ETV Bharat / state

আঠ দিনত গ্ৰন্থমেলাত আঢ়ৈ কোটিতকৈ অধিক টকাৰ গ্ৰন্থ বিক্ৰী অসম গ্ৰন্থমেলাত

author img

By ETV Bharat Assamese Team

Published : Jan 6, 2024, 6:54 PM IST

Assam Book Fair : বিগত  আঠ দিনত গ্ৰন্থমেলাত আঢ়ৈ কোটিতকৈ অধিক টকাৰ গ্ৰন্থ বিক্ৰীৰে অভিলেখ ৷ অত্যধিক হাৰত ষ্টলৰ ভাড়া বৃদ্ধিয়ে মাধমাৰ সোধাইছে পুথি বিক্ৰেতা সকলক ৷

Assam Book Fair
ষ্টলৰ ভাড়া বৃদ্ধিয়ে মাধমাৰ সোধাইছে পুথি বিক্ৰেতা সকলক
আঢ়ৈ কোটিতকৈ অধিক টকাৰ গ্ৰন্থ বিক্ৰী

গুৱাহাটী, 6 জানুৱাৰী : অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আয়োজন কৰিছে অসম গ্ৰন্থমেলা ৷ তৃতীয় বাৰৰ বাবে আয়োজন কৰা এই গ্ৰন্থমেলাত ব্যাপক জনসমাগম ঘটা পৰিলক্ষিত হৈছে ৷ 12 দিনীয়াকৈ আয়োজন কৰা এই গ্ৰন্থমেলাৰ আজি নৱম দিন ৷আজিৰ দিনটোত পুৱাৰে পৰা পঢ়ুৱৈৰ সমাগম ঘটিছে অসম গ্ৰন্থমেলাত ৷

বিগত আঠ দিনত গ্ৰন্থমেলাত আঢ়ৈ কোটিতকৈয়ো অধিক টকাৰ গ্ৰন্থ বিক্ৰী হৈছে বুলি জানিব পৰা গৈছে ৷ সমাদৰ লাভ কৰিছে ন- পুৰণি লেখক-লেখিকাৰ গ্ৰন্থই ৷ এইবাৰ সকলো শ্ৰেণীৰ গ্ৰন্থ পাঠকে আদৰি লৈছে বুলি উল্লেখ কৰিছে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই ৷ ইয়াৰ বিপৰীতে গ্ৰন্থমেলাৰ সামগ্ৰীক পৰিৱেশত ব্যাপক খেলি-মেলিৰ অভিযোগ উত্থাপন হৈছে ৷ অত্যাধিক হাৰত ষ্টলৰ ভাড়া বৃদ্ধিয়ে মাধমাৰ সোধাইছে পুথি বিক্ৰেতা সকলক ৷

পূৰ্বতকৈ 5 হাজাৰ টকা পৰ্যন্ত বৃদ্ধি পাইছে ষ্টলৰ ভাড়া ৷ প্ৰতিখন একক ষ্টলৰ বাবদ 20 হাজাৰ টকাকৈ ভাড়া লৈছে বুলি অভিযোগ উত্থাপন কৰিছে বিক্ৰেতা সকলে ৷ পূৰ্বতে একক ষ্টৰত 10 হাজাৰ টকা আছিল যদিও বিগত বৰ্ষত 15 হাজাৰ কৰাৰ পিছত এইবাৰ ভাড়াৰ পৰিমাণ 20 হাজাৰ কৰে উদ্যোক্তা সকলে ৷ যাৰ বাবে সমস্যাৰ সন্মুখীন হৈছে প্ৰকাশক তথা বিক্ৰেতাসকল ৷

একাংশ প্ৰকাশকে ক্ষোভ প্ৰকাশ কৰি কয় যে, গ্ৰন্থমেলাত ভিৰ হৈছে ৷ ইয়াৰে 50 শতাংশ ভিৰ খোৱা সামগ্ৰীৰ দোকানত হৈছে ৷ বহু মানুহ কিতিপ নিকিনাকৈ খালী হাতেৰেই উভতি গৈছে ৷ বহু মানুহে কিতাপ কিনা নাই ৷ কিতাপ কিনা মানুহৰ সংখ্যা বিগত বৰ্ষতকৈ কমিছে বুলি অভিযোগ কৰে বিক্ৰেতাই ৷

এগৰাকী বিক্ৰেতা তথা প্ৰকাশকে কয় যে, গ্ৰন্থমেলাৰ ঋণাত্মক বাৰ্তা এটা মানুহৰ মাজলৈ গৈছে ৷ এই ঋণাত্মক বাৰ্তাই গ্ৰন্থমেলাৰ আনন্দ নাইকীয়া কৰিছে ৷ প্ৰকাশক তথা বিক্ৰেতা সকলে কিছু সমস্যাৰ সন্মুখীন হৈছে ৷ ষ্টলৰ ভাড়া বৰ্ধিত পৰিমাণত দিব লগা হৈছে ৷ নিম্নমানৰ হৈছে ষ্টলবোৰ ৷ লগতে তেওঁ অসম গ্ৰন্থমেলাৰ ভৱিষ্যত বৰ বেছি সুৰক্ষিত নহয় বুলিও মন্তব্য কৰে ৷ তেওঁ কয় যে, চৰকাৰে বিহুৰ নামত 100 কোটি টকা খৰচ কৰিলে ৷ কিন্তু বৌদ্ধিক সংগ্ৰাম, বৌদ্ধিক চৰ্চা কৰাৰ বাবে গ্ৰন্থমেলাত চৰকাৰে কিয় অলপ পইচা খৰচ কৰিব নোৱাৰে ৷ ইয়াৰ বাবে চৰকাৰে আঁচনি ল'ব পাৰে ৷ তাকে নকৰি মেলা মুখিতাৰে যিমান ভাড়া বঢ়াইছে তাক প্ৰকাশক সকলে মানি ল'ব পৰা নাই বুলি কয় তেওঁ ৷

লগতে পঢ়ক : কেম্প ফায়াৰেৰে সামৰণি পৰিল চানডুবি মহোৎসৱৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.