ETV Bharat / state

Assam journalist died in Singapore : ছিংগাপুৰত কৰ্মৰত অসমীয়া যুৱ সাংবাদিকৰ আকস্মিক মৃত্যু - Young Assamese journalist died in Singapore

আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান ব্লুমবাৰ্গৰ ছিংগাপুৰত কৰ্মৰত 38 বছৰীয়া যুৱ সাংবাদিক অনুৰাগ কটকীৰ আকস্মিক বিয়োগ ৷ শনিবাৰে দুপৰীয়া সাংবাদিক গৰাকীয়ে ছিংগাপুৰস্থিত বাসভৱনত গা ধুই থকা অৱস্থাতে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ আকস্মিক মৃত্যুক সাৱটি লয় বুলি পৰিয়ালে লোকে জনানিবলৈ দিয়ে ৷ যোৰহাটৰ বঙাল পুখুৰীৰ প্ৰগতি নগৰত ঘৰ প্ৰয়াত সাংবাদিক গৰাকীৰ (Young Assamese journalist died in Singapore) ৷

Young Assamese journalist died in Singapore
অসমীয়া যুৱ সাংবাদিকৰ আকস্মিক মৃত্যু
author img

By

Published : May 20, 2023, 10:26 PM IST

যোৰহাট, 20 মে’: পুনৰ এজন প্ৰতিভাৱান সংবাদকৰ্মীক হেৰুৱালে অসমবাসীয়ে ৷ বহিঃৰাষ্ট্ৰত মৃত্যু হ’ল সাংবাদিক ৰূপে কৰ্মৰত থকা এজন অসমীয়া যুৱকৰ ৷ ছিংগাপুৰত মৃত্যু হ’ল যুৱ সাংবাদিক, যোৰহাটৰ অনুৰাগ কটকীৰ ( Assamese journalist working in Singapore dies) ৷

যোৰহাটৰ এগৰাকী সু-সন্তান তথা আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান ব্লুমবাৰ্গৰ ছিংগাপুৰত কৰ্মৰত 38 বছৰীয়া যুৱ সাংবাদিক অনুৰাগ কটকীৰ আকস্মিক বিয়োগে এতিয়া মৰ্মাহত কৰি তুলিছে সকলোকে ৷ শনিবাৰে দুপৰীয়া সাংবাদিকগৰাকীয়ে ছিংগাপুৰস্থিত বাসভৱনত গা ধুই থকা অৱস্থাতে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ আকস্মিক মৃত্যুক সাৱটি লয় বুলি পৰিয়ালে লোকে জনানিবলৈ দিয়ে (Young Assamese journalist died in Singapore) ৷

যোৰহাটৰ বঙাল পুখুৰীৰ প্ৰগতি নগৰত 1985 চনত জন্ম লাভ কৰা অনুৰাগ কটকীয়ে স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিল যোৰহাটৰ জোনাকী সংঘ বিদ্যালয়ত ৷ যোৰহাটৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান জগন্নাথ বৰুৱা মহাবিদ্যালয়ত গ্ৰহণ কৰিছিল উচ্চতৰ মাধ্যমিকৰ শিক্ষা, আৰু ক্ৰমাগত ভাবে উচ্চ শিক্ষা গ্ৰহণ কৰিছিল দিল্লীত ৷ IMC ৰ অধীনত সাংবাদিকতাৰ পাঠ্যক্ৰম সামৰি যোগদান কৰিছিল ৰয়টাৰৰ দৰে আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিস্থানত ৷

পাঁচ বছৰতকৈ অধিক সময় ৰয়টাৰত সাংবাদিকতা কৰাৰ পিচত বৰ্তমান যুৱকজন কৰ্মৰত আছিল ব্লুমবাৰ্গ নামৰ সংবাদ প্ৰতিস্থানত ৷ মৃত্যুৰ সময়ত সাংবাদিকগৰাকীয়ে এৰি থৈ গৈছে পিতৃ, মাতৃ, পত্নী আৰু এটি 9 মহীয়া সন্তানক ৷ উল্লেখ্য যে, অনুৰাগ কটকীৰ পিতৃ টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া আৰু মাতৃ বিনাপানী দেৱী জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা ৷

অতি মেধা সম্পন্ন অমায়িক স্বভাৱৰ অনুৰাগ এজন ভাল তাৰ্কিক আৰু কুইজাৰ্চ হিচাপে যোৰহাট জিলাখনত সুপৰিচিত আছিল ৷ মেধা সম্পন্ন অনুৰাগ কটকীৰ মৃত্যুৰ খবৰে বৃহৎ বঙালপুখুৰীৰ লগতে সমগ্ৰ জিলাখনতেই শোকৰ ছাঁ পৰিছে ৷ কাইলৈ অথাৎ 21 মে’ দেওবাৰে বিশেষ বিমান যোগে ছিংগাপুৰৰ পৰা অনুৰাগৰ নশ্বৰ দেহ গৃহ জিলা যোৰহাট লৈ অনা হ'ব বুলি পৰিয়াল লোকে জানিবলৈ দিছে ৷

লগতে পঢ়ক: Democratic Civil Protection Forum: গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ ত্ৰয়োদশ বাৰ্ষিক পূৰ্ণাংগ অধিৱেশনৰ প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.