গুৱাহাটী, 25 আগষ্ট: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথি গৃহৰ চৌহদত সংবাদমেল সম্বোধন কৰে । দিনত গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ অতিথি গৃহৰ চৌহদত অনুষ্ঠিত কেবিনেট বৈঠকৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰে ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুবছৰীয়া কাৰ্যকালৰ ১০০ সংখ্যক এই কেবিনেট বৈঠক । ২০২১ চনৰ ১০ মে'ত হিমন্ত বিশ্ব শৰ্মাই অসমৰ ১৫ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি কয় যে আজিৰ কেবিনেট বৈঠকখন আটাইতকৈ দীঘলীয়া কেবিনেট বৈঠক আছিল ।
তেওঁ কয় যে ২০০১ চনৰ পৰা ২০২১ চনলৈ প্ৰায় ২০ বছৰত ২৬৪ খন কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল । তাৰ বিপৰীতে ২০২১ চনৰ পৰা এতিয়ালৈকে ২ বছৰ চাৰিমাহত ১০০ খন কেবিনেট বৈঠক হৈছে ।
মুখ্যমন্ত্ৰীয়ে সদৰী কৰি কয় যে যোৱা কেবিনেটবোৰত ১২৩৮ টা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । ইয়াৰে ১২১৭ টা সিদ্ধান্তৰ ৭০ শতাংশ আংশিকভাবে হ’লেও কাৰ্যকৰী কৰা হৈছে । তেওঁ জনায় কেবিনেটৰ এই প্ৰতিটো সিদ্ধান্ত ৰাজহুৱা কৰা হৈছে পূৰ্বতে সকলো সিদ্ধান্ত এনধৰণে ৰাজহুৱা কৰা হোৱা নাছিল।
আজি ১০০ সংখ্যক কেবিনেটত গ্ৰহণ কৰা প্ৰধান সিদ্ধান্তসমূহ হ'ল:
১) উৎপাদন আৰু উদ্যোগীকৰণৰ উন্নয়নৰ বাবে Assam Semi conductor policy গ্ৰহণ কৰা হয় ।
২) টেট পৰীক্ষাৰ নম্বৰ এতিয়াৰ পৰা হৈ পৰিব প্ৰাথমিক শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ।
৩) গুৱাহাটীত চি চি টি ভি স্থাপনৰ বাবে ২৩০ কোটি টকা অনুমোদন দিয়া হৈছে । চলিত বছৰত চি চি টি ভি স্থাপন কৰা হ'ব । ২৬০০ টা চি চি টি ভি কেমেৰা স্থাপন কৰা হ’ব ।
৪) ‘মোদী স্বচ্ছ জিলা’ পুৰস্কাৰ ঘোষণা । স্বচ্ছতাৰ ক্ষেত্ৰত উন্নত প্ৰদৰ্শন কৰা জিলাক ১০০ কোটি টকা পুৰস্কাৰ দিয়া হ'ব ।
৫) সংগীত মহাৰণৰ অনুমোদন দিয়া হয় ।
৬) বিধৱা পেঞ্চন ১২৫০ টকালৈ বৃদ্ধি কৰা হয় । ১ লাখ ৩৪ হাজাৰ বিধৱা মহিলা আছে ।
৭) ফৰেন্সিক বিশ্ববিদ্যালয়ৰ মাটিৰ অনুমোদন আদি সিদ্ধান্ত লোৱা হৈছে ।
৮) চাৰিখন নতুন জিলা গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । ২৪ টা মহকুমা আজি বিলুপ্তি কৰা হয় । ৮১ খন উপ জিলা গঠন কৰা হয় ।
লগতে পঢ়ক : Ripun Bora: বাতৰিকাকত-টেলিভিছন চালেই কেৱল বিজেপিৰ বিসম্বাদ দেখা পায় ৰিপুন বৰাই