গুৱাহাটী, ১৮ অক্টোবৰ: কম্পিউটাৰ পাঠ্যক্ৰমৰ ভূৱা নথি দাখিলৰ অভিযোগত চি আই ডি য়ে গ্ৰেপ্তাৰ কৰা ৮ গৰাকী প্ৰাৰ্থীক ধীৰেনপাৰাত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পাছতে মঙলবাৰে আদালতত হাজিৰ কৰাৰ বাবে লৈ যোৱা হয় । সেই সময়তে কম্পিউটাৰ পাঠ্যক্ৰমৰ ভূৱা নথি দাখিলৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা এজনে চিঞৰি চিঞৰি অসম পুলিচ জিন্দাবাদ ধ্বনি দি ক'লে, "আমি ভুল কৰা নাই" ।
কম্পিউটাৰ পাঠ্যক্ৰমৰ ভূৱা নথি দাখিলৰ অভিযোগত সোমবাৰে দিনযোৰা জেৰাৰ পিছত নিশা ৮ জনকৈ প্ৰাৰ্থীক গ্ৰেপ্তাৰ কৰা হয় । সোমবাৰে ২২ জন প্ৰাৰ্থীক চি আই ডিৰ কাৰ্যালয়লৈ তলব কৰিছিল । দিনযোৰা জেৰাৰ পিছত ৮ জনক গ্ৰেপ্তাৰ কৰি বাকী ১৪ জন প্ৰাৰ্থীক যবলৈ দিয়ে । এই ১৪ জন প্ৰাৰ্থীক ২০ অক্টোবৰত পুনৰ চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে ।
উল্লেখ্য যে যিসময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছিল গণি গণি এক লাখ নিবনুৱাক চাকৰিত নিযুক্তিৰ (One lakh jobs assurance) ৷ সেই সময়তে আকৌ বিতৰ্কৰ মাজত সোমাই পৰিছে নিযুক্তি প্ৰক্ৰিয়া ৷ সোমবাৰে আৰক্ষীৰ কনিষ্টবল পৰীক্ষাত ভুৱা নথি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল পৰীক্ষাৰ্থীসকলক । কম্পিউটাৰ পাঠ্যক্ৰমৰ ভূৱা নথি দাখিল কৰা আঠজন প্ৰাৰ্থী গ্ৰেপ্তাৰ (8 candidates arrested) হোৱা ঘটনাই সম্প্ৰতি চৰ্চা লাভ কৰিছে ৷
ইতিমধ্যে AB-UB ৰ পৰীক্ষাত উত্তীৰ্ণ ১০০ জন প্ৰাৰ্থীক CIDয়ে ৫/২২ নম্বৰ গোচৰত তদন্ত চলাই চমন জাৰি কৰিছে (100 selected candidates summoned by CID) ৷ CID ৰ কাৰ্যালয়লৈ তলব কৰা প্ৰাৰ্থীসকলৰ ভিতৰত ৫-৬ গৰাকীয়ে চাকৰি লাভ কৰি সম্প্ৰতি প্ৰশিক্ষণত ব্যস্ত ৷ বৰপেটা, বঙাইগাঁও, ধুবুৰী, নলবাৰী, নগাঁও, যোৰহাট, শিৱসাগৰত CID য়ে অভিযান চলাই ৬৬ জন প্ৰাৰ্থীৰ বিৰুদ্ধে তথ্য প্ৰমাণ পোৱা বুলিও জানিবলৈ দিয়ে ৷
ইয়াৰ ভিতৰত বৰপেটা আৰু হোজাই, লংকাত আটাইতকৈ বেছি ভুৱা চাৰ্টিফিকেট লোৱা প্ৰাৰ্থী আছে বুলি জানিব পৰা গৈছে ৷ উল্লেখযোগ্য যে, ৪১৪ জন প্ৰাৰ্থীৰ বিৰুদ্ধে আছিল কম্পিউটাৰ পাঠ্যক্ৰমৰ ভূৱা নথি দাখিলৰ অভিযোগ (Computer certificates of 414 candidates were fake) । এই প্ৰাৰ্থীসকলে কম্পিউটাৰৰ পাঠ্যক্ৰম গ্ৰহণ নকৰাকৈ উলিয়াইছিল ভুৱা চাৰ্টিফিকেট । এই বিষয় সন্দৰ্ভত চি আই ডিত ৫/২২ নম্বৰত এটি গোচৰ ৰুজু হৈছিল । বিগত ২০, ২৭ ফেব্ৰুৱাৰী আৰু ২৪ এপ্ৰিলত এই পৰীক্ষা অনুষ্ঠিত হৈছিল (Assam Police SI recruitment scam) ৷
লগতে পঢ়ক: Ras celebrated in Majuli: বিদ্যালয়ত উদযাপন শ্ৰীকৃষ্ণৰ ৰাসলীল