ETV Bharat / state

Youth commits suicide: আৰক্ষীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি আত্মহনন - GP Singh announces probe

যোৰহাটত চাঞ্চল্যকৰ ঘটনা । অসম আৰক্ষী জোৱানৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি আত্মহনন প্ৰতিভাশালী যুৱকৰ । মৃত্যুৰ পূৰ্বে ভিডিঅ'যোগে দি থৈ গ'ল ঘটনাৰ বিৱৰণী । ঘটনা সন্দৰ্ভত তদন্ত ঘোষণা DGP GP সিঙৰ ।

Youth commits suicide as he cannot tolerate police torture
আৰক্ষীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি আত্মহনন
author img

By ETV Bharat Assamese Team

Published : Oct 25, 2023, 7:23 PM IST

আৰক্ষীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি আত্মহনন

যোৰহাট,২৫ অক্টোবৰ: বিজয়া দশমীৰ দিনাই দেৰগাঁৱৰ নেঘেৰিটিঙত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । অসম আৰক্ষী জোৱানৰ এক কৰ্মকাণ্ডই এতিয়া লজ্জিত কৰিছে অসম আৰক্ষীক । অসম আৰক্ষী জোৱানৰ অত্যাচাৰ সহিব নোৱাৰি এজন প্ৰতিভাৱান যুৱকে গ্ৰহণ কৰিলে চৰম পন্থা । বিজয়া দশমীৰ দিনাই সংঘটিত হৈছিল এই ঘটনাৰ সুত্ৰপাত ।

মৃত্যুৰ পূৰ্বে যুৱকজনে নিজৰ ম'বাইলত সংৰক্ষিত কৰি থৈ গৈছিল বিজয়া দশৰ্মী দিনা সংঘটিত হোৱা ঘটনাৰ বিবৰণী । অৰ্থাৎ মৃত্যুৰ আগমূহুৰ্তত যুৱকজনে চ'ছিয়েল মিডিয়াত আপলোড কৰিছিল এক ভিডিঅ' । ভিডিঅ'টোত তেওঁ ওপৰত গাড়ী চালকৰ ৰূপত থকা আৰক্ষীয়ে কিদৰে সাধাৰণ কথাতেই ককৰ্থনা আৰু দুৰ্ব্যৱহাৰ কৰিছিল সকলো উল্লেখ কৰিছিল যুৱকজনে আৰু তাৰ পাছতেই যুৱকজনে আত্মহত্যা কৰা বুলি সন্দেহ কৰিছে ৰাইজে ।

অৱশেষত গেলাবিল নদীৰ কাষত এজোপা গছত চিপ লৈ থকা অৱস্থাত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে স্থানীয় লোকে । মৃত যুৱকজন দেৰগাঁৱৰ নেঘেৰিটিং দ'লমুখৰ অজয় দত্ত বুলি চিনাক্ত কৰা হৈছে । এই ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে । ইতিমধ্যে এই দুৰ্ভাগ্যজনক ঘটনাই সমগ্ৰ দেৰগাঁও চহৰত চাঞ্চল্য সৃষ্টি কৰিছে । অসম আৰক্ষীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংস্কাৰ আৰু সাধাৰণ লোকক দুৰ্ব্যৱহাৰ নকৰিবলৈ পৰামৰ্শ প্ৰদান কৰাৰ পাছতো মুখ্যমন্ত্ৰীৰ পৰামৰ্শ বা উপদেশ কেৰেপ নকৰি একাংশই এইদৰেই চলাই গৈছে নিজ ইচ্ছা মতে সকলো কাম-কাজ ।

ইতিমধ্যে আৰক্ষীয়ে যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত । ঘটনা সন্দৰ্ভত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান GP সিঙেও এক্সযোগে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া । চৰম সিদ্ধান্ত গ্ৰহণ কৰা অজয় দত্তৰ ঘটনাৰ এক উচিত তদন্ত ঘোষণা কৰিছে DGP জি পি সিঙে । GP সিঙে এক্সযোগে উল্লেখ কৰে যে,

"গোলাঘাট জিলাৰ দেৰগাও নিৱাসী তৰুণ শ্ৰী অজয় দত্তৰ আত্মহননৰ বাতৰিয়ে অসম আৰক্ষীক গভীৰভাৱে ব্যথিত কৰিছে ৷ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘটনাটো সন্দৰ্ভত তেখেতৰ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ৷ গোলাঘাটৰ আৰক্ষী অধীক্ষকক ঘটনাটোৰ বিষয়ে অনুসন্ধান আৰু উক্ত অবাঞ্চিত ঘটনাত জড়িতসকলক চিনাক্ত কৰি তেওঁলোকৰ ওপৰত আইনতঃ ব্যৱস্থা লবলৈ ইতিমধ্যেই নিৰ্দেশ দিয়া হৈছে ৷ শোক সন্তপ্ত পৰিয়ালক আমাৰ গভীৰ সমবেদনা জনোৱাৰ লগতে অসমৰ সমুহ ৰাইজকে আশ্বস্ত কৰিব বিচাৰো যে অসম আৰক্ষীক অধিক সংবেদনশীল আৰু মানবীয়ভাৱবোধৰ অধিকাৰী আৰক্ষী গোটলৈ পৰিবৰ্তন কৰাৰ বাবে আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব ৷"

লগতে পঢ়ক: Moving vehicle catches fire: ৰহাৰ ডিমৌত চলন্ত অৱস্থাতে জ্বলি উঠিল ব্ৰইলাৰ মুৰ্গী কঢ়িয়াই অনা বাহন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.