ETV Bharat / state

Youth died due to electric shock: বৰহোলাত বিদ্যুৎপৃষ্ট হৈ মৃত্যু এজন যুৱকৰ

author img

By

Published : Jul 23, 2022, 8:51 PM IST

যোৰহাটৰ বৰহোলাত সংঘটিত হয় এক কৰুণ ঘটনা (Tragic incident in Jorhat) ৷ মটৰ সংযোগ থকা টিউৱৱেলত বিদ্যুৎপৃষ্ট হৈ মৃত্যু হয় এজন যুৱকৰ ৷

youth-died-due-to-electric-shock-in-jorhat
বৰহোলাত বিদ্যুৎপৃষ্ট হৈ মৃত্যু এজন যুৱকৰ

যোৰহাট, 23 জুলাই: শুকুৰবাৰে যোৰহাটৰ বৰহোলাত সংঘটিত এক কৰুণ ঘটনা (Tragic incident in Jorhat) ৷ মটৰ সংযোগ থকা টিউৱৱেলত বিদ্যুৎপৃষ্ট হৈ মৃত্যু হয় এজন যুৱকৰ ৷ মৃত্যু হোৱা যুৱকজনৰ নাম বদন হাজদা বুলি জানিব পৰা গৈছে ৷

ঘটনা অনুসৰি, ১৮ বছৰীয়া বদন হাজদাই ক'লাপানীৰ বাসিন্দা যাদৱ গগৈৰ ঘৰত কাম কৰা ল'ৰা হিচাপে কৰ্মৰত আছিল ৷ শুকুৰবাৰে সন্ধিয়া বদন হাজদাই ঘৰত গা ধুবৰ বাবে পানীৰ মটৰৰ চুইছ অন কৰি দমকলটোত স্পৰ্শ কৰিছিল । তেতিয়াই বিদ্যুৎ পৰিবাহী হৈ থকা দমকলত লাগি থিতাতে মৃত্যু হয় বদনৰ (Youth died of electric shock at Barhola) ৷

ঘৰৰ মানুহে ৰাতি ভাত খাবৰ সময়ত বিচাৰ খোচাৰ কৰাৰ সময়তহে টিউৱৱেলৰ কাষত বদন হাজদাক পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে ৷ শনিবাৰে বদন হাজদাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ৷

লগতে পঢ়ক: ED Arrested Partha chatterjee: গ্ৰেপ্তাৰ হ'ল পশ্চিমবংগৰ মন্ত্ৰী পাৰ্থ চেৰ্টাজী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.