গুৱাহাটী,১৮ মাৰ্চ: বিধানসভা নিৰ্বাচনত বিজেপিৰ মনোনীত প্ৰাৰ্থী তথা দলীয় সিদ্ধান্তৰ বিৰুদ্ধে গৈ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই দল বিৰোধী কাৰ্যত লিপ্ত হোৱাৰ বাবে ১৫ গৰাকী সদস্যক বহিস্কাৰ কৰা হৈছে । দলীয় সংবিধানৰ ধাৰা ২৫ ৰ উপধাৰা ৯ অনুসৰি বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসে তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ দলৰ প্ৰাথমিক সদস্য পদৰ পৰা ছয় বছৰৰ বাবে বহিস্কাৰ কৰিছে ।
বহিস্কাৰ কৰাসকল হৈছে- শিলচৰৰ দিলীপ কুমাৰ পাল, নাওবৈচাৰ গজেন্দ্ৰ সিং, চাবুৱাৰ প্ৰিয়ংকা নেওগ, ডুমডুমাৰ লক্ষেশ্বৰ মৰাণ, ঢেকীয়াজুলিৰ তৰুণ চাহু, লক্ষীপুৰৰ থৈবা সিং, সোণাইৰ আশীষ হালদাৰ, হাইলাকান্দিৰ ক্ষীতিশ ৰঞ্জন পাল, কাটলিচেৰাৰ ৰাম কুমাৰ নুনিয়া, হাইলাকান্দিৰ মনোজ মোহন দেৱ, বৈঠালাংছ’ৰ সীমা ইংতিপি, বৰচলাৰ হেমন্ত অধিকাৰী, ডুমডুমাৰ দেৱজিৎ মৰাণ আৰু ৰাজেশ কিষাণ আৰু ডিফুৰ দিলীপ বে’ । উল্লেখ্য যে, বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক ডাঃ ৰাজদ্বীপ ৰায়ে আজি বিবৃতিযোগে এই কথা জনাইছে ।
লগতে পঢ়ক: তুংগত উঠিছে ৰাইজৰ দলৰ প্ৰাৰ্থী নজৰুল ইছলামৰ নিৰ্বাচনী প্ৰচাৰ