ETV Bharat / state

Water pipe explosion: যোৰহাটত পানী যোগান আঁচনিৰ পাইপ ফাটি জলমগ্ন হ’ল 2নং বাৰ্ড

যোৰহাট নগৰত পানী যোগান আঁচনিৰ পাইপ ফাটি জলগ্ন হ’ল বাসগৃহ ৷ নগৰৰ 2 নং বাৰ্ডত হাহাকাৰ ভুক্তভোগী পৰিয়ালৰ ৷

author img

By

Published : Jun 12, 2023, 7:33 PM IST

Water pipe explosion in Jorhat
জলমগ্ন যোৰহাট
যোৰহাট নগৰত পানী যোগান আঁচনিৰ পাইপ ফাটি জলগ্ন হ’ল বাসগৃহ

যোৰহাট, 12 জুন: গুৱাহাটীৰ পাছত এইবাৰ যোৰহাট ৷ বাৰিষাৰ বান অথবা কৃত্ৰিম বানত নহয়; এইবাৰ যোৰহাট নগৰত পানী যোগান আঁচনিৰ পাইপ ফাটি জলগ্ন হ’ল বাসগৃহ ৷ পৌৰসভাৰ গাফিলতিৰ বাবেই এতিয়া নগৰৰ 2 নং বাৰ্ডত হাহাকাৰ ভুক্তভোগী পৰিয়ালৰ ৷

গুৱাহাটীৰ পিছত এইবাৰ যোৰহাটত নগৰ পানী যোগান আঁচনিৰ পাইপ ফাটি জলমগ্ন হ'ল যোৰহাট নগৰৰ 2 নং বাৰ্ডৰ কেইবাটাও বাসগৃহ ৷ ফলত হাহাকাৰ কৰিব লগীয়া হৈছে ভুক্তভোগী পৰিয়ালসমূহে ৷ পানী যোগান আঁচনিৰ পাইপ ফটাৰ ফলত এই বাসগৃহ সমূহত পানীৰে পৰিপূৰ্ণ হৈ পৰিছে ৷

এই বিষয় সন্দৰ্ভত বাৰে বাৰে 2 নং বাৰ্ডৰ পৌৰ সদস্য তথা যোৰহাট পৌৰসভাৰ উপ-পৌৰপতি দিলীপ দত্তক ফোন কৰাৰ পিছতো তেওঁ কোনো গুৰুত্ব নিদি ফোন কল সমূহ কাটি দিছে বুলি ভুক্তভোগী পৰিয়ালে অভিযোগ কৰিছে ৷ বাসগৃহ সমূহ জলমগ্ন হৈ পৰাত এতিয়া একাঁঠু পানীত ককবকাই থাকিবলগীয়া হৈছে যোৰহাট নগৰৰ মাজমজিয়াৰ কছাৰীপৰীয়া বাসীয়ে ৷

ইতিমধ্যে নগৰ পানী যোগান আঁচনিৰ দুজনমান কৰ্মচাৰী আহি পাইপ মেৰামতি কৰি আছে যদিও এতিয়াও সফল হ'ব পৰা নাই ৷ উল্লেখযোগ্য যে যোৰহাট নগৰত খোৱা পানী পৰিচালিত কৰিব বাবে যি সমূহ পানী সৰবৰাহ কৰা পাইপ ব্যৱহাৰ কৰিছে তাত বিসংগতি থকাৰ বাবেই এনে ঘটনা সংঘটিত হ'বলৈ পালে বুলি গুৰুতৰ অভিযোগ তুলিছে ৰাইজে ৷

হঠাৎ এইদৰে বাসগৃহ সমূহ জলমগ্ন হৈ পৰাৰ ফলত পৰিয়াল সমূহৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে বিভিন্ন বয়-বস্তু পানীত নষ্ট হয় ৷ যোৰহাট নগৰ পানী যোগান আঁচনিৰ বিষয়া-কৰ্মচাৰী আৰু যোৰহাট পৌৰসভাৰ বাবেই এতিয়া নৰক যান্ত্ৰণাৰ সন্মুখীন হ'ব লগীয়া হৈছে বুলি কছাৰীপৰীয়াবাসী ভুক্তভোগী পৰিয়াল সমূহে অভিযোগ কৰিছে ৷

উল্লেখযোগ্য যে, সোমবাৰে গুৱাহাটী মহানগৰীতো কমাৰ্চ-ৰাজগড় লিংক ৰোডত পুনৰ পাইপ বিস্ফোৰণ হৈ জলমগ্ন হ’ল বিস্তীৰ্ণ অঞ্চল ৷

লগতে পঢ়ক : water pipe explosion: কমাৰ্চ-ৰাজগড় লিংক ৰোডত পুনৰ পাইপ বিস্ফোৰণ, জলমগ্ন বিস্তীৰ্ণ অঞ্চল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.