ উদ্যোগত ষষ্ঠদশ আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱ আজিৰে পৰা অহা ১০ ডিচেম্বৰলৈ পাঁচ দিনীয়াকৈ গুৱাহাটী জিলা পুথিভঁৰালত আৰম্ভ হৈছে । উদ্বোধনী চলচ্চিত্র হিচাপে প্রদর্শিত কৰা হয় মৃদুল গুপ্তা পৰিচালিত কাৰ্বি ভাষাৰ 'মিৰবীন' ছবিখন । 'মিৰবীন' ছবিখনে ইতিমধ্যে গোৱাত সদ্য সমাপ্ত ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেল অব ইণ্ডিয়া (IFFI)ত ইণ্ডিয়ান পেনোৰামা শাখাত প্রদর্শিত হৈ দর্শকৰ ভূয়সী প্রশংসা লাভ কৰিবলৈ সক্ষম হৈছে ।

৫ দিনীয়াকৈ অনুষ্ঠিত হ'ব লগীয়া এই আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱত দেশ -বিদেশৰ ১৭ খন ছবি প্ৰদৰ্শন কৰা হ'ব । জাৰ্মানী, ফ্ৰান্স, শ্ৰীলংকা, ইজিপ্ত,পৰ্টুগাল,বাংলাদেশ, বাংলা, অসমীয়া চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ'ব এই মহোৎসৱত । উক্ত চলচ্চিত্ৰ মহোৎসৱত অসমৰ বিশিষ্ট চলচ্চিত্ৰ পৰিচালক ব্ৰজেন বৰুৱাই পৰিচালনা কৰা ছবি "ললিতা" ৰ ৫০ বছৰ উপলক্ষে প্ৰদৰ্শন কৰা হ'ব । তদুপৰি পৰিচালক প্ৰাঞ্জল শইকীয়াই পৰিচালনা কৰা অসমীয়া ছবি "অকমান" প্ৰদৰ্শন কৰা হ'ব ।

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বাংলাদেশ সহকাৰী উচ্চযুক্ত ৰাহুল আমিন, চলচিত্ৰ নিৰ্মাতা সান্তনা বৰদলৈ, মৃদুল গুপ্তা ,চিনে ক্লাৱৰ সভাপতি এ কে আৱচাৰ হাজৰিকা, সম্পাদক মধুৰীমা বৰুৱাসহ চিনে ক্লাৱৰ সদস্য সকলৰ লগতে সাংস্কৃতিক জগতৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি ।

উল্লেখ্য যে চিৰসেউজ অভিনেতা দেৱ আনন্দৰ জন্ম শতবর্ষ উপলক্ষে প্ৰদৰ্শন কৰা হ’ব তেওঁ অভিনয় কৰা বহু প্ৰশংসিত ছবি 'গাইড'। এই চলচ্চিত্ৰ মহোৎসৱতে চুটি ছবিৰ প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে । প্ৰতিযোগিতা শিতানত নিৰ্বাচিত হোৱা চুটি চলচ্চিত্ৰসমূহ ৬ ডিচেম্বৰত দিনৰ এক বজাৰ পৰা মহোৎসৱৰ স্থানতে প্ৰদর্শন কৰা হ’ব ।

লগতে পঢ়ক:গুৱাহাটী চিনে ক্লাবৰ ষষ্ঠদশ আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন

For All Latest Updates

TAGGED:

16th IGFF
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.