যোৰহাট,২ ছেপ্টেম্বৰ: এইখন অসমত নহয় কি ! কোনে কেতিয়া কি কৰে সেয়া ধৰিবই নোৱাৰি । কেতিয়াবা যদি কোনোবা গছৰ ওপৰত আন কেতিয়াবা আকৌ কোনোজন উঠে ম'বাইল টাৱাৰত । মাজে মাজে এনেবোৰ ঘটনাই আমোদ দি থাকে অসমবাসীক । এইবাৰৰ স্থান যোৰহাট । শনিবাৰে পুৱাতে যোৰহাটৰ উপকণ্ঠ টিলিকি আম অঞ্চলত লাগিল হুৱাদুৱা । সকলোৱে চাই ৰ'ল ওপৰলৈ ।
কিয়নো পুৱাতেই সুউচ্চ ম'বাইল টাৱাৰত উঠিল এজন যুৱক । ভাবিলেই শিহৰিত হোৱা দৃশ্যটো দেখা পাই সমগ্ৰ অঞ্চলত সৃষ্টি হয় এক হাহাকাৰময় পৰিস্থিতিৰ । জানিবপৰামতে, শনিবাৰে পুৱাতেই বিতোপন শৰ্মা নামৰ যুৱকজনে কাহিলী পুৱাতেই ঘৰৰ পৰা ওলাই আহি টিলিকি আম অঞ্চলৰ এটা ম'বাইল টাৱাৰত উঠি থাকে । পুৱাৰে পৰা ইজন সিজনকৈ মুখ বাগৰি খবৰ বিয়পি পৰাৰ পাছতেই উক্ত স্থানত ভালেসংখ্যক লোক গোট খাই ।
৩২ বছৰীয়া যুৱকজনে মানসিক ভাৰাসাম্য হেৰুৱাই ম’বাইল টাৱাৰ ওপৰত উঠি বিভিন্ন ভংগীমা প্ৰদৰ্শন কৰি উৎসুক জনতাক আমোদ প্ৰদান কৰে । হঠাৎ ম’বাইল টাৱাৰত উঠি যোৱা যুৱকজন তললৈ নামি নহা ফলত উপস্থিত ৰাইজ মাজত হাহাকাৰ সৃষ্টি হয় । ৰাইজৰ অশেষ বুজনিয়েও কাম নিদিয়াত উক্ত স্থানত উপস্থিত হোৱা লোকসকলে উপায়ন্তৰ হৈ যোৰহাট পুলিবৰ আৰক্ষীক খবৰ দিয়ে ।
লগে লগে ঘটনাস্থলীত SDRFসহ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় । আৰক্ষী তথা SDRF বাহিনী উপস্থিত হৈ যুৱকজনক নামি আহিবলৈ বুজনি দিয়ে যদিও যুৱকজনে কোনো কথাতে গুৰুত্ব দিয়া নাছিল । কেইবাঘন্টা বিৰতি পিছত SDRF বাহিনী আৰু প্ৰশাসন, স্থানীয় ৰাইজৰ অশেষ চেষ্টা ফলত অৱশেষত যুৱকজনক ম’বাইল টাৱাৰ ওপৰ পৰা তললৈ নমাই আনিবলৈ সক্ষম হয় ।
যুৱকজনৰ এনে কৰ্মকাণ্ডই সকলো স্তম্ভিত কৰি তোলে । ইতিমধ্যে কিছু মানসিক ৰোগত ভোগা বুলি সন্দেহ কৰা ৩২ বছৰীয়া বিতোপন শৰ্মাক যোৰহাট চিকিৎসা মহাবিদ্যালয় ও হস্পিতালত ভৰ্তি কৰোৱা হয় । পিছে কি কাৰণত যুৱকজনে এনে কাণ্ড সংঘটিত কৰিলে সেয়া বৰ্তমানেও জানিবপৰা নাই ।
লগতে পঢ়ক: Silsako Eviction : শিলসাঁকোত দ্বিতীয় দিনাও চলিল প্ৰশাসনৰ বুলড’জাৰ