ETV Bharat / state

Wild elephant terror: বানে ধোৱা জাঁজীমুখত বন্যহস্তীৰ ত্ৰাস

author img

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 2:25 PM IST

বানৰ তাণ্ডৱৰ পাছত এইবাৰ জাঁজীমুখত বন্যহস্তীৰ তাণ্ডৱ । বিঘাই বিঘাই ধাননি পথাৰৰ অনিষ্ট সাধন বন্যহস্তীৰ । বন্যহস্তীৰ ত্ৰাসত বিনিদ্ৰ ৰজনী কটাইছে স্থানীয় ৰাইজে । অঞ্চলবাসীক সকাহ দিয়াত বন বিভাগ চুড়ান্ত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন ।

Wild elephant scare at Kaliabarat Teok
বানে ধোৱা জাঁজীমুখত বন্যহস্তীৰ ত্ৰাস
বানে ধোৱা জাঁজীমুখত বন্যহস্তীৰ ত্ৰাস

টীয়ক,২৮ অক্টোবৰ: কেতিয়াও যেন সমাধান নোহোৱা সমস্যালৈ ৰূপান্তৰ হৈছে হাতী-মানুহৰ সংঘাট । ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰায় প্ৰতিদিনেই অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে বানে গৰকা টীয়কৰ জাঁজীমুখতো এতিয়া নিশা হ'লে বন্যহস্তীৰ ত্ৰাসত ভুগিছে ৰাইজে ।

সন্ধিয়া হোৱাৰ লগে লগে দিনৰ ভাগত ব্ৰহ্মপুত্ৰৰ চাপৰিত অৱস্থান লৈ থকা ৬০/৭০ টা বন্যহস্তীৰ এটা জাকে খেতিৰ পথাৰত প্ৰৱেশ কৰি তচনচ কৰিছে কৃষকৰ সপোন । ভদীয়া বানকে ধৰি বাৰিষা দুই তিনিবাৰকৈ বাঢ়নী পানীয়ে নষ্ট কৰা ধান খেতি বহু কষ্টৰে কৰিছিল যদিও লহপহকৈ ঠন ধৰা ধাননি পথাৰত এতিয়া বন্যহস্তীৰ জাকে চলোৱা তাণ্ডৱত চুৰমাৰ হৈছে কৃষকৰ সপোন । লক্ষণীয় এই যে প্ৰতি বছৰে বানৰ তাণ্ডৱৰ পাছতে খেতি চপাবৰ সময়ত বন্যহস্তীৰ এটা জাকে বৃহত্তৰ জাঁজীমুখ অঞ্চলত প্ৰৱেশ কৰি সন্ত্ৰাস চলায় ।

নিশা নৈপৰীয়া জাঁজীমুখবাসীয়ে হাতীৰ ভয়ত উজাগৰি নিশা কটাব লগা হৈছে । বিপৰীতে বন্যহস্তীৰ তাণ্ডৱৰ পৰা অঞ্চলবাসীক সকাহ দিয়াত বন বিভাগ চুড়ান্ত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হৈছে । বন বিভাগৰ হাতত নাই ন্যূনতম সা-সুবিধা । শীঘ্ৰে বন্যহস্তীৰ জাকটো জাঁজীমুখ অঞ্চলৰ পৰা খেদাই পঠোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে নৈশ পহৰাত ব্যৱহাৰ কৰিব পৰাকৈ টচ লাইট, ফটকা আদি যোগান ধৰাৰ দাবী জনাইছে বন বিভাগক স্থানীয় ৰাইজে ।

ইপিনে বিদ্যুৎ বিভাগে উক্ত অঞ্চলৰ বিদ্যুতৰ বিল অনাদায় থকাৰ বাবে বিদ্যুৎ যোগান কাটি দিয়াৰ ফলত নিশা ৰাইজৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে । সেয়ে এই ক্ষেত্ৰতো বিদ্যুত বিভাগক উপযুক্ত ব্যৱস্থাৰে পুনৰ বিদ্যুৎ সংযোগ কৰি দিবলৈ ৰাইজে দাবী জনাইছে ।

লগতে পঢ়ক: Bamboo Bridge collapse : শীঘ্ৰে পকী দলং নিৰ্মাণ নকৰিলে ভোট বৰ্জনৰ হুংকাৰ চিলাপথাৰবাসী ৰাইজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.