কেৰালাত বিমান দুৰ্ঘটনাত 18 জন নিহত
শুকুৰবাৰে সন্ধিয়া 7 বাজি 40 মিনিটত কেৰালাৰ কাৰিপুৰ বিমান বন্দৰত এয়াৰ ইণ্ডিয়াৰ এখন বিমান দুৰ্ঘটনা সংঘটিত হয় ৷ দুৰ্ঘটনাৰ সময়ত বিমানখনত ষ্টা'ফৰ সৈতে 190 গৰাকী যাত্ৰী থকা বুলি জানিব পৰা গৈছে ৷ দুৰ্ঘটনাত 18 জন যাত্ৰী নিহত হোৱা বুলি জানিব পৰা গৈছে ৷
কেৰালা বিমান দুৰ্ঘটনা : প্ৰধানমন্ত্ৰী-ৰাষ্ট্ৰপতিৰ লগতে বিভিন্ন জনৰ শোক প্ৰকাশ
কেৰালাৰ কোঝিকোডেত সংঘটিত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৷ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ৱাদ্ৰা আৰু কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়েও বিমান দুৰ্ঘটনাত পতিত সকললৈ জনাইছে গভীৰ সমবেদনা ৷
ৰাষ্ট্ৰীয় স্বচ্ছতা কেন্দ্ৰ উদ্ধোধন কৰি 36 গৰাকী শিক্ষাৰ্থীৰ লগত বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোডীৰ
শনিবাৰে ৰাজঘাটৰ সমীপৱৰ্তী ৰাষ্ট্ৰীয় স্বচ্ছতা কেন্দ্ৰ উদ্ধোধন কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ জাতিৰ পিতা মহাত্মা গান্ধীক সমৰ্পিত কৰি উদ্ধোধন কৰিব এই স্বচ্ছতা কেন্দ্ৰ ৷ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি দেশৰ 36 গৰাকীৰ ছাত্ৰ-ছাত্ৰীৰ লগত বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷
কৰিমগঞ্জত তদন্তৰ নামত নিৰ্দোষী ব্যক্তিক হাৰাশাস্তি বন্ধ কৰাৰ দাবী
শিলচৰ মেডিকেল কলেজ হাস্পতালত সংকটজনক অৱস্থাত চিকিৎসাধীন থকা কিশোৰীৰ লগত প্ৰকৃততে কি হৈছিল ঘটনা সংঘটিত হোৱাৰ দহ দিনৰ পাছতো সেই ৰহস্য উদ্ঘাটন কৰাত নিলামবজাৰ আৰক্ষী ব্যৰ্থ হোৱাত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় লোকে ।
আমগুৰিত মানৱ শৃংখল কাৰ্যসূচী
শিৱসাগৰ জিলাৰ আমগুৰিৰ ঐতিহাসিক চিন্তামণি গড়ত 'কা' বাতিল আৰু অখিল গগৈৰ মুক্তি আৰু খিলঞ্জীয়া মুছলমানসকলৰ আৰ্থ সামাজিক উন্নয়নৰ দাবীৰে উজনি অসম মুছলিম কল্যাণ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী ৷
১ ছেপ্তেম্বৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত আৰম্ভ হ’ব নিয়মীয়া পাঠদান
চৰকাৰী সকলো নীতি নিৰ্দেশনাৰ মাজতে বিশ্ববিদ্যালয় খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই । ছেপ্টেম্বৰৰ ১ তাৰিখৰ পৰা হোষ্টেলসমূহ খোলাৰ লগতে ২২ ছেপ্টেম্বৰৰ পৰা স্নাতক শাখা আৰু ২৫ ছেপ্টেম্বৰৰ পৰা স্নাতকোত্তৰ পৰ্যায়ৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব ৷
পূৰ্ব লাডাখ পৰিদৰ্শন এয়াৰ চীফ হৰজিৎ সিং আৰোৰাৰ
যিকোনো পৰিস্থিতিৰ বাবে কামাণ্ডোক সাজু থাকিবলৈ নিৰ্দেশ বিমান বাহিনীৰ প্ৰধান এয়াৰ মাৰ্ছাল হৰজিৎ সিং আৰোৰা ৷ শুকুৰবাৰে পূৰ্ব লাডাখৰ নিয়ন্ত্ৰণ ৰেখাত উপস্থিত হৈ এই নিৰ্দেশ দিয়ে বায়ু প্ৰধান গৰাকীয়ে ৷
কণ্টেনমেণ্ট জ'নৰ আবাসীক অপমান বিজেপি পালি নেতাৰ
কণ্টেনমেণ্ট জ'নৰ লোকে খাদ্য সামগ্ৰী নোপোৱাক লৈ প্ৰতিবাদ । বিগত ১২ দিন ধৰি শিৱসাগৰ নগৰৰ ১২ নং ৱাৰ্ডৰ কণ্টেনমেণ্ট জ'নত থকা লোক সকলে নাই পোৱা কোনো খাদ্য সামগ্ৰী । সুবিধা নোপোৱাৰ উপৰিও এজন বিজেপি নেতাই সহায় আগবঢ়োৱাৰ সলনি কৰা অপমান কৰাৰ বিৰুদ্ধে সৰৱ হৈ উঠে এই সকল কণ্টেনমেণ্ট জ'নৰ লোক ।
ক’ভিড-19 আক্ৰান্ত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি বঙাইগাঁৱত উত্তেজনা
বঙাইগাঁৱত ক’ভিড-19 আক্ৰান্তৰ যুৱকৰ মৃত্যুক লৈ ৰহস্য ৷ ৰেপিড এন্টিজেন পৰীক্ষাত পজিটিভ পোৱাৰ পিচতো চিকিৎসাৰ ব্যৱস্থা নকৰাৰ অভিযোগ চিকিৎসকৰ বিৰুদ্ধে । অক্সিজেনৰ অভাৱত মৃত্যু হোৱা বুলি দাবী পৰিয়ালৰ ৷
লোক সংস্কৃতি সংৰক্ষণ আৰু প্ৰচাৰৰ দায়িত্ব বহন উত্তৰ পূব লোক সংস্কৃতি গৱেষণা কেন্দ্ৰৰ
কেৱল এয়াই নহয় গৱেষণা কেন্দ্ৰটোৱে প্ৰথমেই টাইফাকে আৰু চিংফৌৰ সমাজ আৰু সংস্কৃতিৰ ওপৰত লিখি উলিয়াইছে টাইফাকে আৰু চিংফৌ নামেৰে দুখন গ্ৰন্থ। পৰৱৰ্তী সময়ত অসমৰ বিভিন্ন লোকসংস্কৃতিৰ ওপৰত প্ৰকাশ কৰি উলিয়াইছে লোকসংস্কৃতি আলোচনী । লগতে ২০১৭ চনত লোকসংস্কৃতি নামৰ দ্বিভাষিক বছেৰেকীয়া পত্ৰিকা এখনো প্ৰকাশ কৰে । গৱেষণামূলক প্ৰবন্ধৰে সমৃদ্ধ বছেৰেকীয়া আলোচনীখনৰ সম্পাদনা কৰিছিল মুৰুলিধৰ দাস আৰু হেমন্ত শইকীয়াই। অসমৰ লোকসংস্কৃতিৰ ওপৰত এইখনেই প্ৰথম গৱেষণামূলক প্ৰবন্ধ বুলি দাবী কৰে সম্পাদকে ।