ETV Bharat / state

Assam Flood: বানৰ কবলত ৰাজ্যৰ ১৩ হাজাৰ হেক্টৰ কৃষি ভূমি; শাক-পাচলিৰ অভাৱনীয় দামবৃদ্ধি - farmland hit by floods

ভয়াৱহ বানত ৰবি শস্য, গ্রীষ্মকালীন শস্য, ধান খেতিকে ধৰি ৰাজ্যৰ কৃষি ভূমিৰ বিস্তৰ ক্ষতি সাধন । ক্ষতিগ্রস্ত হৈছে ৯০ হাজাৰৰো অধিক কৃষক পৰিয়াল । বিগত এসপ্তাহত শাক-পাচলিৰ মূল্য তিনিগুণলৈ বৃদ্ধি পাইছে । বানৰ গইনা লৈছে একাংশ সুবিধাবাদী তথা মধ্যভোগীয়ে । বজাৰত দামবৃদ্ধিয়ে জুই লগাইছে যদিও কাণসাৰ নাই বিয়াগোম খাদ্য আৰু অসামৰিক যোগান বিভাগৰ ।

Assam Flood
Assam Flood
author img

By

Published : Jun 24, 2023, 3:41 PM IST

গুৱাহাটী, ২৪ জুন: ৰাজ্যত এতিয়া নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ আকাশলংঘী দামবৃদ্ধি । বিশেষকৈ শাক-পাচলিৰ অভাৱনীয় দামবৃদ্ধিয়ে সাধাৰণ জনতাক মাধমাৰ শোধাইছে । বিগত এসপ্তাহত শাক-পাচলিৰ মূল্য তিনিগুণলৈ বৃদ্ধি পাইছে । অৱশ্যে ইয়াৰ মূলতে হৈছে ভয়াৱহ বানপানী ।

প্ৰথমটো বানত বিস্তৰ ক্ষতি সাধন হৈছে ৰাজ্যৰ কৃষি খণ্ডত । ৰবি শস্য, গ্রীষ্মকালীন শস্য, ধান খেতিকে ধৰি ৰাজ্যৰ প্ৰায় ১৩ হাজাৰ হেক্টৰ কৃষি ভূমি বানত ক্ষতিগ্ৰস্ত হৈছে । ইফালে ক্ষতিগ্ৰস্ত হৈছে প্ৰায় ৯০ হাজাৰ কৃষক পৰিয়াল ।

চৰকাৰী তথ্য মতে দৰং জিলাত সৰ্বাধিক ৫২৪৪ হেক্টৰ কৃষি ভূমি বানত ক্ষতিগ্ৰস্ত হৈছে । জিলাখনৰ ৩২৩ খন গাঁৱৰ ৩১,৭২৫ টা পৰিয়াল বানৰ কবলত পৰিছে । সেইদৰে ধুবুৰীৰ ১৯৮৪.১৮ হেক্টৰ, কোকৰাঝাৰৰ ৯১১.৫৪ হেক্টৰ, বাক্সাৰ ৮৬৬.৩৬ হেক্টৰ, বঙাইগাঁৱৰ ৫৪৪.৫০ হেক্টৰ, বিশ্বনাথৰ ১৯৬ হেক্টৰ, চিৰাঙৰ ১২০ হেক্টৰ, ডিব্ৰুগড়ৰ ১৮১ হেক্টৰ, হোজাইৰ ৩২৩ হেক্টৰ, নলবাৰীৰ ৪৬৪ হেক্টৰ, শোণিতপুৰৰ ৩৬৮ হেক্টৰ, ওদালগুৰিৰ ৫৬৮ হেক্টৰ, লখিমপুৰৰ ৩১৫ হেক্টৰ কৃষি ভূমি বানত ক্ষতিগ্ৰস্ত হৈছে ।

তদুপৰি আন কেইবাখনো জিলাত কম-বেছি পৰিমাণে কৃষি ভূমি বানৰ কবলত পৰিছে । যাৰ ফলত বিস্তৰ ক্ষতিৰ সন্মুখীন হৈছে কৃষকসকল । কৃষি বিভাগে জনোৱা মতে ১০৮৩.৮০ হেক্টৰ ভূমিৰ গ্ৰীষ্মকালীন আগতীয়া আহু আৰু বড়ো ধানৰ খেতি বানৰ কবলত পৰিছে ।

সেইদৰে ৭১.৫০ হেক্টৰ ভূমিৰ নিয়মীয়া আহু ধানৰ খেতি, ৪৩১৪ হেক্টৰ ভূমিৰ বাও-শালি ধানৰ লগতে শালি ধানৰ বীজ বানে ক্ষতিগ্ৰস্ত কৰিছে । তদুপৰি ৩৬২ হেক্টৰ ভূমিৰ গ্ৰীষ্মকালীন মাকৈ খেতি, ২৬ হেক্টৰ ভূমিৰ ৰবি শস্যকালৰ মাকৈ খেতি, ১৬৪ হেক্টৰ ভূমিৰ তৈল বীজ বানত ক্ষতিগ্ৰস্ত হৈছে । ইফালে ৪৩৫.৭৫ হেক্টৰ ভূমিৰ গ্ৰীষ্মকালীন মাহজাতীয় শস্যৰ খেতিৰো বানে ক্ষতিসাধন কৰে ।

তথ্য অনুসৰি ২২৯৫ হেক্টৰ ভূমিৰ মৰাপাট, ১৪১.২০ হেক্টৰ ভূমিৰ কুঁহিয়াৰ, ২২৮ হেক্টৰ ভূমিৰ ৰবি শস্যৰ পাচলি, ২১৭৮ হেক্টৰ ভূমিৰ খাৰিফ শস্যৰ পাচলি, ৪৪.৬০ হেক্টৰ ভূমিৰ মছলাজাতীয় শস্যৰ খেতি বানত ক্ষতিগ্ৰস্ত হৈছে । ইয়াৰ সমান্তৰালকৈ ৬১.২০ হেক্টৰ ভূমিৰ ফল-মূল জাতীয় শস্যৰ খেতিৰো ক্ষতি সাধন হৈছে ।

আনহাতে বানত বাক্সাৰ ৯১০৫ টা, বিশ্বনাথৰ ৩২৩৬ টা, বঙাইগাঁৱৰ ৫৩২১ টা, চিৰাঙৰ ১২০ টা, দৰঙৰ ৩১,৭২৫ টা, ধেমাজিৰ ৫৮ টা, ধুবুৰীৰ ৯০৮৮ টা, ডিব্ৰুগড়ৰ ১৪৩৯ টা, গোলাঘাটৰ ৪৩১ টা, হোজাইৰ ৫০৪ টা,কামৰূপৰ ৬৭ টা, কোকৰাঝাৰৰ ৯২৭৭ টা, লখিমপুৰৰ ৩৫৫২ টা, মাজুলীৰ ১৩৬ টা, নগাঁৱৰ ৬২ টা, নলবাৰীৰ ৭৩৮৮ টা, শোণিতপুৰৰ ২৭৮২ টা আৰু ওদালগুৰিৰ ২১৩৫ টা কৃষক পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে ।

বানৰ কবলত পৰি ৰাজ্যৰ কৃষি খণ্ডৰ ব্যাপক ক্ষতি সাধন হোৱাৰ পৰিপ্ৰেক্ষিতত শাক-পাচলিৰ অভাৱনীয় দামবৃদ্ধি হৈছে । ইফালে বানৰ গইনা লৈ একাংশ সুবিধাবাদী তথা মধ্যভোগীয়ে সামগ্ৰীৰ দামবৃদ্ধি কৰা পৰিলক্ষিত হৈছে । বজাৰত দামবৃদ্ধিয়ে জুই লগাইছে যদিও বিয়াগোম খাদ্য আৰু অসামৰিক যোগান বিভাগ কুম্ভকৰ্ণৰ নিদ্ৰাত আছে ।

লগতে পঢ়ক: Flood Situation in Assam: বানৰ কৱলত প্ৰায় ৪.৮৯ লাখ লোক, মৃত্যুৰ সংখ্যা ২ জনলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.