ETV Bharat / state

ন্যায়ালয়ৰ নিষেধাজ্ঞা স্বত্বেও অনুষ্ঠিত হ'ল অগপৰ কেন্দ্ৰীয় সাধাৰণ অধিবেশন

বৃহস্পতিবাৰে আমবাৰীস্থিত অগপৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা হয় দলটোৰ একাদশ সংখ্যক কেন্দ্ৰীয় সাধাৰণ অধিবেশন ৷ সৰ্বসন্মতিক্ৰমে পুনৰবাৰ দলটোৰ সভাপতি আসনত অধিস্থিত হয় মন্ত্ৰী অতুল বৰা ৷ ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ পাচতো অনুষ্ঠিত হ’ল অগপৰ বৈঠকখন । কামৰূপ মহানগৰ চেচন আদালতে প্ৰদান কৰিছিল নিষেধাজ্ঞা ।

সাধাৰণ অধিবেশন
সাধাৰণ অধিবেশন
author img

By

Published : Aug 27, 2020, 12:45 PM IST

Updated : Aug 27, 2020, 3:13 PM IST

গুৱাহাটী, 27 আগষ্ট: বৃহস্পতিবাৰে আমবাৰীস্থিত অগপৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা হয় দলটোৰ একাদশ সংখ্যক কেন্দ্ৰীয় সাধাৰণ অধিবেশন ৷ সেই উপলক্ষে পুৱাৰে পৰা আমবাৰীৰ কাৰ্যালয়ত ভিৰ কৰিছেহি দলটোৰ নেতা, কৰ্মকৰ্তা সকলে ৷ কাৰ্যসূচী অনুসৰি পোনপ্ৰথমে দলটোৰ নেতা, কৰ্মকৰ্তা সকলে পতাকা উত্তোলন কৰি সতীৰ্থ সকলক সোঁৱৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ ইয়াৰ পাচতে আৰম্ভ হয় দলটোৰ মুকলি অধিবেশন ৷

অগপৰ একাদশ সংখ্যক কেন্দ্ৰীয় সাধাৰণ অধিবেশন

নিয়ম অনুসৰি আজিৰ অধিবেশনতে কেন্দ্ৰীয় সমিতি নতুনকৈ গঠন হ'ব লাগে যদিও, সভাপতি অতুল বৰা সমন্বিতে পূৰ্বৰ সমিতিখনেই নিৰ্বাচনলৈকে পুনৰ দায়িত্বত থাকিব ৷ লগতে পুনৰ আঞ্চিকতাবাদী দলটোৰ সভাপতি হিচাপে নিৰ্বাচিত হয় দলটোৰ জ্যেষ্ঠ নেতা অতুল বৰা ৷ সৰ্বসন্মতিক্ৰমে পুনৰবাৰ দলটোৰ সভাপতি আসনত অধিস্থিত হয় অতুল বৰা ৷ উল্লেখ্য যে, এই অধিবেশনলৈ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক আমন্ত্ৰণ নিদিয়াকলৈ সৃষ্টি হৈছিল কিছু বিতৰ্কৰ ৷ কিন্তু বুধবাৰে অধিবেশনত অংশগ্ৰহণ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক নিমন্ত্ৰণ দিয়া হৈছিল বুলি স্পষ্ট ভাষাৰে কয় দলটোৰ অন্যতম জ্যেষ্ঠ নেতা ডঃ কমলাকান্ত কলিতাৰ লগতে বৃন্দাবন গোস্বামীয়ে ৷

আনহাতে মহানগৰ জিলা সমিতিৰ পুৰণা কমিটিৰ তিনিজন নেতাই গুৱাহাটী চেচন আদালতত তৰিছিল গোচৰ । এই সাধাৰণ পৰিষদৰ বৈঠক অনুষ্ঠিত কৰিলে COVID প্ৰটোকল ভংগ হ’ব বুলি অভিযোগ আনিছিল তিনিও । কিন্তু এই নিষেধাজ্ঞা এতিয়ালৈকে তেওঁলোকৰ হাতত পৰা নাই, এয়া কেৱল সংবাদ মাধ্যমত প্ৰকাশিত নিষেধাজ্ঞা বুলিহে মন্তব্য কৰে অগপৰ উচ্চ স্তৰীয় নেতৃত্বই ।

লগতে পঢ়ক: NRC সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ৰ প্ৰতিক্ৰিয়া

Last Updated : Aug 27, 2020, 3:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.